DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

AASU-AJYCP লৈ অপেক্ষা : অখিলৰ আহ্বানৰ পাছতে একত্ৰিত হ’ল KMSS আৰু ৭০ জাতীয় সংগঠন

উপ-নিৰ্বাচনত অখিল গগৈক শিৱসাগৰৰ পৰা থিয় কৰোৱাৰ সিদ্ধান্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 8, 2020 7:59 pm
c39c6adc-f6d6-4ec2-ad83-42f3925fbfba
359
VIEWS
Share on FacebookShare on Twitter

কালি কাৰাৰুদ্ধ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৭০ সংগঠনৰ সৈতে একত্ৰিত হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতি।

মঙ্গলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত কৃষক মুক্তিৰ নেতৃত্বত আৰু ৭০ সংগঠনৰ উদ্যোগত এক নতুন ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই বৈঠকৰ পাছতে ৭০ সংগঠনৰ নেতৃত্বই এক সংবাদমেল সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত।

উক্ত সংবাদমেলতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে কয় ‘বিজেপিক উৎখাত কৰাৰ সংকল্প লৈ তেওঁলোকক পৰাভূত কৰিবলৈ আমি টঙালি বান্ধিছো। বিজেপিক ২০২১ত পৰাভূত কৰিব নোৱাৰিলে অসমৰ জাতীয় জীৱন কেতিয়াও নিৰাপদ নহ’ব।’

‘ফেচিষ্ট বিজেপিয়ে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে যাতে অন্যই দ্বি-মত প্ৰকাশ কৰিব নোৱাৰে। বাক স্বাধীনতা প্ৰকাশ কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিছে। কেইবাটাও অসম বিৰোধী সিদ্ধান্ত লৈ অসমীয়া জাতিক তচনচ কৰি দিব বিচাৰিছে।’ ধৈৰ্যই লগতে কয়।

উক্ত সংবাদমেলতে বিজেপি চৰকাৰক কটাক্ষ কৰি ধৈৰ্যই কয় ‘দিল্লীৰ দালালি কৰা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ পৰা উৎখাত কৰি লাগিব। অসমৰ পৰা আৰএছএছ বিজেপিক পুলিয়ে-পুখালিয়ে উভালি পেলাব লাগিব। তেনেকুৱা এক সংকল্প ৭০ সংগঠনৰ মজিয়াত লোৱা হৈছে।’

আনহাতে, উক্ত সংবাদমেলতে উপস্থিত থাকি টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইয়ে কয় ‘আজিৰ দিনটোত কেইটামান ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে। অসমত ৰাজনৈতিক দলৰ উত্থান হ’বলৈ হ’লে সকলো একত্ৰিত হ’ব লাগিব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এই ৰাজনৈতিক দলটো গঠন কৰাৰ পোষকতা কৰা হৈছে।’

ইপিনে, আজিৰ বৈঠকত হোৱা সিদ্ধান্ত সম্পৰ্কেও তেওঁ উল্লেখ কৰে।

তেওঁ উল্লেখ কৰা অনুসৰি ‘অসমত আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ উত্থান হ’বলৈ হ’লে এটা দল, এখন পতাকা আৰু এখন সংবিধানৰ অধীনত হ’ব লাগিব।’

ইপিনে, টাই আহোম ছাত্ৰ সন্থাই কাইলৈ হোটেল প্ৰাগ কন্টিনেন্টেলত আছু আৰু ৩০ জাতি-জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘সেই আলোচনাত উপস্থিত থাকি আমি সকলোকে একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ পৰামৰ্শ দিম।’

‘যদি আছু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি একত্ৰিত হৈ প্ৰতিদ্বন্দ্বিতা নকৰে বিজেপিক ৱাক অভাৰ দিয়া হ’ব।’ সংবাদমেলত বুঢ়াগোহাঁইয়ে এইদৰে কয়।

আনহাতে, শিৱসাগৰৰ উপ নিৰ্বাচনত কৃষক নেতা অখিল গগৈক প্ৰক্ষেপ কৰা হ’ব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰি তেওঁ কয় ‘নিৰ্দলীয়ভাৱে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অখিল গগৈলৈ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’

ইপিনে, সংবাদমেলত উপস্থিত থাকি ৭০ সংগঠনৰ অন্যতম নেতৃত্ব মহেন্দ্ৰ দিহিঙীয়াই কয় ‘CAA বিৰোধী সংগ্ৰাম পুনৰ আৰম্ভ কৰা হ’ব। গাঁৱে ভুঞে এই সংগ্ৰাম লৈ যোৱা হ’ব। প্ৰস্তাৱিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক দলৰ ক্ষেত্ৰত তেওঁলোকৰ নেতৃত্বত আৰু ৭০ সংগঠনৰ উদ্যোগত বিকল্প ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িম।’

‘জাতি মাটি ভেটিৰ মিছা শ্ল’গান দি বিজেপি চৰকাৰে অসমীয়া জাতিটোক কোঙা কৰি পেলালে। বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি তেওঁলোকে নিজে ধৰি ৰাখিব নোৱাৰিলে। বিজেপিক শত্ৰু হিচাপে পৰিগণিত কৰিছো।’ দিহিঙ্গীয়াই এইদৰে কয়।

আনহাতে, উক্ত সংবাদমেলতে উপস্থিত থাকি টাই আহোম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি লোহিত গগৈয়ে কয় ‘কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উমৈহতীয়াভাৱে সুদৃঢ় আঞ্চলিক ৰাজনৈতিক শক্তি প্ৰস্তুত কৰিব লাগে। সকলো আঞ্চলিক ৰাজনৈতিক শক্তিলৈ পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd