• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পত্নীৰ সন্মতি অবিহনে ‘অস্বাভাৱিক যৌন সম্পৰ্ক’ কোনো অপৰাধ নহয়! ৰায় দিলে উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2025 12:35 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পত্নীগৰাকী যদি প্ৰাপ্তবয়স্ক হয় তেন্তে স্বামীয়ে তেওঁৰ সৈতে ‘অস্বাভাৱিক যৌন সম্পৰ্ক’ স্থাপন কৰিব বিচাৰিলে তাক অপৰাধ বুলি গণ্য কৰা নহ’ব। পত্নীৰ অনুমতিৰ অবিহনেও স্বামীয়ে পত্নীৰ সৈতে অস্বাভাৱিক বা স্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰিব পাৰিব।

শেহতীয়াকৈ এক গোচৰৰ শুনানিত এই ৰায় প্ৰদান কৰিছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে।

Apply Now

গোচৰ অনুসৰি, এগৰাকী ব্যক্তিয়ে তেওঁৰ পত্নীৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰিছিল। পত্নীৰ অনুমতি অবিহনে অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰাৰ ফলত তেওঁ চিকিৎসাধীন হ’বলগা হৈছিল আৰু চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।

চিকিৎসকৰ মতে মহিলাগৰাকী পেৰিট’নাইটিছ (পেটৰ ভিতৰৰ অংশৰ প্ৰদাহ) আৰু মলদ্বাৰত ছিদ্ৰ হোৱা ৰোগত আক্ৰান্ত আছিল। অস্বাভাৱিক যৌন সম্পৰ্কৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছিল।

মহিলাগৰাকীৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালে স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

স্বামীৰ বিৰুদ্ধে “অস্বাভাৱিক যৌন সম্পৰ্ক” আৰু “হত্যাৰ চেষ্টা”ৰ অভিযোগ উত্থাপন কৰা হয়। নিম্ন আদালতে তেওঁক দোষী সাব্যস্ত কৰে যদিও উচ্চ ন্যায়ালয়ে তেওঁৰ ‘অপৰাধ’ মানি লোৱা নাছিল। উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে।

উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ অনুসৰি, বৰ্তমান ভাৰতীয় আইনৰ অধীনত ‘বৈবাহিক ধৰ্ষণ’ অপৰাধ বুলি গণ্য কৰা নহয়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি ‘অস্বাভাৱিক যৌন সম্পৰ্ক’কো অপৰাধৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে।

এই গোচৰত আদালতে পৰ্যবেক্ষণ কৰে যে পত্নীৰ বয়স যদি ১৫ বছৰৰ ওপৰত হয়, তেন্তে তেওঁৰ সৈতে স্বামীৰ যিকোনো ধৰণৰ যৌন সম্পৰ্ক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি। ফলত পত্নীৰ সন্মতি অবিহনে স্বামীয়ে ‘অস্বাভাৱিক যৌন সম্পৰ্ক’ কৰিলেও ইয়াক অপৰাধ বুলি গণ্য কৰা নহ’ব।

ৰায়দানত লগতে কোৱা হৈছে যে স্বামী-স্ত্ৰীৰ মাজত যৌন সম্পৰ্কৰ অপৰাধ ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাত নপৰে, কিয়নো এই ধাৰা সংশোধনীৰ জৰিয়তে সংশোধন কৰা হৈছে। একে সময়তে ৩৭৫ আৰু ৩৭৭ নং অনুচ্ছেদৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। গতিকে এই ধাৰাসমূহৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নোৱাৰিব।

প্ৰসংগক্ৰমে ‘বৈবাহিক ধৰ্ষণ’ক অপৰাধ হিচাপে স্বীকৃতি দিব লাগে নে নাই সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰৰ শুনানি চলি আছে। অৱশ্যে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ অৱসৰৰ বাবে সেই শুনানি স্থগিত ৰখা হৈছে। নতুন বিচাৰপীঠ গঠন হ’লে এই বিষয়টোৰ পুনৰ শুনানি হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd