• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Attack on Hindu at Bangladesh: গৰজি উঠিল বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী ৰছিদ মিথিলা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 18, 2021 4:44 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজয়া দশমীৰ দিনা বাংলাদেশত মৌলবাদীয়ে হিন্দু লোকৰ ওপৰত চলোৱা আক্ৰমণকলৈ দেশ খনৰ লগতে ভাৰততো প্ৰতিক্ৰিয়া অব্যাহত আছে।

এনে সময়তে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে ফেচবুকত গৰজি উঠিল দেশ খনৰ জনপ্ৰিয় অভিনেত্ৰী ৰাফিয়াৎ ৰছিদ মিথিলা।

ফেচবুকত দিয়া পোষ্টত মিথিলাই কৈছে— ধৰ্মৰ নামত লুণ্ঠন বন্ধ হওঁক । ঘৃণাৰ ব্যৱসায় বন্ধ হওঁক। সকলোৰে ওপৰত মানুহ, মানৱতা সত্য হওঁক। ভৱিষ্যত প্ৰজন্মৰ সুন্দৰ জীৱনৰ বাবে এখন শান্তিপূৰ্ণ পৃথিৱী গঢ়াটো আমাৰ কৰ্তব্য।

বাংলাদেশৰ মৌলবাদী শক্তিলৈ ভয় নকৰি অভিনেত্ৰী গৰাকীয়ে ফেচবুকত দিয়া এনে পোষ্টে এতিয়া ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। ধৰ্মান্ধ লোকৰ বিৰুদ্ধাচৰণ কৰিয়েই এদিন তচলিমা নাচৰিণৰ দৰে লেখিকাই দেশ খন ত্যাগ কৰিবলগীয়া হৈছিল।

Apply Now

বহু ব্লগাৰক মৌলবাদীয়ে হত্যা কৰিছে। ইমানৰ পিছতো মিথিলাই মৌলবাদী শক্তিৰ বিৰুদ্ধে থিয় দিয়াৰ কথাই বহুতকে অভিভূত কৰি তুলিছে। উল্লেখ্য

বিজয়া দশমীৰ দিনা বাংলাদেশৰ মন্দিৰত আক্ৰমণ চলাইছিল মৌলবাদীয়ে। বাংলাদেশৰ নোৱাখালিত থকা ইছকন মন্দিৰত দুস্কৃতিকাৰীয়ে তাণ্ডৱ চলাইছিল।

ইছকনৰ ফালৰ পৰা মন্দিৰৰ কিছুমান সা-সামগ্ৰী জ্বলাই দিয়াৰ অভিযোগ কৰা হৈছিল। তদুপৰি, মন্দিৰত থকা ভক্তক প্ৰহাৰ কৰা বুলিও অভিযোগ কৰা হৈছিল।

নোৱাখালিৰ চৌমুহনীত প্ৰায় ২০০জন দুস্কৃতিকাৰীৰ এটা দলে মন্দিৰত আক্ৰমণ চলায়। দেশখনৰ ক্ষমতাত থকা আৱামী লীগৰ নেতাই এই আক্ৰমণৰ নেতৃত্ব দিয়া বুলি কোৱা হৈছে।

আক্ৰমণৰ ঘটনাত পাৰ্থ দাস নামৰ এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। অসমৰ্থিত সূত্ৰৰ মতে নিহতৰ সংখ্যা চাৰিজন।

আনহাতে, বাংলাদেশৰ বিভিন্ন স্থানত মন্দিৰ তথা মণ্ডপত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত চট্টগ্ৰামত বাংলাদেশ হিন্দু-বৌদ্ধ-খ্ৰীষ্টান ঐক্য পৰিষদে ধৰ্মঘটৰ আহ্বান জনাইছিল।

ইছকনৰ ফালৰ পৰা কৰা টুইটত কোৱা হৈছিল,’’ বাংলাদেশৰ নোৱাখালিত ইছকন মন্দিৰ তথা ভক্তৰ ওপৰত এক হিংসাত্মক আক্ৰমণৰ ঘটনা সংঘটিত হয়। আক্ৰমণৰ ফলত মন্দিৰৰ ক্ষতি হোৱাৰ লগতে এজন ভক্তক নৃশংসভাৱে হত্যা কৰা হৈছে।‘’
উল্লেখযোগ্য যে অষ্টমীৰ দিনাও কুমিল্লাৰ বহু পূজা মণ্ডপ, মন্দিৰ তথা মূৰ্তি ভাঙি পেলোৱাৰ লগতে অগ্নিসংযোগৰ ঘটনাও সংঘটিত হৈছিল। তাৰপাছতে বাংলাদেশৰ ২২খন জিলাত বিজিবি বাহিনী মোতায়েন কৰা হয়।

কুমিল্লাৰ ঘটনাত বহুকেইজনক আটক কৰা হৈছে। দেশখনত শেহতীয়াকৈ সাম্প্ৰদায়িক সংঘৰ্ষ তথা আৰক্ষীৰ গুলীত ৪জন লোক নিহত হৈছে।

আজি হিন্দু লোকক আক্ৰমণ কৰাৰ ঘটনাৰ সৈতে জৰিত থকা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd