NORTHEAST NOW (Assamese)

পাঠশালাত হিন্দু যুৱ ছাত্ৰ পৰিষদ আৰু এ বি ভি পিৰ উদ্যোগত বিজয় উৎসৱ পালন

February 27, 2019 7:27 am · শশাংক তালুকদাৰ
পাঠশালাত এ বি ভি পিৰ বিজয় উৎসৱৰ আলোকচিত্ৰ

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতি, অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদ বজালী সমিতি, হিন্দু জাগৰণ মঞ্চ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই মঙলবাৰে বৰপেটা জিলাৰ পাঠশালাত বিজয় উৎসৱ পালন কৰে।

ভাৰতীয় বায়ু সেনাবাহিনীয়ে পাকিস্তানৰ ভূমিত প্ৰবেশ কৰি তাত থকা সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত কৰা আক্ৰমণত  উৎফুল্লিতহৈ সংগঠনকেইটাই বিজয় উৎসৱ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ লগতে মোদী চৰকাৰক এই সাফল্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

বিজয় উৎসৱ কাৰ্য্যসূচীত উপস্থিত থাকে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতিৰ উপ-সভাপতি হেমন্ত তালুকদাৰ, সম্পাদক হিমাংশু কাকতি,  ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অনুপ কলিতা, হিন্দু জাগৰণ মঞ্চৰ হিমাংশু ডেকা।

শতাধিক স্থানীয় ৰাইজ আৰু দলীয় কৰ্মচাৰীৰ উপস্থিতিত বন্তি প্ৰজ্বলন কাৰ্য্যসূচীৰে অনুষ্ঠানটো আৰম্ভ হয়। বিজয় উৎসৱত অংশলৈ হিন্দুত্ববাদী সংগঠনকেইটাৰ সদস্য সকলে ভাৰত মাতা কি জয়, ভাৰতীয় সেনা জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ আৰু পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে আকাশ-বতাহ কপাঁই তোলে।

Related News