NORTHEAST NOW (Assamese)

দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী: আন্না বিশ্ববিদ্যালয়ত যৌন নিৰ্যাতন গোচৰত ৰাজ্যপালৰ দ্বাৰস্থ অভিনেতা বিজয়

December 30, 2024 3:24 pm · এন ই নাও নিউজ, গুৱাহাটী

আন্না বিশ্ববিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ অভিযান্ত্ৰিক ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বিৰোধীয়ে ডিএমকে চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে। অভিনেতা তথা ৰাজনীতিবিদ বিজয়ে সোমবাৰে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰি এই পৰিস্থিতিত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়

যোৱা বুধবাৰে বিজয়ে এক্স হেণ্ডেলত পোষ্ট কৰি আন্না বিশ্ববিদ্যালয়ৰ এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে। তেওঁ এই বিষয়টোক আচৰিত আৰু বেদনাদায়ক বুলি অভিহিত কৰে। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত বিজয়ে আন্দোলন কৰে।

শনিবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে গঠন কৰে এক বিশেষ তদন্তকাৰী দল। একে সময়তে ভুক্তভোগী ছাত্ৰীগৰাকীক ২৫ লাখ টকাৰ অন্তৱৰ্তীকালীন ক্ষতিপূৰণৰ নিৰ্দেশ দিয়া হৈছে। সোমবাৰে ২৩ ডিচেম্বৰত আন্না বিশ্ববিদ্যালয়ৰ চৌহদত এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা হৈছিল। ঘটনাৰ তদন্তৰ বাবে মহিলা আইপিএছ বিষয়াৰ সৈতে এখন আসন গঠনৰ নিৰ্দেশ দিয়ে আদালতে।

টিভিকে প্ৰধানেও লিখিছে যে নিৰ্ভয়া পুঁজিৰ পৰা ধন খৰচ কৰি বিশ্ববিদ্যালয় চৌহদত চিচিটিভি কেমেৰা, জৰুৰীকালীন বুটাম আৰু টেলিফোন স্থাপন কৰিব লাগে। ইয়াৰ উপৰিও ৰাজ্যৰ অন্যান্য মহিলাসকলৰ সুৰক্ষাৰ কথা বিবেচনা কৰি তেওঁ মোবাইল এপ আৰু জৰুৰীকালীন নম্বৰ মুকলি কৰিবলৈ আহ্বান জনায়।

২৩ ডিচেম্বৰত তামিলনাডুৰ আন্না বিশ্ববিদ্যালয়ত দ্বিতীয় বৰ্ষৰ এগৰাকী অভিযান্ত্ৰিক ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ১৯ বছৰীয়া কিশোৰীগৰাকীয়ে চেন্নাই আৰক্ষীক জনোৱা মতে, প্ৰেমিকৰ সৈতে বিশ্ববিদ্যালয়খনৰ হাইৱে লেবৰেটৰীৰ পিছফালে থকা ঠাইলৈ গৈছিল। হঠাৎ দুজন অচিনাক্ত ব্যক্তিয়ে তেওঁলোকক আক্ৰমণ কৰে। কেৱল যৌনতা বুলি কলে ভুল হব। অভিযুক্তই সেই সময়ৰ আপত্তিজনক ছবি মোবাইলত ৰাখিছিল। অভিযোগ উঠিছে যে বিষয়টো বেলেগক জনালে মৃত্যুৰ ভাবুকিও দিয়া হৈছিল।

Related News