• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ড্ৰাগছ ব্যৱসায়ত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ চলচ্চিত্ৰ অভিনেতা নিৰেন শৰ্মা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 27, 2019 5:53 pm

2 min read

দ্রাগছ, নীৰেন শর্মা

ড্ৰাগছ ব্যৱসায়ত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ অভিনেতা নিৰেন শৰ্মা। ফটো : নৰ্থইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

ড্ৰাগছ ব্যৱসায়ত জড়িত হোৱাৰ অভিযোগত অসমীয়া চলচ্চিত্ৰ অভিনেতা নিৰেন শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। লতাশিল আৰক্ষীয়ে অভিনেতাজনৰ লগতে ড্ৰাগছ সহ   পাঁচজনক গ্ৰেপ্তাৰ কৰে ।

দেওবাৰে নিশা প্ৰায় ১১ বজাত উজান বজাৰ চাৰিআলিৰ অভিনেতা নিৰেন শৰ্মাৰ ঘৰত অভিযান চলাই নিৰেন শৰ্মাসহ ৫ জনক লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁলোকক নিৰেন শৰ্মাৰ বাসগৃহ সিদ্ধাৰ্থ এপাৰ্টমেন্টৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে নিৰেন শৰ্মা এগৰাকী চলচ্চিত্ৰ অভিনেতা হিচাপে পৰিচিত। হিয়া দিয়া নিয়া ,যৌৱনে আমনি কৰে আদিকে ধৰি বহু জনপ্ৰিয় ছবিত তেওঁ অভিনয় কৰিছিল। বিশেষকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল শৰ্মাই।

আৰক্ষীৰ জালত পৰাৰ পাছতে শৰ্মাই কেমেৰাৰ সন্মুখতে ড্ৰাগছ বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰাৰ লগতে যুৱসকলক ড্ৰাগছ নাখাবলৈ পৰামৰ্শ দিয়ে।

“গোটেই গুৱাহাটীৰ যিমান ল’ৰা আছে মোৰ তাত আহে ড্ৰাগছ ল’বলৈ। মই  অনুৰোধ কৰিছো তেওঁলোকে যাতে বেয়া বস্তু নাখায়। উঠি অহা ল’ৰা ছোৱালীক অনুৰোধ কৰো এইবোৰ বেয়া কাম কৰিব নালাগে। তেওঁলোকৰ যাতে অভিভাৱকে চকু দিয়ে। আজিকালি ছোৱালীবোৰ এইক্ষেত্ৰত বেছি হৈছে,”-নিৰেন শৰ্মাই কয়।

জানিব পৰা মতে, নিৰেন শর্মা বৰ্তমান এই ড্ৰাগছ ব্যৱসায়ৰ মুৰব্বী হিচাপে কাম কৰি আছে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা কেইজন হৈছে ক্ৰমে নিৰেন শৰ্মা(উজান বজাৰ), হিমাংশু হাজৰিকা, সিদ্ধাৰ্থ মেধী, মহেন্দ্ৰ নাথ, (মৰিগাঁও) আৰু ইব্ৰাহিম আলি (উজান বজাৰ)।

আনহাতে, আৰক্ষীয়ে তেওঁলোকৰ পৰা ৪টা মোবাইল, ৪০ টা ড্ৰাগছৰ বটল, ১১টা ভৰ্তি বটল, দুটা চিলিম, এখন চুৰি আৰু কেইবাহাজাৰো টকা জব্দ কৰে।

Recent News

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd