• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপক নিদিয়ে ৰাজ্যসভাৰ আসন; বিজেপিৰ নিজৰে অংক মিলা নাই

ৰাজ্যসভাৰ আসনলৈ আশা পালি থকা অগপক “মিত্ৰ”ৰ আন এক প্ৰতাৰণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 19, 2019 7:00 pm
HM Amit Shah to visit Assam, says BJP state president Ranjeet Dass

ৰঞ্জিত দাসৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা জুন মাহত ৰাজ্যত খালী হ’ব লগীয়া ৰাজ্যসভাৰ দুখন আসনৰ এখন পোৱাৰ আশা পালি থকা অগপক এখনো আসন এৰি দিব নোৱাৰিব মিত্ৰ বিজেপিয়ে। আসনক লৈ বিজেপিৰ নিজৰে অংক নাই মিলা বুলি কৈ মিত্ৰ দলটোলৈ এই দুঃসংবাদ দিছে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

আজি দলৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত এখন সংবাদমেলত অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয়, বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি বহুজনে ইতিমধ্যে আৱেদন জনাইছে। ইয়াৰ মাজত আছে লোকসভা নিৰ্বাচনৰ টিকট বঞ্চিত কেইবাগৰাকীও নেতা।

Apply Now

“পুনৰ মিত্ৰতা”ৰ বিনিময়ত অসমৰ ৰাজ্যসভাৰ এখন আসন আঞ্চলিক দলটোক এৰি দিয়াৰ বাবে গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে প্ৰতিশ্ৰুতি দিছে, এই বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰি আহিছে অগপৰ সভাপতি অতুল বৰাই।

কথাটো সাংবাদিকে মনত পেলাই দিয়াত ৰঞ্জিত দাসৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য, “কেৱল ৭ জুনতে ৰাজ্যসভাৰ নিৰ্বাচন নহয়। ২০২০-তো তিনিখন আসন খালী হ’ব। গতিকে আমাৰ ৰাষ্ট্ৰীয় সভাপতিয়ে তেওঁলোকক কোনটো নিৰ্বাচনৰ কথা ক’লে সেই সম্পৰ্কত মই অৱগত নহয়।”

উল্লেখযোগ্য যে দলৰ নেতাক ৰাজ্যসভালৈ পঠাবৰ বাবে অগপ দলে ভিতৰুৱাকৈ কুচকাৱাজ চলাই আছে।

এই বিষয়ক সকলো কথা চালিজাৰি চাই কাক প্ৰাৰ্থী হিচাপে আগ বঢ়াব সেইটো নিৰ্ণয় কৰিবলৈ যোৱা ১৪ মে’ৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহকত এখন ১৮জনীয়া কমিটীও গঠনৰ সিদ্ধান্ত লৈছিল আঞ্চলিক দলটোৱে, যিটো কথা সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিছিল।

ইয়াৰ পিছতো দলটোৰ বাবে এখন আসনো এৰি নিদিলে আঞ্চলিক দলটোৰ বাবে চৰমৰ কথা হ’ব, লগতে ই “মিত্ৰ”ৰ অন্য এটা প্ৰতাৰণা হ’ব। কাৰণ ইতিপূৰ্বে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত আসন ভাগ বাটোৱাৰাৰ নামত মিত্ৰ আঞ্চলিক দলটোক ৰাষ্ট্ৰীয় দলটোৱে “সম্ভাৱনা নথকা” আসন তিনিখনহে এৰি দিছিল।

আনপিনে, বিহাৰত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত লোক জনশক্তি পাৰ্টিৰ সৈতে আসনৰ বুজাবুজিত উপনীত হওঁতে গেৰুৱা দলটোৱে অসমৰ পৰা ৰাম বিলাস পাছোৱানক জিকাই নিয়াৰ “অঘোষিত চুক্তি” কৰিছিল।

সভাপতি ৰঞ্জিত দাসে ৰাম বিলাস পাছোৱানক ৰাজ্যসভালৈ প্ৰক্ষেপ কৰাৰ বিষয়ে অৱগত নহয় বুলি কৈ কয়, “মই সংবাদ মাধ্যমৰ পৰাহে শুনিছো।”

অসম বিজেপিৰ বাবে অগপ নে বিহাৰৰ এল জে পি কোন বেছি গুৰুত্বপূৰ্ণ হয়, সেয়া অলপতে স্পষ্ট হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd