NORTHEAST NOW (Assamese)

ইলুটি-সিলুটি কান্দুলি লুটি সুবিধাবাদী যতীনৰ!: বিজেপিৰ শৰণ পাবলৈ সংবাদমেল পাতি নিজকে কৰিলে জাহিৰ

August 17, 2020 5:23 pm · কল্পজ্যোতি শইকীয়া
Updated: August 17, 2020 10:34 pm

সকলো অসমবাসীৰ মনতে এটাই কথা ‘সুবিধাবাদী যতীন বৰা’। CAA বিৰোধী আন্দোলনৰ সময়ত অসমবাসীৰ কাষত সদায় থাকিম বুলি বিজেপি ত্যাগ কৰা বুলি ঘোষণা কৰা যতীন বৰাই এতিয়া পুনৰ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ ওচৰত ক্ষমা-ভিক্ষা বিচাৰি বিজেপিৰ শৰণাপন্ন হ’বলৈ বিচাৰিছে।

আজি খ্ৰীষ্টানবস্তিস্থিত হোটেল গেটৱে গ্ৰেণ্ডত এক সংবাদমেল সম্বোধন কৰি অভিনেতাজনে বিজেপিত থকাৰ কথা ঘোষণা কৰাৰ লগতে আৱেগিক সিদ্ধান্ত লৈহে কা আন্দোলনত জপিয়াই পৰি বিজেপি ত্যাগ কৰাৰ কথা কয়।

‘কা’ আন্দোলনত ভাগ লোৱাতো মোৰ আবেগিক সিদ্ধান্ত। কা আন্দোলনৰ পৰিৱেশ আছিল সম্পূৰ্ণ সুকীয়া। সমগ্ৰ অসমবাসীয়ে সেই সময়ত আৱেগিক আছিল।এজন ৰাইজৰ মাজৰ শিল্পী হিচাপে ময়ো ব্যতিক্ৰম নাছিলো। সমগ্ৰ ৰাজ্যত প্ৰচাৰ চলাইছিল যে ট্ৰাকে ট্ৰাকে বাংলাদেশী অসমলৈ আহিব। খেতি-মাটি-ভেটিৰ স্বত্ব যাব বাংলাদেশীৰ হাতলৈ। এজন আবেগপ্ৰৱণ শিল্পী হিচাপে সেই সোঁতত আমিও উটি গৈছিলো।‘ সংবাদমেলত এইদৰে নিজকে জাহিৰ কৰে অভিনেতা যতীন বৰাই।

তেওঁ আৰু কয় ‘জাপানৰ প্ৰধান মন্ত্ৰী অসমলৈ অহাৰ পূৰ্বে সজাই পৰাই তোলা গুৱাহাটীখন সুন্দৰকৈ সজাই পৰাই তুলিছিল কিন্তু কা আন্দোলনে সুন্দৰকৈ সজাই পৰাই তোলা গুৱাহাটীখন বিধ্বস্ত কৰি পেলালে। আনকি ইয়াৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰইয়ো ৰেহাই নাপালে।‘

‘এনে পৰিৱেশ আৰু পৰিস্থিতি আমি অসম আন্দোলনৰ সময়তো দেখা নাছিলো। এনে আন্দোলন অসমত কোনেও কাহানিও দেখা নাছিল। তাৰ পৰিণতিত গুৱাহাটীত কাৰ্ফিউ প্ৰৱৰ্তন হৈছিল আৰু ৫ জনকৈ যুৱকে মৃত্যুক আকোৱালি লৈছিল।‘ আৱেগিক যতীন বৰাই এনেদৰে কয়।

উল্লেখ কৰিব পাৰি যে, ‘আবেগিক’ যতীন বৰা কিছুদিন ধৰি নিমাত হৈ আছিল যদিও ফেচবুকৰ জৰিয়তে বিভিন্ন পোষ্টৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্বক শুভেচ্ছাৰে উপচাই আছিল। তাৰ ফলত তেওঁ কৰা পোষ্টৰ তলত বিভিন্নজনে বিভিন্নধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁক সুবিধাবাদী আখ্যা দিছিল।

শেহতীয়াকৈ ফেইচবুকত কৰি অহা ৰিহাৰ্ছেলসমূহ আজি নাটক আকাৰত মঞ্চস্থ কৰি নৰেন্দ্ৰ মোদী আৰু সোণাৱালৰ প্ৰশংসাত গদ গদ হৈ পৰে যতীন বৰাই।

তেওঁ কয় ‘‘বিজেপিৰ দলত মই আগতেও আছিলো, এতিয়াও আছো, ভৱিষ্যতলৈও থাকিম। আজিৰ মুহূৰ্তত মোৰ সন্মুখত বিজেপিক বাদ কৰি অন্য কোনো বিকল্প নাই। কেৱল শিল্পী আৰু কলা-কুশলীৰ স্বাৰ্থত কাম কৰাৰ বাবে বিজেপিলৈ মই ঘূৰি অহাৰ প্ৰয়োজন আছে। মই আশা ৰাখিছো এই লৈ কোনেও বিতৰ্ক নকৰিব। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কোনো দিনে অসমীয়া জাতি, অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে কোনো কাম কৰা নাছিল আৰু নকৰে।‘

ইপিনে, তেওঁ বক্তব্য জাহিৰ কৰাৰ অন্তত সাংবাদিকৰ প্ৰশ্নোত্তৰ শিতান আৰম্ভ কৰোতেই তেওঁ মূৰ পুলুকা মাৰি পলায়নবাদী স্থিতি গ্ৰহণ কৰে।

Related News