• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত এইবাৰ পোনে পোনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষ চাপিছে ককৰোচ জনতা পাৰ্টিৰ প্ৰধান অভিজিৎ দীপকে। তেওঁৰ মতে সমগ্ৰ দেশে বৰ্তমান শিক্ষাব্যৱস্থাত দায়বদ্ধতা বিচাৰিছে আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক বৰ্খাস্ত কৰিলেহে এই দায়বদ্ধতা গঢ়ি তোলাৰ কাম আৰম্ভ হ'ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2026 3:15 pm
154
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত এইবাৰ পোনে পোনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষ চাপিছে ককৰোচ জনতা পাৰ্টিৰ প্ৰধান অভিজিৎ দীপকে। তেওঁৰ মতে সমগ্ৰ দেশে বৰ্তমান শিক্ষাব্যৱস্থাত দায়বদ্ধতা বিচাৰিছে আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক বৰ্খাস্ত কৰিলেহে এই দায়বদ্ধতা গঢ়ি তোলাৰ কাম আৰম্ভ হ‘ব পাৰে।

জন্মলগ্নৰে পৰা শিক্ষাব্যৱস্থাৰ দুৰ্নীতি, প্ৰশ্নকাকত ফাদিল, পৰীক্ষাৰ অত্যধিক খৰচ আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতি দায়বদ্ধতাৰ অভাৱক লৈ ককৰোচ জনতা পাৰ্টিয়ে আন্দোলন কৰি আহিছে। নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছৰে পৰা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দলটো সৰৱ হৈ পৰিছে। এই দাবীৰে দিল্লীৰ যন্তৰ মন্তৰৰ লগতে দেশৰ আন আন প্ৰান্ততো অভিজিৎ দীপকেৰ নেতৃত্বত দলৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰা নাই আৰু প্ৰধানমন্ত্ৰীয়েও তেওঁক বৰ্খাস্ত কৰাৰ কথা ভবা নাই।

Apply Now

সেয়েহে উপায়ন্তৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি লিখিছে অভিজিতে। চিঠিত তেওঁ উল্লেখ কৰিছে যে আজি বৰ দুখেৰে এই চিঠি লিখিবলগীয়া হৈছে। দেশৰ ভৱিষ্যত প্ৰজন্মৰ মানসিক স্বাস্থ্যক লৈ চিন্তা কৰাৰ সময় এতিয়া আহি পৰিছে। অভিজিৎ দীপকেৰ দাবী অনুসৰি প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাক্ষেত্ৰৰ দুৰ্নীতিৰ বাবে যোৱা কেইদিনমানত এঘাৰ জন ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে। ইয়াৰ ভিতৰত যোৱা আঠচল্লিশ ঘণ্টাতেই পাঁচজনৰ মৃত্যু হৈছে। পুনৰবাৰ নিট পৰীক্ষা দিয়াৰ মানসিক চাপত ছাত্ৰ-ছাত্ৰীসকল চিন্তিত হৈ পৰিছে।

ল‘ৰা-ছোৱালীক পঢ়ুৱাবলৈ গৈ পিতৃ-মাতৃয়ে সৰ্বস্বান্ত হ’বলগীয়া হৈছে অথচ অব্যৱস্থাৰ বাবে সেই ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। চৰকাৰে এই পৰিয়ালবোৰক কমেও এক কোটি টকাকৈ ক্ষতিপূৰণ দিয়া উচিত বুলি তেওঁ দাবী জনাইছে। ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপকগৰাকীয়ে স্পষ্টকৈ কৈছে যে তেওঁলোকে প্ৰথমৰে পৰাই শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰি আহিছে। তেওঁলোকে কেৱল দায়বদ্ধতা বিচাৰে আৰু শিক্ষামন্ত্ৰীক পদচ্যুত কৰাটোৱেই হৈছে এই দিশত প্ৰথম পদক্ষেপ। সেয়েহে তেওঁলোকে প্ৰধানমন্ত্ৰীক শিক্ষামন্ত্ৰীগৰাকীক বৰ্খাস্ত কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd