• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদানী গ্ৰুপৰ কয়লা প্ৰকল্পৰ বাবে ৫.৭০ লাখ গছ কটাৰ অনুমতি: কেন্দ্ৰ আৰু মধ্যপ্ৰদেশ চৰকাৰলৈ এন জি টিৰ জাননী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2026 7:31 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ ছিংগৰৌলী জিলাত আদানী গ্ৰুপক আবণ্টিত এটা কয়লা খনিৰ বাবে প্ৰদান কৰা পাৰিপাৰ্শ্বিক অনুমোদনক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (এন জি টি) কেন্দ্ৰীয় চৰকাৰ আৰু মধ্যপ্ৰদেশ চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে। পৰিৱেশকৰ্মী অজয় ডুবে দাখিল কৰা দুখন পৃথক আৱেদনৰ ভিত্তিত ন্যায়াধিকৰণৰ প্ৰধান বিচাৰপীঠে এই জাননী জাৰি কৰে। আৱেদন দুখনত প্ৰকল্পটোৰ বাবে ৫.৭০ লাখৰো অধিক গছ কটাৰ অনুমতি বাতিল কৰাৰ লগতে প্ৰস্তাৱিত হাতী কৰিডৰৰ সুৰক্ষাৰ দাবী জনোৱা হৈছে। এই কয়লা খনিটো আদানী পাৱাৰৰ সহযোগী প্ৰতিষ্ঠান মহান এনাৰ্জেন লিমিটেডক আবণ্টন দিয়া হৈছে।

‘দ্য হিন্দু’ৰ এক প্ৰতিবেদন অনুসৰি, যোৱা ২৬ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ প্ৰকাশ শ্ৰীবাস্তৱ আৰু বিশেষজ্ঞ সদস্য আফৰোজ আহমেদৰ বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰে। ন্যায়াধিকৰণে আৱেদনৰ বিষয়বস্তুৰ ওপৰত কোনো মন্তব্য নকৰাকৈ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়, ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদ আৰু মধ্যপ্ৰদেশ বন বিভাগলৈ জাননী প্ৰেৰণ কৰি পৰৱৰ্তী শুনানিৰ কমেও এসপ্তাহৰ পূৰ্বে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আৱেদনকাৰী ডুবেই অভিযোগ কৰা অনুসৰি, এই বিশাল পৰিমাণৰ গছ কটাৰ ফলত অঞ্চলটোৰ স্থানীয় পৰিৱেশ তন্ত্ৰ আৰু বন্যপ্ৰাণীৰ বিচৰণত গভীৰ নেতিবাচক প্ৰভাৱ পৰিব। সেয়েহে তেওঁ যোৱা বছৰৰ ৯ মে’ত পৰিৱেশ মন্ত্ৰণালয় আৰু ২২ মে’ত মধ্যপ্ৰদেশ বন বিভাগে গছ কটাৰ সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাক প্ৰত্যাহ্বান জনাইছে। গছ কটাৰ সৈতে জড়িত আৱেদনখনৰ পৰৱৰ্তী শুনানি ২২ এপ্ৰিলত আৰু হাতী কৰিডৰ সম্পৰ্কীয় আৱেদনখনৰ শুনানি ২৬ মে’ত অনুষ্ঠিত হ’ব।

Apply Now

আৱেদনকাৰীয়ে প্ৰস্তাৱিত চিধী-ছিংগৰৌলী-পালামু হাতী কৰিডৰৰ সীমা নিৰ্ধাৰণ কৰি ইয়াক পৰিৱেশগতভাৱে স্পৰ্শকাতৰ অঞ্চল হিচাপে ঘোষণা কৰাৰো দাবী জনাইছে। শুনানিৰ সময়ত আৱেদনকাৰীৰ অধিবক্তাই ২০১৮ আৰু ২০১৯ চনত সমগ্ৰ দেশৰ হাতী কৰিডৰসমূহক স্পৰ্শকাতৰ অঞ্চল হিচাপে ঘোষণা কৰাৰ সন্দৰ্ভত এন জি টিয়ে দিয়া নিৰ্দেশনাৰ কথা উল্লেখ কৰে। সংবাদ মাধ্যমৰ আগত ডুবে অভিযোগ কৰে যে কয়লা খনিটোৰ বাবে প্ৰয়োজনীয় অনুমোদন লাভৰ স্বাৰ্থত ইচ্ছাকৃতভাৱে হাতী কৰিডৰৰ অধিসূচনা জাৰি কৰাত পলম কৰা হৈছে। এবাৰ কৰিডৰ হিচাপে অধিসূচনা জাৰি হ‘লে কোম্পানীটোৱে সেই অঞ্চলত গছ কটা আৰু অন্যান্য কাৰ্যকলাপৰ বাবে অনুমতি লাভ নকৰিব বুলি তেওঁ দাবী কৰে।

পৰিৱেশ মন্ত্ৰণালয়ৰ নিজা এক ক্ষেত্ৰভিত্তিক প্ৰতিবেদনৰ উদ্ধৃতি দি পৰিৱেশকৰ্মীগৰাকীয়ে প্ৰকাশ কৰে যে আবণ্টিত অঞ্চলটো অতি ঘন অৰণ্যৰে আৱৰি আছে, য’ত শাল, চিচু আৰু চেগুনকে ধৰি ৫০ বিধৰো অধিক প্ৰজাতিৰ গছ পোৱা যায়। সেয়েহে এই অঞ্চলটো ব্যক্তিগত খণ্ডৰ কয়লা খননৰ বাবে মুকলি কৰি নিদিবলৈ তেওঁ দাবী জনাইছে। উল্লেখযোগ্য যে, প্ৰায় ২৭ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত ধিৰৌলী কয়লা খনিটো মধ্যপ্ৰদেশৰ অন্যতম বৃহৎ কয়লা খনি। যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত আদানী গ্ৰুপে এই খনিটোত খনন কাৰ্য আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় কয়লা মন্ত্ৰণালয়ৰ পৰা অনুমোদন লাভ কৰা বুলি সদৰী কৰিছিল।

এই সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছ দলেও এই প্ৰকল্পত পাৰিপাৰ্শ্বিক নীতি উলংঘা হোৱাৰ লগতে ভূমি অধিগ্ৰহণ আৰু ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। যোৱা ২৭ ফেব্ৰুৱাৰীত স্থগিত হোৱা মধ্যপ্ৰদেশ বিধানসভাৰ বাজেট অধিৱেশনত কংগ্ৰেছ বিধায়কসকলে অভিযোগ কৰে যে খনন কাৰ্যৰ বাবে যি আঠখন গাঁৱৰ মাটি অধিগ্ৰহণ কৰা হৈছে, সেই গাঁৱৰ নিৱাসীসকলক চৰকাৰে উচিত ক্ষতিপূৰণ প্ৰদান কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd