Rashid Khan reached the milestone বিশ্ব ক্ৰিকেটত অন্যতম শ্ৰেষ্ঠ স্পীনাৰ হিচাপে ইতিমধ্যে নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে আফগান ক্ৰিকেটাৰ ৰছিদ খানে। এটা এটাকৈ অভিলেখৰ কৃতিত্বৰ মাজেৰে নিজকে সুকীয়া স্থানত প্ৰতিষ্ঠিত কৰিছে লেগ স্পীনাৰ গৰাকীয়ে।
টী-২০ ক্ৰিকেটত দ্ৰুততম ১০০ উইকেট দখলৰ বিৰল অভিলেখ গঢ়িলে বৰ্তমান বিশ্বৰ বেটাৰসকলৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰা ৰছিদ খানে।
শুকুৰবাৰে নিশা পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তান ৫ উইকেটত পৰাজিত হ’লেও ৰছিদ খানে অনন্য অবিলেখ গঢ়িবলৈ সক্ষম হয়।
ইয়াৰ পূৰ্বে ডী-২০ ক্ৰিকেটত ১০০ উইকেট দখলৰ অভিলেখ আছে মাত্ৰ তিনিজনৰ। তেওঁলোক হ’ল লাচথ মালিংগা, ছাকিব উল হাছান আৰু টিম ছাউথী। ৰছিদ খান হ’ল চতুৰ্থগৰাকী এই অভিলেখৰ গৰাকী।
Another record SMASHED by @rashidkhan_19! 🙌
The fastest player to the milestone of 100 T20I wickets!#PAKvAFG | #T20WorldCup pic.twitter.com/XTdmOqpEpW
— ESPNcricinfo (@ESPNcricinfo) October 29, 2021
কিন্তু পূৰ্বৰ তিনিওজনক অতিক্ৰমি ৰছিদ খানে দ্ৰুততম ১০০উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিছে। মাত্ৰ ৫৩খন মেচ খেলি আফগান স্পীনাৰগৰাকীয়ে এই কৃতিত্বৰ অধিকাৰী হৈছে।
পূৰ্বে লাচিথ মালিংগাই ৭৬খন মেচ খেলি দ্ৰুততম ১০০ উইকেট দখল অভিলেখ গঢ়িছিল।
আনহাতে, ৰছিদ খানে কেবৱ টী-২০তে নহয়, এদিনীয়াতো দ্ৰুততম ১০০ উইকেট দখলৰ অধিকাৰী হৈছে। মাত্ৰ ৪৪খন এদিনীয়া মেচ খেলিয়েই ৰছিদ খানে ১০০উইকেট দখলৰ কৃতিত্ব ৰচিছে।