• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জন্তুৰ চৰ্বিৰ পাছত এইবাৰ তিৰুপতি মন্দিৰৰ প্ৰসাদত ওলাল ধঁপাত!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 24, 2024 3:48 pm
3.7k
VIEWS
Share on FacebookShare on Twitter

প্ৰসাদী লাড়ুত ব্যৱহৃত ঘিউত পশুৰ চৰ্বি মিহলি কৰাৰ অভিযোগৰ মাজতে নতুন বিতৰ্কৰ মাজত তিৰুপতি মন্দিৰ। ভেংকটেশ্বৰ মন্দিৰৰ প্ৰসাদত ধঁপাতজাতীয় সামগ্ৰী পোৱাৰ অভিযোগ এজন ভক্তৰ। সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। য’ত দেখা যায়, প্ৰসাদসমূহৰ ভিতৰত ধঁপাতজাতীয় সামগ্ৰী আৰু চিগাৰেটৰ ৰেপাৰ আদি অন্তৰ্ভুক্ত। স্বাভাৱিকতে এই ঘটনাক লৈ বিতৰ্ক চৰম হৈ পৰিছে।

অন্ধ্ৰ প্ৰদেশৰ খাম্মাম জিলাৰ বাসিন্দা ডোনাথু পদ্মৱতীয়ে তিৰুপতি মন্দিৰৰ প্ৰসাদত ধঁপাতজাতীয় সামগ্ৰী পোৱাৰ অভিযোগ উত্থাপন কৰিছে। সমগ্ৰ ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত দেখুৱাই তেওঁ দাবী কৰে যে তেওঁ ১৯ ছেপ্টেম্বৰত তিৰুপতি মন্দিৰলৈ গৈছিল। তাৰ পৰাই তেওঁ ঘৰৰ সকলোৰে বাবে প্ৰসাদ লৈ আহিছিল। ঘৰলৈ উভতি আহি প্ৰসাদৰ পেকেটটো খুলিলেই কথাটো লক্ষ্য কৰিলে। তেওঁ কয়, “পৰিয়ালৰ মানুহক প্ৰসাদী লাড়ু দি থাকোঁতে প্ৰসাদৰ লগত মিহলি ধঁপাতজাতীয় সামগ্ৰীৰ পেকেট এটা দেখিলোঁ।এই ঘটনা সঁচাকৈয়ে ভয়ংকৰ। লাখ লাখ মানুহৰ বিশ্বাস থকা তিৰুপতিৰ দৰে মন্দিৰত এনে ঘটনাই হৃদয় বিদাৰক।”

এই ঘটনাত বিতৰ্কই শিখৰত উপনীত হোৱাৰ লগে লগে মন্দিৰ কৰ্তৃপক্ষ তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)ৰ মুখ মেলিছে। ছ’চিয়েল মিডিয়াত ৰাউণ্ড কৰি থকা ভিডিঅ’টো ভুৱা। বিষয়টোক লৈ অপ্ৰয়োজনীয়ভাৱে হুলস্থুল কৰাৰ প্ৰয়াস কৰা হৈছে। এই লাড়ু তিৰুমালা লাডু পট্টুত প্ৰসাদৰ বাবে প্ৰস্তুত কৰা হয়। এই লাডুবোৰ শ্ৰীবৈষ্ণৱ ব্ৰাহ্মণে অতি ভক্তিৰে প্ৰস্তুত কৰে। লাডু বনাওঁতে কঠোৰ নিয়ম পালন কৰা হয়। আৰু চিচিটিভি কেমেৰাৰ নিৰীক্ষণত ক’ত এই প্ৰক্ৰিয়া সংঘটিত হয়। এনে অভিযোগৰ কোনো ভিত্তি নাই। ছচিয়েল মিডিয়াত পদ্ধতিগতভাৱে প্ৰচাৰ কৰা হৈছে। এই ঘটনা অতি দুখজনক।

মন কৰিবলগীয়া যে শেহতীয়াকৈ অন্ধ্ৰৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে দাবী কৰিছিল যে ৱাই এছ আৰ কংগ্ৰেছৰ শাসনকালত তিৰুপতি মন্দিৰৰ প্ৰসাদি লাদ্দুত পশুৰ চৰ্বি ব্যৱহাৰ কৰা হৈছিল। মাছৰ তেল ব্যৱহাৰ কৰা হৈছিল। কিন্তু তেওঁ ক্ষমতালৈ অহাৰ পিছত শ্ৰী ভেংকটেশ্বৰ মন্দিৰৰ প্ৰসাদী লাড়ুবোৰ বিশুদ্ধ ঘিউৰে তৈয়াৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত পৰীক্ষাগাৰৰ পৰীক্ষাত দেখা গ’ল যে তিৰুপতি মন্দিৰৰ প্ৰসাদী লাডুত সঁচাকৈয়ে গৰুৰ চৰ্বি আৰু মাছৰ তেল ব্যৱহাৰ কৰা হৈছিল। বিষয়টো পোহৰলৈ অহাৰ লগে লগে সকলো ক্ষুব্ধ হৈ পৰে। এই ঘটনাৰ তদন্তৰ সমান্তৰালকৈ সৰ্বোচ্চ আদালতত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰা হৈছে। ইফালে নতুন অভিযোগৰ বাবে পুনৰ সংবাদ শিৰোনাম দখল কৰিছে তিৰুপতিৰ প্ৰসাদে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd