DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অভিশপ্ত ৩০ অক্টোবৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী এবছুৰ সভাপতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2023 9:24 pm
Ranjan Daimary
118
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য কঁপাই যোৱা ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত ধাৰাবাহিক বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰঞ্জন দৈমাৰীক মুক্তিৰ দাবী জনাইছে সদৌ বডো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে।

মঙলবাৰে (১০ জানুৱাৰী) নতুন দিল্লীত অনুষ্ঠিত হোৱা বডোলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ) চুক্তিৰ পৰ্যালোচনা বৈঠকত এবছুৰ মুৰব্বীগৰাকীয়ে এই দাবী উত্থাপন কৰা বুলি জানিব পৰা গৈছে।

ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীৰ লগতে এবছুৰ সভাপতি দিপেন বড়োৱে ২০২৪ চনৰ ভিতৰত বিটিআৰ চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে।

স্মৰ্তব্য যে, ২০০৮ চনৰ ৩০ অক্টোবৰত ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ লগতে কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাত বিদ্ৰোহী গোট এন ডি এফ বিৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বিস্ফোৰণত প্ৰায় ৮৮ গৰাকী লোক নিহত হোৱাৰ লগতে পাঁচ শতাধিক লোক আহত হৈছিল।

এই ভয়াৱহ বিস্ফোৰণৰ মূল অভিযুক্ত তথা এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰীক ইয়াৰ পূৰ্বে ২০১৯ চনত গুৱাহাটীৰ চিবিআইৰ এখন বিশেষ আদালতে ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছিল।

চিবিআই আদালতে ২০১৯ চনৰ ২৮ জানুৱাৰীত গোচৰটোৰ শুনানি গ্ৰহণ কৰি ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দৈমাৰীকে ধৰি আন ১৪ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰিছিল।

চিবিআইৰ বিশেষ আদালতে ৰঞ্জন দৈমাৰীৰ উপৰি আন ৯ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। তদুপৰি অভিযুক্ত আন ৪ গৰাকীক ৫ বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকাৰ জৰিমনা বিহা হৈছিল।

৫ বছৰ কাৰাদণ্ডৰ শাস্তিৰ সন্মুখীন হোৱা নীলিম দৈমাৰীয়ে অৱশ্যে কাৰাগাৰৰ ভিতৰত ৭ টা বছৰ ইতিপূৰ্বেই কটোৱাৰ বাবে তেওঁক কাৰাবাসৰ পৰা মুক্তি দিয়া হৈছিল।

যাৱজ্জীৱন কাৰাদণ্ড পোৱা অভিযুক্তসকল আছিল ক্ৰমে- (১) ৰঞ্জন দৈমাৰী, (২) জৰ্জ বড়ো, (৩) অজয় বসুমতাৰী, (৪) ৰাজেন্দ্ৰ গয়াৰী, (৫) আনচাই বড়ো, (৬) খৰ্গেশ্বৰ বসুমতাৰী, (৭) লখৰা বসুমতাৰী, (৮) ইন্দ্ৰ ব্ৰহ্ম, (৯) বৈশাগী বসুমতাৰী আৰু (১০) ৰাজু সৰকাৰ।

আনহাতে ৫ বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকা জৰিমনাৰ শাস্তি পোৱা ৪ গৰাকী ক্ৰমে- (১) জয়ন্তী ব্ৰহ্ম, (২) মথুৰাম ব্ৰহ্ম, (৩) প্ৰভাত বড়ো আৰু (৪) নীলিম দৈমাৰী।

যোৱা বৰ্ষৰ ছেপ্টেম্বত নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ (এনডিএফবি-আৰ) মুৰব্বী দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখযোগ্য যে এন ডি এফ বি সশস্ত্ৰ বিদ্ৰোহী গোটে সংঘটিত কৰা বিস্ফোৰণলানি ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত মুঠ ৮৮ জন লোক নিহত আৰু পাঁচ শতাধিক লোক আহত হৈছিল। ইয়াৰ নৃশংসতাই সমগ্ৰ ৰাজ্যৰ অন্তৰাত্মা কঁপাই গৈছিল।

গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ আৰু ফাঁচিবজাৰৰ লগতে বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰত একে সময়তে কেইবাটাও শক্তিশালী বোমা বিস্ফোৰিত কৰা হৈছিল।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd