• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তামিলনাডুৰ পিছত এইবাৰ কেৰালাত আতচবাজীৰ ভয়ংকৰ বিপৰ্যয়, ত্ৰিশূৰত বিস্ফোৰণত ১৩ জন শ্ৰমিকৰ মৃত্যু, আহত ৪০

by
May 21, 2026 11:03 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে তামিলনাডুৰ এটা আতচবাজী কাৰখানাত হোৱা বিস্ফোৰণত ২০ জন লোকৰ মৃত্যু হোৱাৰ পিছত এইবাৰ কেৰালাতো একেই অনুৰূপ ঘটনা সংঘটিত হৈছে। কেৰালাৰ এটা আতচবাজী কাৰখানাত হোৱা ভয়ংকৰ বিস্ফোৰণত কমেও ১৩ জন শ্ৰমিকৰ প্ৰাণহানি হৈছে। এই দুৰ্ঘটনাত আন ৪০ জন লোক আহত হৈছে আৰু ইয়াৰে ৫ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। মঙলবাৰে বিয়লি প্ৰায় ৩ বাজি ৩৫ মিনিটত ত্ৰিশূৰ জিলাৰ মুণ্ডাথিকোড অঞ্চলত এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হয়। খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উদ্ধাৰ অভিযানৰ বাবে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়।

ঘটনাস্থলীত উদ্ধাৰ অভিযান চলোৱা অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী কৰ্মীয়ে জানিবলৈ দিয়া মতে, এই আতচবাজী কাৰখানাটো এখন শুকান ধাননি পথাৰৰ মাজত অৱস্থিত আছিল। প্ৰচণ্ড গৰমৰ বাবে পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, এই ঘটনাত কমেও ১৩ জন শ্ৰমিকৰ মৃত্যু হৈছে। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক উদ্ধাৰ কৰি ত্ৰিশূৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱায়।

Apply Now

আতচবাজী কাৰখানাত হোৱা এই বিস্ফোৰণৰ খবৰ পাই কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ ৰাজ্যৰ মুখ্য সচিবক এই সন্দৰ্ভত তৎকালীনভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে এই দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যুত তেওঁ গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, যোৱা দেওবাৰে তামিলনাডুৰ এটা আতচবাজী কাৰখানাত হোৱা বিস্ফোৰণতো ২০ জন শ্ৰমিকৰ মৃত্যু হৈছিল আৰু আন ছজন লোক আহত হৈছিল। সংকটজনক অৱস্থাত থকা লোকসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু শ্ৰমিকসকলৰ অকাল মৃত্যুত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে গভীৰ শোক প্ৰকাশ কৰিছিল।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd