নিচান চাহিবক অৱমাননা: স্বৰ্ণ মন্দিৰৰ পিছত পঞ্জাৱত পুনৰ এজনক গণপ্ৰহাৰেৰে হত্যা

শনিবাৰে শিখধৰ্মীলোকসকলৰ পৱিত্ৰ ধৰ্ম গ্ৰন্থ অপৱিত্ৰ কৰাৰ অভিযোগত এজন লোকক গণপ্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনা ঘটিছিল অমৃতসৰৰ স্বৰ্ণ মন্দিৰত।

সেই ঘটনাৰ পিছত আজি পুনৰ তদ্ৰুপ ঘটনাৰেই পুনৰাবৃত্তি ঘটিল পঞ্জাৱৰে কাপুৰথালাৰ এটা গুৰুদ্বাৰাত।

গুৰুদ্বাৰাটোৰ নিচান চাহিব নষ্ট কৰাৰ অভিযোগত আজি এদল লোকে এজন লোকক মৰিয়াই হত্যা কৰে।

উল্লেখ্য পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণমন্দিৰক অপবিত্ৰ কৰাৰ উদ্দেশ্যেৰে পবিত্ৰ ধৰ্মগ্ৰন্থৰ ওপৰত ভৰি ৰখা আৰু পবিত্ৰ কৃপান চুৰি কৰাৰ অভিযোগত উন্মত্ত জনতাৰ প্ৰহাৰত এজন ব্যক্তিৰ মৃত্যু ঘটিছে।

শনিবাৰে স্বৰ্ণমন্দিৰৰ ভিতৰত এটা ধৰ্মীয় অনুষ্ঠান চলি আছিল আৰু তাৰ সম্প্ৰচাৰ কৰা হৈছিল। নিয়ম অনুসৰি তাত শিখসকলৰ ধৰ্মগ্ৰন্থৰ লগতে ধৰ্মীয় সামগ্ৰীসমূহো ৰখা হৈছিল।

তাৰ মাজতে হঠাৎ এজন অচিনাক্ত ব্যক্তিয়ে বেৰিকেড অতিক্ৰমি সংৰক্ষিত স্থানত প্ৰৱেশ কৰে আৰু ধৰ্মগ্ৰন্থৰ ওপৰত ভৰি ৰাখে।

এই ঘটনা দেখাৰ লগে লগে তাত উপস্থিত জনতাই ক্ষুব্ধ হৈ ব্যক্তিজনক কৰায়ত্ত কৰে আৰু উন্মত্ত জনতাই তেওঁক প্ৰহাৰ কৰে। গণ প্ৰহাৰৰ ফলত ব্যক্তিজনৰ মন্দিৰ চৌহদতেই মৃত্যু হয়।

অভিযুক্ত ব্যক্তিজনৰ পৰিচয় জানিব পৰা হোৱা নাই আৰু তেওঁ কি উদ্দেশ্যত এনে কাণ্ড সংঘটিত কৰিলে সেয়াও স্পষ্ট হোৱা নাই।

উক্ত ঘটনাই সমগ্ৰ অমৃতসৰ চহৰজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সম্প্ৰীতি বিনষ্ট কৰাৰ আশংকাই দেখা দিয়ে।

উল্লেখ্য চাৰিদিন পূৰ্বেও স্বৰ্ণমন্দিৰত অনুৰূপ ঘটনা এটা ঘটিছিল। সেই ঘটনাত শিখসকলৰ ধৰ্মগ্ৰন্থ ফালি পানীত পেলাই দিয়া হৈছিল।

পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ ঘটনা ৰাজ্য প্ৰশাসনৰ বাবে প্ৰত্যাহ্বান হৈ উঠিছে।