DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যথেষ্টখিনি কৰিলো! বংগত সফল হোৱাৰ পাছতে নিৰ্বাচনী কৌশলবিদ প্ৰশান্ত কিশোৰৰ অৱসৰৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2021 6:09 pm
(ফাইল ফটো)

(ফাইল ফটো)

1.4k
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগত বিজেপিক প্ৰতিহত কৰি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে তৃতীয়বাৰৰ বাবে শাসনভাৰ হাতত লোৱাৰ পাছতে দলটোৰ নিৰ্বাচনী কৌশলবিদ প্ৰশান্ত কিশোৰে ঘোষণা কৰে যে তেওঁ নিৰ্বাচনী ব্যৱস্থাপনাৰ (election management) পৰা অৱসৰগ্ৰহণ কৰিছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমসূহৰ আগত তেওঁ কয় যে অৱসৰৰ কথা তেওঁ বহু পূৰ্বৰে পৰা গুণা-গথা কৰি আছিল আৰু ইয়াৰ বাবে এটা সুযোগ বিচাৰি আছিল।

এইক্ষেত্ৰত তেওঁক বংগৰ নিৰ্বাচনে এই সুবিধা প্ৰদান কৰে বুলি মন্তব্য কৰে।

পূৰ্বেও তেওঁ কৈছিল যে যদি বংগত বিজেপিয়ে ১০০খনতকৈ অধিক আসন লাভ কৰে, তেনেহ’লে তেওঁ নিৰ্বাচনী ব্যৱস্থাপনাৰ পৰা আঁতৰ হ’ব।

”মই যথেষ্টখিনি কৰিলো। এতিয়া সময় হৈছে কিছু আহৰি লোৱাৰ আৰু জীৱনত আন কিবা কৰিব পাৰি নেকি তাক লক্ষ্য কৰাৰ।”- তেওঁ কয়।

এন ডি টিভিৰ আগত তেওঁ পাতল সুৰত কয় যে তেওঁ অসমত থকা নিজৰ পৰিয়াললৈ উভটি যাব আৰু চাহ বাগান খুলিব।

বংগৰ নিৰ্বাচন সম্পৰ্কত সংবাদ মাধ্যমটোৰ আগত তেওঁ কয় যে যদিও ফলাফলত একপক্ষীয়ভাৱে তৃণমূল কংগ্ৰেছ বিজয়ী হৈছে, দৰাচলতে এই নিৰ্বাচন সহজ নাছিল।

তেওঁ কয় যে নিৰ্বাচনী আয়োগে সম্পূৰ্ণভাৱে পক্ষপাতমূলক আচৰণ কৰিছিল।

কিন্তু তৃণমূল কংগ্ৰেছৰ ওপৰত তেওঁৰ আস্থা আছিল বুলি তেওঁ কয়।

”মোদীৰ জনপ্ৰিয়তাই এই কথা নুবুজায় যে বিজেপিয়ে সকলো নিৰ্বাচনতে বিজয়লাভ কৰিব।”- তেওঁ কয়।

এই নিৰ্বাচনত ধৰ্মীয় মেৰুকৰণেও ব্যাপক প্ৰভাৱ পেলাইছিল বুলি তেওঁ মন্তব্য কৰে।

”মোৰ ছয়-সাত বছৰীয়া নিৰ্বাচনী কৌশলবিদৰ কেৰিয়াৰত, মই কোনো ৰাজ্যতে কেতিয়াও এনেধৰণৰ ধৰ্মীয় মেৰুকৰণ দেখা পোৱা নাছিলো।”- তেওঁ কয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে নিৰ্বাচনী কৌশলবিদজনে ২০১৪ চনত নৰেন্দ্ৰ মোডীক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে বিজয়ী কৰোৱাত মুখ্য ভূমিকা লৈছিল।

তেওঁৰ নেতৃত্বতে বিজেপিৰ প্ৰচাৰকাৰ্য চলিছিল আৰু বিজেপিৰ জয়লাভে প্ৰশান্ত কিশোৰক এজন চৰ্চিত ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিলে।

২০১৫ চনতো বিহাৰ নিৰ্বাচনত নীতিশ কুমাৰক নিৰ্বাচনী কৌশল প্ৰদান কৰি তেওঁ সফলতা লাভ কৰিছিল।

Recent News

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd