অগপৰ বিধেয়ক বিৰোধী আন্দোলন নাটকৰ অন্তিম ৰূপায়ণ ‘মাজনিশাৰ আত্মসমৰ্পণ’

D1ek1sHUcAAIHgR-750x375

মিত্ৰতা আৱদ্ধ হোৱাৰ পাছত বিজেপি নেতা ৰাম মাধৱৰ সৈতে অগপ নেতৃত্ব। ফটো : টুইটাৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ‘শংখনিনাদ’ দি ৰাজ্য কঁপাবলৈ যোৱা অগপ এতিয়া পুনৰ বিজেপিৰ পকেটত সোমাল। মাজনিশা নিৰ্লজ্জভাৱে আত্মসমৰ্পন কৰি ‘জাতিৰ স্বাৰ্থত আপোচ নকৰো’ বুলি কোৱা অগপই এতিয়া ২০১৯ৰ নিৰ্বাচনত ‘জাতিধ্বংসী’ বিধেয়কৰ প্ৰস্তাৱক বিজেপিৰ জয়ৰ অংশীদাৰ হৈ পৰিল।

কিন্তু স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ দল-সংগঠন আৰু ৰাইজে প্ৰতিবাদ কৰাত নিজকে ৰাইজৰ পক্ষত থকা বুলি দাবী কৰা অগপৰ বিধেয়ক বিৰোধী স্থিতি এক নাটকহে আছিল নেকি? নহ’লে কি কাৰণত অগপই বিজেপিৰে পুনৰ মিত্ৰতাত আৱদ্ধ হ’বলগীয়া হ’ল?

যোৱা জানুৱাৰি মাহত লোকসভাত বিধেয়কখন গৃহীত হ’ব বুলি নিশ্চিত হোৱাৰ পাছত বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰা অগপই অসমৰ ৰাইজৰ লগতে জাতীয়-জনগোষ্ঠীয় সংগঠনসমুহৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু বিধেয়কখনৰ প্ৰসংগ পুনৰ অহাৰ পূৰ্ণ সম্ভাৱনা থকাৰ পাছতো আঞ্চলিক দলটোৱে নিজৰ স্থিতি সলনি কৰা কাৰ্যই এতিয়া ৰাইজক স্তম্ভিত কৰি তুলিছে।

শেহতীয়াভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ২০১৯ ত বিজেপিৰ চৰকাৰ হ’লে নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ উত্থাপন কৰিব বুলি লখিমপুৰৰ সভাত স্পষ্ট ঘোষণা কৰি গৈছে। এই বিধেয়ক গৃহীত হৈ নাগৰিকত্ব আইন সংশোধন হ’লে অৰ্থহীন হৈ পৰিব ‘অসম চুক্তি’। তেনেস্থলত অসমৰ খিলঞ্জীয়া ৰাইজে নিবিচৰা বিধেয়কখনৰ পক্ষত থকা দলটোৰ লগ লগাটোৱে অগপৰ আপোচ কৰা স্থিতিকেই যে উদঙাইছে সেয়া স্পষ্ট।

ইপিনে, এই মিত্ৰতাৰ পাছতেই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অতি নৰম মন্তব্য প্ৰকাশ কৰিলে অতুল বৰাই।

অতুল বৰাই কয়, ‘’নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোৰ এতিয়া সামৰণি পৰিছে। যদি ভৱিষ্যতে পুনৰ আহে তেতিয়া অগপই নিজৰ স্থিতিত থাকিব। মঙলবাৰে বিজেপিৰ সৈতে হোৱা আলোচনাত এটা সিদ্ধান্ত লোৱা হৈছে যে যিহেতু এই ক্ষেত্ৰত দুয়োটা দলৰ মাজত মতানৈক্য আছিল গতিকে ভবিষ্যতে এই বিষয়টো উত্থাপন কৰিবলগীয়া হ’লে আলোচনাৰ মাজেৰে সিদ্ধান্ত লোৱা হ’ব।‘’

একেদৰে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিশ্ৰুতি আগতেও আছিলে, এতিয়াও আছে আৰু আগলৈও থাকিব বুলি মন্তব্য কৰি কয়, ‘’যদি ইয়াত কিবা জটিলতা থকা বুলি কোনোৱে অনুভৱ কৰে আগন্তুক দিনত আলোচনা মৰ্মে ইয়াৰ সংশোধন কৰা হ’ব বুলি আমি সিদ্ধান্ত লৈছো।‘’

কিন্তু বিজেপিয়ে আগন্তুক দিনত নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত অগপৰ লগত সঁচাকৈয়ে আলোচনা কৰিব নে সেই প্ৰশ্ন আহি পৰে। কিয়নো বিধেয়কখন সন্দৰ্ভত ৰাইজৰ মত ল’বলৈ যুটীয়া সংসদীয় সমিতি গঠন কৰা হৈছিল। কিন্তু এই সমিতিৰ প্ৰতিবেদন সম্পূৰ্ণ একপক্ষীয় হোৱাহে দেখা গৈছিল। দ্বিতীয়তে, জানুৱাৰি মাহত মিত্ৰতা ভংগৰ আগলৈ অগপ নেতৃত্বই বিধেয়কখনৰ বিষয়লৈ কেইবাবাৰো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰিছিল। কিন্তু অগপৰ কোনো কথাই শুনা নাছিল বিজেপিৰ নেতাসকলে।

ইয়াৰ উপৰিও অতুল বৰাই আজি ‘আমাক সাংসদ লাগে’ বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে। কিন্তু জানিব পৰা মতে, এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অগপক ৰাজ্যৰ ১৪ খন আসনৰ বিজেপিৰ স্থিতি অতি দূৰ্বল বুলি পৰিগণিত ৩ খন আসনত হে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব। আসন কেইখন ধুবুৰী, বৰপেটা আৰু কলিয়াবৰ। এই আসন তিনিখনত অগপই নিজৰ শক্তি দেখুৱাব পাৰিবনে সেয়াও এক ডাঙৰ প্ৰশ্ন।