• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

AASU-AJYCP লৈ অপেক্ষা : অখিলৰ আহ্বানৰ পাছতে একত্ৰিত হ’ল KMSS আৰু ৭০ জাতীয় সংগঠন

উপ-নিৰ্বাচনত অখিল গগৈক শিৱসাগৰৰ পৰা থিয় কৰোৱাৰ সিদ্ধান্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 8, 2020 7:59 pm
c39c6adc-f6d6-4ec2-ad83-42f3925fbfba
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি কাৰাৰুদ্ধ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৭০ সংগঠনৰ সৈতে একত্ৰিত হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতি।

মঙ্গলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত কৃষক মুক্তিৰ নেতৃত্বত আৰু ৭০ সংগঠনৰ উদ্যোগত এক নতুন ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Apply Now

এই বৈঠকৰ পাছতে ৭০ সংগঠনৰ নেতৃত্বই এক সংবাদমেল সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত।

উক্ত সংবাদমেলতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে কয় ‘বিজেপিক উৎখাত কৰাৰ সংকল্প লৈ তেওঁলোকক পৰাভূত কৰিবলৈ আমি টঙালি বান্ধিছো। বিজেপিক ২০২১ত পৰাভূত কৰিব নোৱাৰিলে অসমৰ জাতীয় জীৱন কেতিয়াও নিৰাপদ নহ’ব।’

‘ফেচিষ্ট বিজেপিয়ে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে যাতে অন্যই দ্বি-মত প্ৰকাশ কৰিব নোৱাৰে। বাক স্বাধীনতা প্ৰকাশ কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিছে। কেইবাটাও অসম বিৰোধী সিদ্ধান্ত লৈ অসমীয়া জাতিক তচনচ কৰি দিব বিচাৰিছে।’ ধৈৰ্যই লগতে কয়।

উক্ত সংবাদমেলতে বিজেপি চৰকাৰক কটাক্ষ কৰি ধৈৰ্যই কয় ‘দিল্লীৰ দালালি কৰা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ পৰা উৎখাত কৰি লাগিব। অসমৰ পৰা আৰএছএছ বিজেপিক পুলিয়ে-পুখালিয়ে উভালি পেলাব লাগিব। তেনেকুৱা এক সংকল্প ৭০ সংগঠনৰ মজিয়াত লোৱা হৈছে।’

আনহাতে, উক্ত সংবাদমেলতে উপস্থিত থাকি টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইয়ে কয় ‘আজিৰ দিনটোত কেইটামান ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে। অসমত ৰাজনৈতিক দলৰ উত্থান হ’বলৈ হ’লে সকলো একত্ৰিত হ’ব লাগিব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এই ৰাজনৈতিক দলটো গঠন কৰাৰ পোষকতা কৰা হৈছে।’

ইপিনে, আজিৰ বৈঠকত হোৱা সিদ্ধান্ত সম্পৰ্কেও তেওঁ উল্লেখ কৰে।

তেওঁ উল্লেখ কৰা অনুসৰি ‘অসমত আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ উত্থান হ’বলৈ হ’লে এটা দল, এখন পতাকা আৰু এখন সংবিধানৰ অধীনত হ’ব লাগিব।’

ইপিনে, টাই আহোম ছাত্ৰ সন্থাই কাইলৈ হোটেল প্ৰাগ কন্টিনেন্টেলত আছু আৰু ৩০ জাতি-জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘সেই আলোচনাত উপস্থিত থাকি আমি সকলোকে একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ পৰামৰ্শ দিম।’

‘যদি আছু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি একত্ৰিত হৈ প্ৰতিদ্বন্দ্বিতা নকৰে বিজেপিক ৱাক অভাৰ দিয়া হ’ব।’ সংবাদমেলত বুঢ়াগোহাঁইয়ে এইদৰে কয়।

আনহাতে, শিৱসাগৰৰ উপ নিৰ্বাচনত কৃষক নেতা অখিল গগৈক প্ৰক্ষেপ কৰা হ’ব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰি তেওঁ কয় ‘নিৰ্দলীয়ভাৱে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অখিল গগৈলৈ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’

ইপিনে, সংবাদমেলত উপস্থিত থাকি ৭০ সংগঠনৰ অন্যতম নেতৃত্ব মহেন্দ্ৰ দিহিঙীয়াই কয় ‘CAA বিৰোধী সংগ্ৰাম পুনৰ আৰম্ভ কৰা হ’ব। গাঁৱে ভুঞে এই সংগ্ৰাম লৈ যোৱা হ’ব। প্ৰস্তাৱিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক দলৰ ক্ষেত্ৰত তেওঁলোকৰ নেতৃত্বত আৰু ৭০ সংগঠনৰ উদ্যোগত বিকল্প ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িম।’

‘জাতি মাটি ভেটিৰ মিছা শ্ল’গান দি বিজেপি চৰকাৰে অসমীয়া জাতিটোক কোঙা কৰি পেলালে। বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি তেওঁলোকে নিজে ধৰি ৰাখিব নোৱাৰিলে। বিজেপিক শত্ৰু হিচাপে পৰিগণিত কৰিছো।’ দিহিঙ্গীয়াই এইদৰে কয়।

আনহাতে, উক্ত সংবাদমেলতে উপস্থিত থাকি টাই আহোম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি লোহিত গগৈয়ে কয় ‘কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উমৈহতীয়াভাৱে সুদৃঢ় আঞ্চলিক ৰাজনৈতিক শক্তি প্ৰস্তুত কৰিব লাগে। সকলো আঞ্চলিক ৰাজনৈতিক শক্তিলৈ পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd