• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2026 4:03 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ ১৯৫৭ চনৰ এখন বিক্ৰী দলিল বাহাল ৰাখি এক ৭০ বছৰীয়া পুৰণি ভূমি বিবাদৰ চূড়ান্ত ৰায় প্ৰদান কৰিছে। এটা পৰিয়ালৰ চাৰিটাকৈ প্ৰজন্মই প্ৰায় সাত দশক ধৰি এই আইনী যুঁজত আৱদ্ধ হৈ আছিল। ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু এন ভি আঞ্জাৰিয়াৰ বিচাৰপীঠে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ নৰসিপুৰ কালান গাঁৱৰ ১৫.৫ বিঘা মাটিৰ এই বিবাদৰ ৰায় দিছে। এই মাটিখিনি শৰাফত আলী নামৰ লোকজনৰ পূৰ্বপুৰুষে ১৯৫৭ চনৰ ৪ জুনত ক্ৰয় কৰিছিল। ৭০ বছৰ পুৰণি এই বিক্ৰী দলিলখন বাহাল ৰাখি উচ্চতম ন্যায়ালয়ে অৱশেষত এক দীঘলীয়া আইনী যুঁজৰ অন্ত পেলাইছে যিটো আনকি ৰায়দান কৰা ন্যায়াধীশসকলৰ বয়সতকৈও পুৰণি।

এই বিবাদৰ সূত্ৰপাত হৈছিল ১৯৫৭ চনৰ এখন পঞ্জীয়নভুক্ত বিক্ৰী দলিলৰ পৰা, যাৰ জৰিয়তে আবেদনকাৰীৰ পূৰ্বপুৰুষসকলে নাবালক অৱস্থাতে হৰিদ্বাৰ জিলাত ১৫ বিঘাতকৈ অধিক মাটি ক্ৰয় কৰিছিল আৰু তেতিয়াৰে পৰা মাটিখিনি নিজৰ দখলত ৰখা বুলি দাবী কৰিছিল। ১৯৮৪ চনত এজন বিক্ৰেতাই আপত্তি প্ৰত্যাহাৰ কৰাৰ পিছত তেওঁলোকে মাটিখিনি নিজৰ নামলৈ নামজাৰি কৰিবলৈ সক্ষম হয়। ১৯৯১ চনত মাটিৰ একত্ৰীকৰণ প্ৰক্ৰিয়াৰ সময়ত তেওঁলোকে ভূমিধৰ হিচাপে নিজৰ অধিকাৰ বিচাৰিছিল। প্ৰথম অৱস্থাত বিষয়াই তেওঁলোকৰ দাবী মানি লৈছিল যদিও পিছত আন অংশীদাৰসকলে আপত্তি দৰ্শোৱাৰ বাবে বিষয়টো পুনৰ মুকলি কৰা হয়। ১৯৯৯ চনত বিষয়াই আবেদনকাৰীৰ দাবী নাকচ কৰে আৰু কয় যে বিক্ৰী দলিলখন সঠিকভাৱে প্ৰমাণিত হোৱা নাই। লগতে ইউ পি জমিদাৰী নিৰ্মূলকৰণ আৰু ভূমি সংস্কাৰ আইনৰ অধীনত ই অবৈধ বুলি কোৱা হয়। ২০১৭ চনত উচ্চ ন্যায়ালয়েও এই সিদ্ধান্তকে বাহাল ৰাখি আবেদনকাৰীৰ আৱেদন খাৰিজ কৰিছিল।

Apply Now

নিম্ন আদালতৰ ৰায় মূলতঃ দুটা কাৰণত আধাৰিত আছিল, এটা হৈছে আইনৰ উলংঘন আৰু আনটো হৈছে সাক্ষীৰ ঠিকনাত থকা খেলিমেলি। বৰু নামৰ সাক্ষীজনে ১৯৯৫ চনত তেওঁৰ ঠিকনা নৰসিপুৰ কালান বুলি কৈছিল, কিন্তু দলিলখনত নিহাণ্ডপুৰ সুথাৰী বুলি লিখা আছিল। কিন্তু উচ্চতম ন্যায়ালয়ে জনায় যে সাক্ষীৰ ঠিকনাৰ দৰে সাধাৰণ খেলিমেলিৰ ভিত্তিত এখন পঞ্জীয়নভুক্ত দলিল বাতিল কৰাটো এক ডাঙৰ ভুল। আদালতে লক্ষ্য কৰে যে বিৰোধী পক্ষই দলিলখন জাল, বলপূৰ্বক বা প্ৰতাৰণাৰে বনোৱা বুলি কোনো অভিযোগ কৰা নাছিল। লগতে আবেদনকাৰীসকলে যে মাটিখিনি নিৰন্তৰভাৱে নিজৰ দখলত ৰাখিছিল, সেই কথাও কোনেও অস্বীকাৰ কৰা নাছিল। কোনো ধৰণৰ প্ৰতাৰণাৰ অভিযোগ নথকাৰ পিছতো কেৱল সৰু প্ৰমাণৰ খেলিমেলিৰ বাবে এনে এখন পুৰণি আৰু পঞ্জীয়নভুক্ত দলিল বাতিল কৰিব নোৱাৰি বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। এইদৰে নামজাৰিৰ পৰা আৰম্ভ হোৱা আৰু কেইবাখনো আদালত পাৰ হৈ অহা এই দীঘলীয়া যুঁজখনৰ অৱশেষত উচ্চতম ন্যায়ালয়ত সফল সামৰণি পৰে।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd