• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ডিভাইড আছাম ফিফটি-ফিফটি’ৰ দাবীত কোকৰাঝাৰত বিশাল প্ৰতিবাদী সমদল

ছয় জনগোষ্ঠীক জনজাতিৰকৰণ কৰাৰো বিৰোধিতা প্ৰতিবাদকাৰীৰ

Rinoy Basumatary ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , January 21, 2019 7:25 pm

2 min read

505
VIEWS
Share on FacebookShare on Twitter

অতি শীঘ্ৰে পৃথক বড়োলেণ্ড গঠন, বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা তথা কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত এবছু, এন ডি এফ বি(প্ৰ) আৰু পি জে চি বি এমৰ উদ্যোগত আজি কোকৰাঝাৰত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।

প্ৰায় ৩০ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰা এই সমদলটো কোকৰাঝাৰ সদৰ চহৰৰ নিকটৱৰ্তী জাংক্ৰিথাই পথাৰৰ পৰা আৰম্ভ হৈ সমগ্ৰ চহৰ পৰিভ্ৰমণ কৰি খাৰগাঁৱত অন্ত পৰে। এই কাৰ্যসূচীৰ পাছতে প্ৰতিবাদকাৰীসকলৰ উপস্থিতিত এখন জনসভা অনুষ্ঠিত হয়।

বড়োসকলৰ দীৰ্ঘদিনীয়া দাবী পৃথক বড়োলেণ্ডৰ সমস্যাটো সমাধান নকৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে এবছু সভাপতি প্ৰমোদ বড়োৱে। তেওঁ কয় যে পৃথক বড়োলেণ্ডৰ এই দাবী আজিৰ পৰা ৫০-৫২ বছৰ ধৰি চলি আহিছে। কিন্তু আমাৰ এই দাবী সমাধানৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে।

তেওঁ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ দিবলৈ ওলোৱা প্ৰসংগতো সৰৱ হৈ পৰা পৰিলক্ষিত হয়। এই প্ৰসংগত তেওঁ কয় যে পৃথক বড়োলেণ্ডৰ সমস্যাটো সমাধান কৰাৰ বিপৰীতে বিজেপি চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ ওলোৱা বিধেয়কখন অপ্ৰাসংগিক। যদিহে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হয় তেন্তে অসমৰ প্ৰকৃত জনজাতীয় লোকসকল সামাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিকভাৱে বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব।

উল্লেখ্য যে বি টি এ ডিৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদকাৰীসকলে আমাক বড়োলেণ্ড লাগে, বড়োলেণ্ড আমাৰ ন্যায্য দাবী, এই মাটি আমাৰ মাটি, কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক, ডিভাইড আছাম ফিফটি-ফিফটি, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, ছয় জনগোষ্ঠীক জনজাতিকৰণ নচলিব, অসম চৰকাৰ হুচিয়াৰ আদি শ্লোগানেৰে কোকৰাঝাৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd