• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ সংবিধান সংশোধনৰ বাবে সাজু অতুল বাহিনী; সমিতিত নাহিল প্ৰতিষ্ঠাপক সভাপতি মহন্তৰ নাম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 14, 2019 9:34 pm
AGP_Leaders AGP to show up in digital avatar

অসম গণ পৰিষদ নেতৃত্বৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ মিত্ৰতাৰ বিষয়টোত শেহতীয়াকৈ দলীয় সতীৰ্থ, কৰ্মীৰ পৰা তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈ অহা অতুল বৰা নেতৃত্বাধীন অসম গণ পৰিষদে আজি সংবিধান সংশোধনৰ সিদ্ধান্ত লোৱাৰ লগতে এখন অনুশাসন সমিতি গঠনৰো সিদ্ধান্ত লৈছে।

দলটোৰ মুখ্য কাৰ্য্যালয়ত আজি অনুষ্ঠিত বৰ্ধিত কাৰ্য্যনিৰ্বাহকৰ পিছতে সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিলে দলটোৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই।

Apply Now

“তৃণমূলৰ ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত দলীয় স্তৰসমূহ সংশোধনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এখন সংবিধান সংশোধনী সমিতি গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়”, বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্তব্য কলিতাৰ।

দলৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত গঠন হ’ব লগীয়া এই সমিতিত থকা আনসকল হ’ল- ডাঃ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰদীপ হাজৰিকা, ফণীভূষণ চৌধুৰী আৰু সত্যব্ৰত কলিতা।

তাৎপৰ্য্যপূৰ্ণভাৱে এই সমিতিৰ পৰা বাদ পৰি ৰ’ল অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নাম।

উল্লেখ্য যে, ঐতিহাসিক অসম আন্দোলনৰ পৰিণতি অসম চুক্তিৰ ভিত্তিত অসম গণ পৰিষদ দলটো ১৯৮৫ চনত গঠিত হৈছল মহন্তক প্ৰতিষ্ঠাপক সভাপতি হিচাপে লৈ।

দলৰ প্ৰতিষ্ঠাপক সভাপতি হোৱা সত্ত্বেও সংবিধান সংশোধন সমিতিত মহন্তক অন্তৰ্ভুক্ত নকৰাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

বিশেষকৈ দলৰ সৈতে শেহতীয়াকৈ হোৱা মহন্তৰ শীতল দ্বন্দ্বৰ প্ৰসংগ এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ দিশ হ’ব পাৰে।

আনহাতে, বৈঠকত লোকসভা নিৰ্বাচনৰ সময়ছোৱাত জিলা সমিতিসমূহৰ পৰা অভিযোগসমূহ বিতংভাৱে পৰীক্ষা কৰিবৰ বাবে এখন অনুশাসন সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কলিতাই জনোৱা মতে, তিনিজনীয়া সদস্যৰে গঠন হ’ব লগীয়া এই সমিতিৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকিব সভাপতি অতুল বৰাৰ ওপৰত।

ইপিনে, বৈঠকত আগন্তুক সময়ত ৰাজ্যখনৰ পৰা খালী হ’ব লগীয়া ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনক লৈও দলৰ মজিয়াত আলোচনা হৈছে বুলি জানিবলৈ দি কলিতাই কয়, “দলৰ সভাপতিৰ নেতৃত্বত সমূহ সাধাৰণ সম্পাদক আৰু বিধায়কসকলক লগত লৈ এখন ১৮ জনীয়া কমিটী গঠন কৰি দিয়া হৈছে। এই কমিটীয়ে ৰাজ্যসভাৰ নিৰ্বাচন সম্পৰ্কত সিদ্ধান্ত ল’ব।”

৬ জনগোষ্ঠীক জনজাতিকৰণৰ সমস্যা, জাগীৰোড কাগজ কল, এন আৰৰ চি আদি বিষয়ৰ ওপৰতো উক্ত কাৰ্য্যনিৰ্বাহক বৈঠকত আলোচনা হয়, কলিতাই জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd