NORTHEAST NOW (Assamese)

২৪ ঘণ্টাৰ ভিতৰত অসম তথা উত্তৰ-পূবক কোবাই যাব এক ক্ৰান্তীয় ঘূৰ্ণী বতাহে

May 16, 2019 5:15 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ বিশেষকৈ অসম আৰু মেঘালয়ক শক্তিশালী ক্ৰান্তীয় ঘূৰ্ণীবতাহে বতাহে কোবাই যোৱাৰ সম্ভাৱনা আছে।

www.skymetweather.com নামৰ ৱেবচাইটত প্ৰকাশ পোৱা খবৰ অনুসৰি এজাক ঘুৰ্ণী বতাহ অসমৰ মাজেৰে পাৰ হৈ যাব বুলি কোৱা হৈছে। পশ্চিম বংগ আৰু দক্ষিণ বাংলাদেশৰ উপ হিমালয় পাদদেশৰ পৰা উত্তৰ-দক্ষিণ দিশৰ ফালে এই ঘুৰ্ণী বতাহে গতি লোৱা দেখা গৈছে।

আনহাতে, এই ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ ফলত অহা ২৪ ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, মণিপুৰ আৰু মিজোৰামত মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

উত্তৰ-পূবৰ উপৰিও পশ্চিম বংগ আৰু ছিকিমৰ উপ-হিমালয়ান অঞ্চলত কিনকিনিয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি  www.skymetweather.com ত প্ৰকাশ পাইছে।

উত্তৰ-পূৱত ১৮ মে’লৈ ক্ৰান্তীয় ঘুৰ্ণী বতাহৰ ফলত বৰষুণ হ’ব। প্ৰাক বাৰিষা কালত এইবাৰ অসম আৰু মেঘালয়ত ক্ৰমে ৬ শতাংশ আৰু ৭ শতাংশ বৰষুণৰ পৰিমান বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে, ৩ মে’ত ভয়ংকৰ সাগৰীয় ঘূৰ্ণী বতাহ ফেনিয়ে ওড়িশাত তাণ্ডৱ চলাই অসম তথা উত্তৰ-পূবত প্ৰবেশ কৰিছিল। উড়িশাৰ পূৰী জিলা ফেনিৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল।

Related News