NORTHEAST NOW (Assamese)

পত্নীৰ সন্মতি অবিহনে ‘অস্বাভাৱিক যৌন সম্পৰ্ক’ কোনো অপৰাধ নহয়! ৰায় দিলে উচ্চ ন্যায়ালয়ে

February 12, 2025 12:35 pm · এন ই নাও নিউজ, গুৱাহাটী

পত্নীগৰাকী যদি প্ৰাপ্তবয়স্ক হয় তেন্তে স্বামীয়ে তেওঁৰ সৈতে ‘অস্বাভাৱিক যৌন সম্পৰ্ক’ স্থাপন কৰিব বিচাৰিলে তাক অপৰাধ বুলি গণ্য কৰা নহ’ব। পত্নীৰ অনুমতিৰ অবিহনেও স্বামীয়ে পত্নীৰ সৈতে অস্বাভাৱিক বা স্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰিব পাৰিব।

শেহতীয়াকৈ এক গোচৰৰ শুনানিত এই ৰায় প্ৰদান কৰিছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে।

গোচৰ অনুসৰি, এগৰাকী ব্যক্তিয়ে তেওঁৰ পত্নীৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰিছিল। পত্নীৰ অনুমতি অবিহনে অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰাৰ ফলত তেওঁ চিকিৎসাধীন হ’বলগা হৈছিল আৰু চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।

চিকিৎসকৰ মতে মহিলাগৰাকী পেৰিটনাইটিছ (পেটৰ ভিতৰৰ অংশৰ প্ৰদাহ) আৰু মলদ্বাৰত ছিদ্ৰ হোৱা ৰোগত আক্ৰান্ত আছিল। অস্বাভাৱিক যৌন সম্পৰ্কৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছিল।

মহিলাগৰাকীৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালে স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

স্বামীৰ বিৰুদ্ধে “অস্বাভাৱিক যৌন সম্পৰ্ক” আৰু “হত্যাৰ চেষ্টা”ৰ অভিযোগ উত্থাপন কৰা হয়। নিম্ন আদালতে তেওঁক দোষী সাব্যস্ত কৰে যদিও উচ্চ ন্যায়ালয়ে তেওঁৰ ‘অপৰাধ’ মানি লোৱা নাছিল। উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে।

উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ অনুসৰি, বৰ্তমান ভাৰতীয় আইনৰ অধীনত বৈবাহিক ধৰ্ষণ অপৰাধ বুলি গণ্য কৰা নহয়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি অস্বাভাৱিক যৌন সম্পৰ্ককো অপৰাধৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে।

এই গোচৰত আদালতে পৰ্যবেক্ষণ কৰে যে পত্নীৰ বয়স যদি ১৫ বছৰৰ ওপৰত হয়, তেন্তে তেওঁৰ সৈতে স্বামীৰ যিকোনো ধৰণৰ যৌন সম্পৰ্ক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি। ফলত পত্নীৰ সন্মতি অবিহনে স্বামীয়ে অস্বাভাৱিক যৌন সম্পৰ্ক কৰিলেও ইয়াক অপৰাধ বুলি গণ্য কৰা নহব।

ৰায়দানত লগতে কোৱা হৈছে যে স্বামী-স্ত্ৰীৰ মাজত যৌন সম্পৰ্কৰ অপৰাধ ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাত নপৰে, কিয়নো এই ধাৰা সংশোধনীৰ জৰিয়তে সংশোধন কৰা হৈছে। একে সময়তে ৩৭৫ আৰু ৩৭৭ নং অনুচ্ছেদৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। গতিকে এই ধাৰাসমূহৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নোৱাৰিব।

প্ৰসংগক্ৰমে বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে স্বীকৃতি দিব লাগে নে নাই সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰৰ শুনানি চলি আছে। অৱশ্যে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ অৱসৰৰ বাবে সেই শুনানি স্থগিত ৰখা হৈছে। নতুন বিচাৰপীঠ গঠন হলে এই বিষয়টো পুনৰ শুনানি হ’ব।

Related News