• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্মুখত লোকসভা নিৰ্বাচন : নৱ শৰনীয়াক ‘ধৰি অনা বান্দৰ’ আখ্যাৰে প্ৰত্যাহ্বান অবড়ো সুৰক্ষা সমিতিৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 31, 2018 7:14 pm
Naba Saraniya 123

কোকৰাঝাৰৰ সাংসদ নৱ শৰনীয়াৰ বিৰুদ্ধে মুখৰ অবড়ো সুৰক্ষা সমিতি। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত লোকসভা নিৰ্বাচন সাংসদ নৱ কুমাৰ শৰনীয়াৰ বাবে সুখদায়ক নহ’ব নেকি? এইবাৰ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নেকি যোৱাবাৰৰ নিৰ্বাচনত অসমৰ সৰ্বাধিক ভোট লাভ কৰা সাংসদজন? কাৰণ যোৱাবাৰৰ সমৰ্থক সকল এইবাৰ হৈ পৰিছে তেওঁৰ দুৰ্ঘোৰ বিৰোধী।

২০১৯’ৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াক এশিকনি দিয়াৰ বাবে সাজু হৈছে বি টি এ ডিৰ শক্তিশালী সংগঠন অবড়ো সুৰক্ষা সমিতিয়ে। কাৰণ, যোৱা পাঁচ বছৰত অবড়োৰ স্বাৰ্থত একো নকৰিলে সাংসদ নৱ কুমাৰ শৰনীয়াই!

Apply Now

সোমবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাই এই কথা প্ৰকাশ কৰিছে। কলিতাই সাংসদ নৱ কুমাৰ শৰনীয়াক ‘ধৰি অনা বান্দৰ’ বুলি অভিহিত কৰি তেওঁক ২০১৪’ত ‘ধৰি আনি’ সাংসদ পাতি দিয়াৰ পাছত অবড়ো সুৰক্ষা সমিতিৰ বিপক্ষে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি মন্তব্য কৰে।

কলিতাই কয়, ‘’নৱ কুমাৰ শৰনীয়াই বি পি এফ আৰু বিজেপিৰ ষড়যন্ত্ৰত ভৰি দি আমাৰ বিভাজন আনিবলৈ চেষ্টা কৰিছে। তেওঁ অবড়ো সকলৰ হৰ্তা কৰ্তা বিধাতা হ’বলৈ বিচাৰি আমাৰ আন্দোলনক নস্যাৎ কৰিবলৈ বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হৈছে।‘’

সাংসদ নৱ কুমাৰ শৰনীয়া আৰু তেওঁৰ লগত থকা সকলকো ৰাজনৈতিক মুনাফা লাভৰ বাবে অবড়ো সুৰক্ষা সমিতিৰ নাম ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়ে সংগঠনটোৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাই।

বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত অবড়ো সুৰক্ষা সমিতিয়ে কোকৰাঝাৰ সমষ্টিত নৱ কুমাৰ শৰনীয়ালৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। যাৰ বাবে বি পি এফৰ প্ৰাৰ্থীজনতকৈ এক বৃহৎ ৱ্যৱধানত শৰনীয়াই জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ সংগঠনটোৱে কোনো কাৰণতে নৱ শৰনীয়াক সমৰ্থন নিদিয়ে বুলি আজি সংবাদমেলত প্ৰকাশ কৰে।

আজিৰ সংবাদমেলত অবড়ো সুৰক্ষা সমিতিয়ে স্পষ্টকৈ নকলেও শৰনীয়াৰ বিকল্প অন্য প্ৰাৰ্থীক সমৰ্থন দিয়াৰ এক ইংগিত দিয়ে। যদি সেয়াই হয় তেনেহ’লে আগন্তুক লোকসভা নিৰ্বাচনত নৱ কুমাৰ শৰনীয়াই বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত।

সংগঠনটোৱে অভিযোগ কৰা অনুসৰি নৱ কুমাৰ শৰনীয়াই ভোটৰ স্বাৰ্থত অবড়ো সকলৰ সমস্যা জীয়াই ৰাখি আজীৱন সাংসদ হৈ থকাৰ সপোন দেখিছে। অবড়ো সুৰক্ষা সমিতিয়ে চলাই অহা আইনী যুঁজ আৰু আন্দোলনৰ ক্ষেত্ৰত সাংসদ নৱ শৰনীয়াই কোনো ধৰণৰ সহায় সহযোগ আগবঢ়োৱা নাই বুলিও সংগঠনটোৱে মন্তব্য কৰে।

ইপিনে, আজি অবড়ো সুৰক্ষা সমিতিয়ে বি টি এ ডিত থকা অবড়ো লোকৰ বসতিপ্ৰধান গাঁওসমুহ কৰ্তন কৰাৰ এক তথ্য সম্বলিত প্ৰতিবেদন আজি ৰাজ্যৰ মুখ্য সচিৱৰ ওচৰত দাখিল কৰে।

উল্লেখ্য যে বি চি এ ডিত অবড়ো লোকৰ ৰাজনৈতিক, অৰ্থনৈতিক, ভূমিৰ অধিকাৰ আদিৰ দাবীত অবড়ো সুৰক্ষা সমিতিয়ে বছৰ বছৰ ধৰি কৰি অহা আন্দোলন আৰু আইনী যুঁজৰ অন্তত যোৱা ৭ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে।

এই ৰায় অনুসৰি অহা পাঁচ জানুৱাৰিৰ ভিতৰত বি টি এ ডিৰ পৰা অবড়ো গাঁও কৰ্তনকে ধৰি বিভিন্ন ওজৰ আপত্তি সম্পৰ্কীয় প্ৰতিবেদন অসম চৰকাৰৰ মুখ্য সচিৱৰ ওচৰত দাখিল কৰাৰ নিৰ্দেশ দিয়ে। এই প্ৰতিবেদনৰ ভিত্তিত আগন্তুক ছমাহৰ ভিতৰত অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়ে।

আনহাতে, ইয়াৰ পূৰ্বেও বি চি এ ডিৰ পৰা অবড়ো বসতিপ্ৰধান গাঁও কৰ্তন কৰাৰ বাবে পূৰ্বৰ মুখ্য মন্ত্ৰী তৰুণ গগৈৰ দিনত ভৈয়াম জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণী কল্যাণ বিভাগৰ অধীনত এক ব্যৱস্থা হাতত লৈছিল যদিও বিভাগটোৰ তদানীন্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ টেবুলৰ পৰাই TAD/PTC/76/2013 নম্বৰৰ সেই ফাইল নাইকীয়া হৈ যোৱা বুলিও অবড়ো সুৰক্ষা সমিতিৰ সভাপতি সুৰজ জামাল সৰকাৰে সংবাদমেলত অভিযোগ উত্থাপন কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd