• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিশপ্ত ৩০ অক্টোবৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী এবছুৰ সভাপতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2023 9:24 pm
Ranjan Daimary
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য কঁপাই যোৱা ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত ধাৰাবাহিক বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰঞ্জন দৈমাৰীক মুক্তিৰ দাবী জনাইছে সদৌ বডো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে।

মঙলবাৰে (১০ জানুৱাৰী) নতুন দিল্লীত অনুষ্ঠিত হোৱা বডোলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ) চুক্তিৰ পৰ্যালোচনা বৈঠকত এবছুৰ মুৰব্বীগৰাকীয়ে এই দাবী উত্থাপন কৰা বুলি জানিব পৰা গৈছে।

Apply Now

ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীৰ লগতে এবছুৰ সভাপতি দিপেন বড়োৱে ২০২৪ চনৰ ভিতৰত বিটিআৰ চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে।

স্মৰ্তব্য যে, ২০০৮ চনৰ ৩০ অক্টোবৰত ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ লগতে কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাত বিদ্ৰোহী গোট এন ডি এফ বিৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বিস্ফোৰণত প্ৰায় ৮৮ গৰাকী লোক নিহত হোৱাৰ লগতে পাঁচ শতাধিক লোক আহত হৈছিল।

এই ভয়াৱহ বিস্ফোৰণৰ মূল অভিযুক্ত তথা এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰীক ইয়াৰ পূৰ্বে ২০১৯ চনত গুৱাহাটীৰ চিবিআইৰ এখন বিশেষ আদালতে ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছিল।

চিবিআই আদালতে ২০১৯ চনৰ ২৮ জানুৱাৰীত গোচৰটোৰ শুনানি গ্ৰহণ কৰি ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দৈমাৰীকে ধৰি আন ১৪ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰিছিল।

চিবিআইৰ বিশেষ আদালতে ৰঞ্জন দৈমাৰীৰ উপৰি আন ৯ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। তদুপৰি অভিযুক্ত আন ৪ গৰাকীক ৫ বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকাৰ জৰিমনা বিহা হৈছিল।

৫ বছৰ কাৰাদণ্ডৰ শাস্তিৰ সন্মুখীন হোৱা নীলিম দৈমাৰীয়ে অৱশ্যে কাৰাগাৰৰ ভিতৰত ৭ টা বছৰ ইতিপূৰ্বেই কটোৱাৰ বাবে তেওঁক কাৰাবাসৰ পৰা মুক্তি দিয়া হৈছিল।

যাৱজ্জীৱন কাৰাদণ্ড পোৱা অভিযুক্তসকল আছিল ক্ৰমে- (১) ৰঞ্জন দৈমাৰী, (২) জৰ্জ বড়ো, (৩) অজয় বসুমতাৰী, (৪) ৰাজেন্দ্ৰ গয়াৰী, (৫) আনচাই বড়ো, (৬) খৰ্গেশ্বৰ বসুমতাৰী, (৭) লখৰা বসুমতাৰী, (৮) ইন্দ্ৰ ব্ৰহ্ম, (৯) বৈশাগী বসুমতাৰী আৰু (১০) ৰাজু সৰকাৰ।

আনহাতে ৫ বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকা জৰিমনাৰ শাস্তি পোৱা ৪ গৰাকী ক্ৰমে- (১) জয়ন্তী ব্ৰহ্ম, (২) মথুৰাম ব্ৰহ্ম, (৩) প্ৰভাত বড়ো আৰু (৪) নীলিম দৈমাৰী।

যোৱা বৰ্ষৰ ছেপ্টেম্বত নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ (এনডিএফবি-আৰ) মুৰব্বী দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখযোগ্য যে এন ডি এফ বি সশস্ত্ৰ বিদ্ৰোহী গোটে সংঘটিত কৰা বিস্ফোৰণলানি ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত মুঠ ৮৮ জন লোক নিহত আৰু পাঁচ শতাধিক লোক আহত হৈছিল। ইয়াৰ নৃশংসতাই সমগ্ৰ ৰাজ্যৰ অন্তৰাত্মা কঁপাই গৈছিল।

গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ আৰু ফাঁচিবজাৰৰ লগতে বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰত একে সময়তে কেইবাটাও শক্তিশালী বোমা বিস্ফোৰিত কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd