• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

আৰক্ষীৰ প্ৰাথমিক অনুমান অনুসৰি, শেহতীয়াকৈ দেশজুৰি সৃষ্টি হোৱা নীটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা আৰু তাৰ পিছত পুনৰ পৰীক্ষা লোৱাৰ সিদ্ধান্তৰ বাবেই ছাত্ৰীগৰাকী চৰম মানসিক চাপত ভুগিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2026 3:41 pm
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডুত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। নীট পৰীক্ষাক লৈ চলি থকা বিতৰ্কৰ মাজতে ২১ জুনৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই এগৰাকী ১৯ বছৰীয়া ছাত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৃত ছাত্ৰীগৰাকীৰ নাম অনুনকীৰ্তনা বুলি জানিব পৰা গৈছে। তেওঁ ইয়াৰ পূৰ্বেও দুবাৰকৈ নীট পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু এইবাৰো তৃতীয়বাৰৰ বাবে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল।

Apply Now

আৰক্ষীৰ প্ৰাথমিক অনুমান অনুসৰি, শেহতীয়াকৈ দেশজুৰি সৃষ্টি হোৱা নীটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা আৰু তাৰ পিছত পুনৰ পৰীক্ষা লোৱাৰ সিদ্ধান্তৰ বাবেই ছাত্ৰীগৰাকী চৰম মানসিক চাপত ভুগিছিল।

ছাত্ৰীগৰাকীৰ পৰিয়ালে জনোৱা মতে, এইবাৰ তেওঁ অতি নিষ্ঠাৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰে তেওঁক গভীৰ মানসিক আঘাত দিছিল। পৰীক্ষা বাতিল হোৱাৰ পিছৰে পৰা তেওঁ একেবাৰে মনে মনে থকা হৈছিল। পুনৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ চেষ্টা কৰিছিল যদিও তেওঁ নিজৰ মনটোক শান্ত কৰিব পৰা নাছিল আৰু দিনে দিনে হতাশাই তেওঁক গ্ৰাস কৰি আনিছিল। এই সন্দৰ্ভত তেওঁ পৰিয়ালৰ লোকৰ সৈতেও কথা পাতিছিল।

ঘটনাস্থলীৰ পৰা কোনো সুইচাইড নোট উদ্ধাৰ হোৱা নাই যদিও পৰিয়ালে স্পষ্ট কৰিছে যে ছাত্ৰীগৰাকী মানসিকভাৱে আটাইতকৈ বেছি ভাঙি পৰিছিল। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

এই কৰুণ ঘটনাৰ পিছতে তামিলনাডুৰ কইম্বাটুৰ চহৰত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে। একাংশ বিক্ষোভকাৰীয়ে বৰ্তমানৰ নীট পৰীক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবী তুলিছে। শাসকীয় দল ডিএমকেই সমগ্ৰ ৰাজ্যজুৰি এই সন্দৰ্ভত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। তেওঁলোকৰ মতে, নীট পৰীক্ষাৰ বাবে তামিলনাডুৰ বহু শিক্ষাৰ্থী, বিশেষকৈ গ্ৰাম্য আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।

উল্লেখ্য যে তামিলনাডুৱে দীৰ্ঘদিন ধৰি নীট পৰীক্ষাৰ বিৰোধিতা কৰি আহিছে। ৰাজ্য চৰকাৰৰ মতে, এই পৰীক্ষাত কেৱল সেইসকল ছাত্ৰ-ছাত্ৰীয়েহে বেছি সুবিধা পায়, যিসকলে চহৰৰ ব্যয়বহুল ব্যক্তিগত কোচিং কেন্দ্ৰসমূহত পঢ়াৰ সুযোগ পায়। যাৰ ফলত চৰকাৰী বিদ্যালয় বা গ্ৰাম্য অঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকল প্ৰতিযোগিতাত পিছপৰি ৰয়।

নীট পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে তামিলনাডুত প্ৰায় এটা দশক ধৰি উচ্চতৰ মাধ্যমিকৰ নম্বৰৰ ভিত্তিতহে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰা হৈছিল। ৰাজ্যখনৰ একাংশৰ মতে, সেই পুৰণি ব্যৱস্থাটোৰ বাবে পিছপৰা পৰিয়ালৰ ল’ৰা-ছোৱালীয়েও ডাক্তৰ হোৱাৰ সুযোগ পাইছিল। কিন্তু নীট আৰম্ভ হোৱাৰ পিছৰে পৰা ছাত্ৰ-ছাত্ৰীসকল চৰম হতাশাৰ বলি হৈছে আৰু অকালতে বহু মূল্যবান জীৱন হেৰুৱাবলগীয়া হৈছে। ইয়াৰ পূৰ্বেও তামিলনাডু বিধানসভাত নীটৰ পৰা ৰেহাই বিচাৰি এখন বিধেয়ক গৃহীত কৰা হৈছিল যদিও ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ নকৰাৰ বাবে সেয়া কাৰ্যকৰী হ’ব পৰা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd