অসমীয়াত এষাৰ কথা আছে বোলে দেখাত দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা। সেই গতিয়েই হ’ল বিজেপিৰ মিত্ৰজোঁট অসম গণ পৰিষদৰ।
এতিয়া যেন এনে হ’ল বিজেপিক দেখি উঠিল গা অগপৰ আইটি চেলে বোলে মোকো চা।
আজি অগপৰ আইটি চেলৰ উদ্যোগত মুকলি কৰা হৈছিল এক ৱেবচাইট আৰু তাৰ জৰিয়তে সদস্য ভৰ্তি অভিযানো আৰম্ভ কৰিছিল।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সময়মতেই দলটোৰ সভাপতি অতুল বৰাই মুকলি কৰিছিল ৱেবচাইটটো। মুকলি কৰাৰ সময়ত প্ৰদৰ্শিত ভিডিঅ’টো চলি থকা ভিডিঅ’টোৰ মাজতে ঘটিল অথন্তৰ।
অসম গণ পৰিষদৰ নামটোতে ওলাই পৰিল এক ডাঙৰ ভুল। অসম গণ পৰিষদৰ সলনি আইটি চেলে কৰিলে অসম গণ ‘পৰষিদ’। অৰ্থ্যাৎ পৰিষদ হৈ পৰিল ‘পৰষিদ’।
বিজেপি, অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ ৱেবচটাইট দেখিয়েই পিছ পৰি থাকিব বিচৰা নাছিল আঞ্চলিকতাবাদী শক্তি অসম গণ পৰিষদ। কিন্তু ডিজিটাইলাইজেশ্যনৰ প্ৰথমটো খোজতে যেন উজুতি খাই অস্বস্তিত পৰিল আঞ্চলিকতাবাদী দলটো।
উল্লেখ্য যে, আজি অসম গণ পৰিষদৰ ডিজিটেল কোষ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। এই ডিজিটেল কোষৰ জৰিয়তে সদস্য ভৰ্তি ২০২১ অভিযান আৰম্ভ কৰিছিল আইটি চেলে। কিন্তু ডিজিটেল কোষ গঠন কৰিয়েই অস্বস্তিত পৰাত পুনৰ সেই ডিজিটেল বেনাৰ আঁতৰাই পেলালে দলটোৱে।
তাৰ পাছতে অতুল বৰাই ক’লে ‘এনেকৈ হ’লে আইটি চেলে কেনেকৈ কাম কৰিব?’
অগপৰ আইটি চেলৰ আৰম্ভণিতে এই বিলৈ দেখি এতিয়া ছ’চিয়েল মেডিয়াত তীৰ্যক সমালোচনাৰ সন্মুখীন হৈছে আঞ্চলিকতাবাদী শক্তিটো।
অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ বাবে অহৰ্নিশে সংগ্ৰাম কৰি যোৱা অসম গণ পৰিষদ দলটোৰ নিজৰ নামটোতে হোৱা এনে ভুলৰ বাবে এতিয়া সচেতন মহলত বিষয়টোৱে বহুল চৰ্চা লাভ কৰিছে।