• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাট আদালতৰ নতুন সংযোজন : ভিডিও কনফাৰেন্সিঙ যোগে হাজিৰ কৰা হ’ব আচামী

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
July 4, 2019 9:58 pm
WhatsApp-Image-2019-06-13-at-6.35.36-PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিজিটেল ইণ্ডিয়া অভিযানে চতুৰ্থ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে গোলাঘাট জিলা আদালতত আধুনিক তথ্য-প্ৰযুক্তিৰ প্ৰয়োগেৰে আচামীক আদালতত হাজিৰ কৰোৱাৰ ক্ষেত্ৰত কিছু নতুনত্ব অনাৰ প্ৰচেষ্টা চলোৱা হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰৰে পৰা ন্যায়িক জিম্মাত থকা আচামীক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত শাৰীৰিকভাৱে হাজিৰ কৰোৱাৰ পৰিৱৰ্তে ভিডিও কনফাৰেন্সিঙযোগে কাৰাগাৰৰ ভিতৰৰ পৰাই সাক্ষাৎ কৰোৱাৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে।

Apply Now

অৱশ্যে, মুখ্য ন্যায়িক দণ্ডাধীশ কিৰণলাল বৈষ্ণৱে আৰম্ভ কৰা এই ব্যৱস্থাৰে পৰৱৰ্তী সময়ত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত, মহকুমা ন্যায়িক দণ্ডাধীশ(সদৰ)ৰ আদালত আৰু প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালততো আচামী হাজিৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।

মনকৰিবলগীয়া যে ন্যায়িক জিম্মাত থকা এজন  ব্যক্তিক আদালতত হাজিৰ কৰাৰ ক্ষেত্ৰত এক দীঘলীয়া প্ৰক্ৰিয়া আৰু কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লগা হয়।

আদালতৰ নিৰ্ধাৰিত তাৰিখত এজন আচামীক ৪/৫ কিলোমিটাৰ দূৰৰ কাৰাগাৰৰ পৰা  আদালতত হাজিৰ কৰিবলৈ অনাৰ লগে লগে সমগ্ৰ দিনতো ব্যক্তিজনক এটা সৰু দুৰ্গন্ধময় লকআপ ৰুমত ৰাখিব লগা হয়।

আনহাতে,কেতিয়াবা কাৰাগাৰ-আদালতৰ উক্ত পথছোৱাতে বহু অপৰাধীয়ে পলায়ন কৰি আৰক্ষীক বিপাঙত পেলায়। তদুপৰি, কৰ্মৰত প্ৰায় প্ৰতিদিনে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এনেদৰে দহ/পোন্ধৰজন আচামীক হাজিৰ কৰা হয় য’ত আদালতৰ এক দীঘলীয়া সময় ব্যয় হয়।

গতিকে, এনেধৰণৰ সমস্যাসমূহ দূৰ কৰি দ্রুত, নিৰাপদ পন্থাৰে আচামীক সাক্ষাৎ কৰাৰ বাবে আদালতে তথ্য-প্ৰযুক্তিৰ সহায় লোৱা বুলি জানিবলৈ দিছে। ই ক’ৰ্টছ ইন্টিগ্ৰেটেড মিশ্যন ম’ড প্ৰজেক্ট (ecourts integrated mission mode project)ৰ অধীনত উক্ত ভিডিও কনফাৰেন্সিঙৰ ব্যৱস্থা কৰা হৈছে বুলি গোলাঘাট জিলাৰ ছিষ্টেম অফিচাৰ যুগান্ত জাৰাধৰাই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ই-গভৰ্ণাঞ্চ প্ৰজেক্টৰ অধীনত দেশৰ প্ৰতিখন জিলাৰ জিলা আৰু নিম্ন আদালতসমূহত সৰ্বসাধাৰণ,অধিবক্তা আৰু ন্যায়িক বিষয়া-কৰ্মচাৰীসকলৰ সুবিধাৰ্থে এই ই ক’ৰ্টছ ব্যৱস্থা কৰা হৈছে।

এনে ব্যৱস্থাপনাৰ অধীনত গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপত উভয় পক্ষ উপকৃত হ’ব বুলি আশা কৰা হৈছে।

ঋতুপল্লৱ শইকীয়া

ঋতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm
বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

August 11, 2026 6:45 pm
মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

August 11, 2026 6:36 pm
“আমি আপোনালোকক ক্ষমতাৰ পৰা নমাই আনিম”: ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়াৰ পিছতে চৰকাৰলৈ প্ৰকাশ ৰাজৰ মুকলি প্ৰত্যাহ্বান

“আমি আপোনালোকক ক্ষমতাৰ পৰা নমাই আনিম”: ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়াৰ পিছতে চৰকাৰলৈ প্ৰকাশ ৰাজৰ মুকলি প্ৰত্যাহ্বান

August 11, 2026 6:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm
বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

August 11, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd