আচাৰ্য চাণক্যই শত্ৰু জয়ৰ বাবে এটা নিশ্চিত নীতি উল্লেখ কৰিছে। যিটো গ্ৰহণ কৰি শত্ৰুক উচিত শিক্ষা দিয়া সম্ভৱ।
চাণক্য নীতি:
নিজকে সুখী ৰখা
আচাৰ্য চাণক্যই কৈছে যে শত্ৰু যিমানেই শক্তিশালী নহওক কিয়, তেওঁ তেতিয়াহে সুখী হ’ব যেতিয়া তেওঁ দেখিব তেওঁৰ শত্ৰুৱে দুখ কষ্টত ভুগি আছে। গতিকে শত্ৰুক পৰাস্ত কৰিবলৈ তেওঁৰ সন্মুখত সুখী হৈ থকা উচিত।
এইটোৱে তেওঁৰ হৃদয়ত আঘাত দিব।
জীৱনত এনেকুৱা সময়ো আহে যেতিয়া কোনোবাই আমাক বিশ্বাসঘাতকতা কৰে। পিছপিনৰ পৰা ছুৰী মাৰে? তেতিয়াহ’লে তেওঁক শিক্ষা দিবলৈ আৰু প্ৰতিশোধ ল’বলৈ সদায় তেওঁৰ সন্মুখত নিজৰ সুখী ৰূপ দাঙি ধৰি ৰাখক। ইয়াত তেওঁ কষ্ট পাব আৰু সেইটোৱেই হ’ব তেওঁৰ শাস্তি।