NORTHEAST NOW (Assamese)

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 25, 2025 8:31 pm

এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই নিজৰ ইচ্ছামতে জীয়াই থকাৰ স্বাধীনতা তেওঁৰ মৌলিক অধিকাৰ বুলি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে। আদালতে স্পষ্ট কৰি দিছে যে এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে থাকিব পাৰে।

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু ন্যায়াধীশ প্ৰদীপ মিত্তলৰ বিভাগীয় বিচাৰপীঠে কয় যে, “নিজৰ সিদ্ধান্ত লবলৈ সক্ষম হোৱা মহিলাক বলপূৰ্বকভাৱে পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠিয়াব নোৱাৰি, যদিহে তেওঁৰ বয়স ওঠৰ বছৰৰ ওপৰত হয়, তেন্তে তেওঁ যি বিচাৰে তেওঁৰ লগত থাকিব পাৰে।

এই গোচৰৰ কেন্দ্ৰবিন্দুত আছিল এগৰাকী যুৱতী, আদালতৰ নথি-পত্ৰত তেওঁক কেৱল এক্সবুলিহে উল্লেখ কৰা হৈছে। আৰক্ষীয়ে সোধা-পোছাৰ অন্তত আদালতে গম পায় যে এক্সই ইচ্ছাকৃতভাৱে তেওঁৰ সংগীৰ সৈতে পলায়ন কৰিছিল আৰু আদালতক স্পষ্ট কৰি দিছিল যে তেওঁ সেই ব্যক্তিজনৰ সৈতে থাকিব বিচাৰে। অৱশ্যে আবেদনকাৰীৰ হৈ হাজিৰ হোৱা অধিবক্তা আয়ুষ শৰ্মাই যুক্তি আগবঢ়ায় যে যুৱতীগৰাকীয়ে যিজন ব্যক্তিৰ লগত থাকিব বিচাৰিছে তেওঁ বিবাহিত, গতিকে তেওঁক পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠিয়াব লাগে।

আদালতে এই যুক্তি নাকচ কৰি কয় যে এই গোচৰৰ একমাত্ৰ সত্য হৈছে ছোৱালীজনীৰ বয়স। তাই এগৰাকী প্ৰাপ্তবয়স্ক। সেয়েহে তাইক শিশুৰ দৰে টানি নিব নোৱাৰি।

ৰাজ্যখনে আদালতক অৱগত কৰে যে আৰক্ষীৰ সূত্ৰই তথ্য লাভ কৰিছে যে লোকজনে ইতিমধ্যে প্ৰথম পত্নীক এৰি থৈ গৈছে আৰু আইনী বিচ্ছেদৰ প্ৰক্ৰিয়া চলি আছে। এই পৰিস্থিতিত আদালতে মন্তব্য কৰে যে, “কেৱল বিবাহিত বুলিয়েই মানুহজনক এক্সৰ লগত থকাত বাধা দিয়া সম্ভৱ নহয়।

আদালতে এইটোও স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ ভূমিকা কেৱল আইনৰ সীমাত সীমাবদ্ধ। নৈতিকতাৰ প্ৰশ্নত মন্তব্য কৰাটো আদালতৰ দায়িত্ব নহয়। যিহেতু এক্সএগৰাকী প্ৰাপ্তবয়স্ক আৰু তেওঁ পিতৃ-মাতৃৰ ওচৰলৈ উভতি যাবলৈ অস্বীকাৰ কৰিছে, সেয়েহে আদালতে তেওঁক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

কিন্তু তাৰ আগতে দুটা চৰ্তত এই আদেশ জাৰি কৰা হৈছিল – প্ৰথমতে ছোৱালীজনীয়ে স্বেচ্ছাই মানুহজনৰ লগত থাকিবলৈ লিখিত প্ৰতিশ্ৰুতি দিব লাগিব। দ্বিতীয়তে, মানুহজনে লিখিতভাৱে স্বীকাৰ কৰিব লাগিব যে তেওঁও ছোৱালীজনীৰ লগত থাকিব বিচাৰে। ইয়াৰ পিছত আৰক্ষীক তাইক মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়া হয়।

Related News