পৰীক্ষাৰ অনিয়ম আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎক লৈ চলি থকা আন্দোলনক অধিক জোৰদাৰ কৰাৰ ঘোষণা কৰিছে ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই। মঙলবাৰে অনুষ্ঠিত এখন সংবাদমেলত তেওঁ জনায় যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰিলে অহা ২০ জুনত দিল্লীৰ যন্তৰ-মন্তৰত পুনৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হ‘ব।
অভিজিৎ দীপকেই কয় যে পূৰ্বে অনুষ্ঠিত আন্দোলনত দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-যুৱকসকলৰ পৰা ব্যাপক সঁহাৰি লাভ কৰা হৈছিল। সেই আন্দোলনক অধিক বিস্তৃত ৰূপ দিবলৈ এতিয়া দেশজুৰি নতুন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। প্ৰথমে পুনেত বৃহৎ গণআন্দোলন অনুষ্ঠিত হ‘ব আৰু তাৰ পিছত আন বহুতো নগৰতো একেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
তেওঁৰ মতে, এই বিষয় কেৱল এখন পৰীক্ষাৰ মাজতে সীমাবদ্ধ নহয়। ই দেশৰ কোটি কোটি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ আৰু শিক্ষা ব্যৱস্থাৰ বিশ্বাসযোগ্যতাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। সেইবাবেই আন্দোলনক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
সংবাদমেলত অভিজিৎ দীপকেই দেশৰ অভিভাৱকসকলকো এক আৱেগিক আহ্বান জনায়। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ মত প্ৰকাশ কৰাত বাধা দিয়া উচিত নহয়। তেওঁ উল্লেখ কৰে যে তেওঁৰ মাতৃয়েও তেওঁৰ সুৰক্ষাক লৈ চিন্তিত হৈ থাকে, তথাপিও অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ কোনোবাই আগবাঢ়ি আহিবই লাগিব।
তেওঁ কয় যে যেতিয়া এজন ব্যক্তিয়ে অকলে প্ৰতিবাদ কৰে, তেতিয়া তাক সহজে দমন কৰাৰ চেষ্টা কৰা হয়। কিন্তু লাখ লাখ ছাত্ৰ-ছাত্ৰী একেলগে মাত মাতিলে সেই কণ্ঠ ৰুদ্ধ কৰা সম্ভৱ নহয়। দেশৰ যুৱ প্ৰজন্মই নিজৰ অধিকাৰ আৰু ভৱিষ্যৎৰ স্বাৰ্থত আগবাঢ়ি আহিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।
আন্দোলনৰ বাবে কাৰাবাস ভোগ কৰিবলগীয়া হ‘লেও তেওঁ তাৰ বাবে সাজু বুলি স্পষ্টকৈ জনায় অভিজিৎ দীপকেই। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিৰ্ভয়ে নিজৰ কথা ক’বলৈ আহ্বান জনোৱাৰ লগতে অভিভাৱকসকলক সন্তানৰ কণ্ঠ দমন নকৰিবলৈ অনুৰোধ জনায়। আনহাতে, ভৱিষ্যতে বিদেশলৈ উভতি যোৱাৰ সম্ভাৱনাক নস্যাৎ কৰি তেওঁ স্পষ্টকৈ কয় যে এতিয়াৰ পৰা তেওঁ দেশতেই থাকিব আৰু জনসাধাৰণৰ স্বাৰ্থত সংগ্ৰাম অব্যাহত ৰাখিব।





