NORTHEAST NOW (Assamese)

অডিচন দিবলৈ যোৱাৰ পথতেই দুৰ্ঘটনাত মৃত্যু ২২ বছৰীয়া অভিনেতা অমন জয়ছোৱালৰ

January 18, 2025 10:27 am · এন ই নাও নিউজ, গুৱাহাটী

মনোৰঞ্জন জগতত আকৌ দুঃসংবাদ। মাত্ৰ ২২ বছৰ বয়সতে প্ৰাণ হেৰুৱালে জনপ্ৰিয় টেলিভিছন অভিনেতা অমন জয়ছৱালে। এক পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু ঘটে। অমন টিভি ধাৰাবাহিক ‘ধৰতীপুত্ৰ নন্দিনী’ত অভিনয়ৰ বাবে পৰিচিত আছিল। জানিব পৰা মতে, অডিচন দিবলৈ যোৱাৰ পথতে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

‘ধৰতীপুত্ৰ নন্দিনী’ৰ লেখক ধীৰাজ মিশ্ৰই এই খবৰ নিশ্চিত কৰে। জানিব পৰা মতে, এই ঘটনা সংঘটিত হোৱাৰ সময়ত অমন অডিচন দিবলৈ গৈ আছিল। যোগেশ্বৰী ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। য’ত তেওঁৰ বাইকখনে এখন ট্ৰাকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। থিতাতে মৃত্যু হয় অভিনেতাজনৰ।

কাহিনীকাৰ ধীৰাজ মিশ্ৰই তেওঁৰ ছ’চিয়েল মিডিয়াত অমনক শ্ৰদ্ধাঞ্জলি জনাই লিখিছে, “তুমি চিৰদিন আমাৰ স্মৃতিত থাকিবা। আজি তোমাৰ মৃত্যুৱে মোক বুজাই দিলে যে ঈশ্বৰ কেতিয়াবা কিমান নিষ্ঠুৰ হ’ব পাৰে। বিদায়।”

উত্তৰ প্ৰদেশৰ বালিয়াৰ বাসিন্দা অমন জয়ছৱাল। তেওঁ ‘ধৰতীপুত্ৰ নন্দিনী’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। চনী টিভিৰ পুণ্যশ্ৰোকা অহল্যাবাই ধাৰাবাহিকত যশৱন্ত ৰাওৰ চৰিত্ৰতো অভিনয় কৰিছিল অমনে। ২০২১ চনৰ জানুৱাৰীৰ পৰা ২০২৩ চনৰ অক্টোবৰলৈকে প্ৰচাৰিত হৈছিল এই ধাৰাবাহিকখন।

অমনে মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ৰবি ডুবে আৰু সগুন মেহতাৰ ‘উদৰিয়া’ ছবিতো অভিনয় কৰিছিল।

Related News