• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আওপুৰণি ফেৰি চলি আছে ব্ৰহ্মপুত্ৰত : শ শ যাত্ৰীৰ ঘটিব পাৰে সলিল সমাধি!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 6, 2018 8:32 pm
frrry

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ জৰাজীৰ্ণ ফেৰি সেৱাৰ অৱস্থা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আওপুৰণি ফেৰিৰে দৈনিক হাজাৰ হাজাৰ যাত্ৰীক ভৰা লুইতত পাৰ কৰাই আছে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। অসম চৰকাৰৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই পুনৰ যিকোনো মুহুৰ্ততে শ শ যাত্ৰী ভয়াৱহ বিপদৰ সন্মুখীন হ’ব পাৰে।

বুধবাৰে মহানগৰীৰ ফাঁচী বজাৰৰ পৰা উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড ঘাট অভিমুখে প্ৰায় অৰ্ধ শতাধিক যাত্ৰী লৈ যোৱা যন্ত্ৰ চালিত নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হ’ল কেইবাজনো যাত্ৰীয়ে। লগতে এতিয়াও সন্ধানহীন হৈ আছে আন কেইবাজনো যাত্ৰী। তেনে সময়তে প্ৰশাসনে ব্ৰহ্মপুত্ৰত যন্ত্ৰচালিত নাৱৰ চলাচল বন্ধ কৰাৰ নিৰ্দেশ দিছে।

Apply Now

কিন্তু এই নাও কেইখনক বাদ দিলেও চৰকাৰী ফেৰিত কিমান নিৰাপদে যাত্ৰা কৰিব পাৰে যাত্ৰীসকলে?

ferry 2
আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ফেৰিৰ পুতৌলগা অৱস্থা। ফটো : নৰ্থইষ্ট নাও

কিয়নো মহানগৰীত ব্ৰহ্মপুত্ৰৰ দুইপাৰৰ মাজত চলাচল কৰা ফেৰিসমুহৰ অৱস্থা তেনেই তথৈবচ। উত্তৰ গুৱাহাটীৰ ৰাইজে যাতায়তৰ মূল উপায় হিচাপে ব্যৱহাৰ কৰি অহা ব্ৰহ্মপুত্ৰৰ জলপথত নাই যাত্ৰী অনুপাতে পৰ্যাপ্ত ফেৰি। অসম চৰকাৰৰ চুড়ান্ত অৱহেলাৰ বাবেই বেছিভাগ ফেৰিয়েই এতিয়া অচল হৈ পৰি আছে। যি কেইখন আছে তাৰ অৱস্থাও অতি পুতৌজনক।

বুধবাৰে দুৰ্ঘটনা সংঘটিত হোৱা ফাঁচী বজাৰৰ পৰা উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড ঘাটৰ মাজৰ লাইনটোত ফেৰিৰ সংখ্যা মাত্ৰ এখন। তাতো মাজে সময়ে ঘটি থাকে যান্ত্ৰিক বিজুতি।

সেই লাইনটোত দৈনিক এহেজাৰৰো অধিক যাত্ৰী ইপাৰ সিপাৰ হয়। সেইবাবে তাত চলি আছিল ১২ খন যন্ত্ৰ চালিত নাও। কিন্তু এতিয়া নাও বন্ধ হোৱাৰ পাছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ইমান সংখ্যক যাত্ৰীৰ প্ৰয়োজন পূৰাব কেনেকৈ?

আমাক আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ একাংশ কৰ্মাচাৰীয়ে জানিবলৈ দিয়া মতে সেই ঘাট দুটাৰ মাজত চলাচল কৰা ফেৰিখনে প্ৰায় ১০০ জন যাত্ৰী আৰু প্ৰায় ৫০ খন মটৰ চাইকেল কঢ়িয়াই নিব পাৰে।

আনহাতে, ফেৰীখনত আছে মাত্ৰ ৪০ টা লাইফ বয় আৰু ১৫ টা লাইফ জেকেট। গতিকে এই কথা স্পষ্ট যে ফেৰিখনত যাত্ৰীৰ সুৰক্ষাৰ বাবে নাই পৰ্যাপ্ত সুবিধা।

ইফালে, ফাঁচীবজাৰ আৰু উত্তৰ গুৱাহাটীৰ মাজগাওঁৰ মাজৰ লাইনটোৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে দৈনিক প্ৰায় ৩০০০ যাত্ৰী অহা যোৱা কৰে। এই দুটা ঘাটৰ মাজত চলাচল কৰা ফেৰি নামত দুখন, কিন্তু তাৰ এখন দীৰ্ঘদিন ধৰি বিকল হৈ আছে। আনহাতে, সেই লাইনটোত চলি আছিল ৯ খন যন্ত্ৰচালিত নাও।

আনহাতে, চলি থকা ফেৰিখনেৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ মতে প্ৰায় ১২০ জন যাত্ৰীৰ লগতে প্ৰায় ৫০ খন মটৰ চাইকেল পাৰ কৰিব পৰা যায়। ফেৰিখনত আছে মাত্ৰ ১০ টা লাইফ বয় আৰু ১০ লাইফ জেকেট।

পানবজাৰ-ৰজাদুৱাৰ ঘাটৰ মাজত চলাচল কৰা ফেৰিৰ সংখ্যা তিনিখন যদিও এখন যথেষ্ট সৰু বাবে দুখন হে নিয়মীয়াকৈ চলে। এই লাইনটোৰে অহাযোৱা কৰা যাত্ৰীৰ সংখ্যা দৈনিক ১৫০০ ৰ পৰা ২০০০ জন। ঘাটটোত যাত্ৰী অনুপাতে ফেৰি নোহোৱা বাবে তাত চলি আছিল বহু কেইখন যন্ত্ৰ চালিত নাও।

আন এটা অন্যতম গুৰুত্বপূৰ্ণ ঘাট হৈছে গুৱাহাটী-কুৰুৱা ঘাট। য’ত দুখন ফেৰি আছে যদিও এখন হে চলায় জলপৰিবহন বিভাগে। লগতে চলি আছিল এখন যন্ত্ৰ চালিত নাও। গুৱাহাটীৰ আন ঘাটৰ পৰা চলাচল কৰা ফেৰিসমুহৰ ভিতৰৰ আটাইতকৈ বেছি দুৰত্ব অতিক্ৰম কৰিব লাগে এই লাইনটোৰ ফেৰিখনে। কিন্তু ফেৰিখনৰ অৱস্থা তেনেই পুতৌজনক।

ferry 3
আভ্যন্তৰীণ জল পৰিবহনত চলি থকা থকা ফেৰিৰ মামৰে ধৰা অৱস্থা। ফটো : নৰ্থইষ্ট নাও

‘’আমি অতি সংশয়ৰ মাজেৰে ফেৰিখন পঠিয়াব লাগে। প্ৰায় এঘন্টা এই ফেৰিখন নদীৰ মাজত থাকিব লাগে। বাৰিষাৰ দিনত দুঘন্টা পৰ্যন্ত সময় লাগে। নদীৰ মাজতেই কেতিয়াবা ফেৰিৰ ইঞ্জিন বন্ধ হৈ যায়। হঠাৎ কিবা অঘটন ঘটিলে আমাৰ বিশেষ সুৰক্ষা ব্যৱস্থা একো নাই,’’-ঘাটটোত থকা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এজন কৰ্মচাৰীৰ মন্তব্য এয়া।

ইপিনে, মহানগৰীৰ উজানবজাৰৰ পৰা উমানন্দ লৈ অহাযোৱা কৰা ফেৰি মাত্ৰ এখন। সেইখন এটা ইঞ্জিনেৰেই চলি আছে লগতে মামৰে ধৰি গৈছে ফেৰিখন। আন এখন ফেৰি আছে যদিও বহুদিন ধৰি সেইখন বিকল হৈ থকা বুলি জানিবলৈ দিয়ে ঘাটত থকা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰীয়ে।

‘’আমাৰ এই ঘাটটোত যিখন ফেৰি আছে সেইখন এটা ইঞ্জিনেৰে চলাই আছো। বহুবাৰ আমি বিভাগৰ বৰমূৰীয়াসকলক দ্বৈত ইঞ্জিন কৰি দিয়াৰ বাবে আবেদন জনালো যদিও আজি পৰ্যন্ত সেয়া হৈ উঠা নাই। এই ঘাটটোৰে কেৱল অসম বা ভাৰতৰেই নহয়, বহু বিদেশী পৰ্যটকে উমানন্দলৈ যায়। তথাপিও ইয়াত ফেৰিৰ এই পুতৌলগা অৱস্থা,’’- এগৰাকী কৰ্মচাৰীয়ে এইদৰে মন্তব্য কৰে।

উমানন্দ লৈ মাত্ৰ এখন ফেৰি চলা বাবে চৰকাৰৰ অনুজ্ঞাপত্ৰ লৈ বহুকেইখন যন্ত্ৰ চালিত নাও পানবজাৰৰ জলপৰী ঘাটৰ পৰা চলি আছিল।

কেৱল ফেৰিৰ সংখ্যা কম হোৱাই নহয়। চলি থকা ফেৰি কেইখনৰ যান্ত্ৰিক বিজুতি ঘটিয়েই থাকে বুলি আমাক আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে।

‘’জল পৰিবহণৰ আধুনিকীকৰণৰ নামত বিভাগে পুৰণা ফেৰীসমুহতে টাইলচ লগালে, অলপ ৰং দিলে আৰু ফেন লগালে। এই খিনি কৰিয়েই দায়িত্ব সামৰিছে বিভাগটোৱে,’’- এজন কৰ্মচাৰীয়ে মন্তব্য কৰে।

তেওঁ লগতে কয় যে এই ফেৰি সমুহত চিমেন্ট মাৰি টাইলচ লগাই দিয়াৰ ফলত ইয়াৰ বহন ক্ষমতাহে কমি গৈছে।

এই কথাবোৰৰ পৰা এটা কথা স্পষ্ট হয় যে অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবেই যন্ত্ৰ চালিত নাৱেই নহয়, ফেৰিতো যে অঘটন নঘটিব তাৰ কোনো নিশ্চয়তা নাই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd