• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে ৰাজ্যসভাৰ এখন আসন এৰি দিব অগপক : প্ৰাৰ্থী হ’ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ বৈশ্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 26, 2019 7:07 pm
former-assam-agp-mp-biren-baishya

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৭ জুনত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত অসম গণ পৰিষদক এখন আসন এৰি দিব বিজেপিয়ে। এই আসনখনত প্ৰতিদ্বন্দিতা কৰিব অসম গণ পৰিষদৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। দিল্লীত সংবাদ মাধ্যমৰ আগত আজি এই কথা ঘোষণা কৰে অগপ সভাপতি অতুল বৰাই।

উল্লেখ্য যে, অহা ১৪ জুনত ৰাজ্যসভাৰ দুখন আসন খালী হ’ব। সেই আসন দুখনকৈ লৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহে কুচকাৱাজ আৰম্ভ কৰিছে যদিও দুয়োখন আসন বিজেপিৰ দখললৈ যোৱাটো নিশ্চিত হৈ পৰিছে।

Apply Now

ইপিনে, আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰি অভিনন্দন জনোৱাৰ উপৰিও অসমৰ ৰাজ্যসভাৰ আসন দুখন সন্দৰ্ভত আলোচনা কৰে।

আলোচনাৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন আসনত বিজেপিয়ে নিজে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ লগতে এখন আসন অসম গণ পৰিষদক এৰি দিব বুলিও সদৰী কৰে।

‘’আমাৰ ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ সন্দৰ্ভত প্ৰাৰম্ভিক আলোচনা হৈ যায়। খুব সম্ভৱ আমি অসম গণ পৰিষদক দ্বিতীয় আসনখন এৰি দিম আৰু আনখন আসনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দিতা কৰিব,‘’-অমিত শ্বাহৰে আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

ইপিনে, অসমৰ পৰা বিহাৰৰ ৰামবিলাস পাছোৱানে বিজেপিৰ হৈ ৰাজ্যসভাৰ প্ৰথমখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি অধিক ৰূপত চৰ্চিত বিষয়টো নস্যাৎ কৰি হিমন্তই কয়, ‘’অসমৰ ব্যক্তিয়েই নিৰ্বাচনত উঠিব। অসমৰ বাহিৰৰ পৰা প্ৰাৰ্থী অহাৰ কোনো কথা নাই। আজি গধুলি নাইবা কাইলৈ আনুষ্ঠানিক ঘোষণা হৈ যাব।‘’

আনহাতে, হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অগপ সভাপতি অতুল বৰাই।

বৰাই কয়, ‘’ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃত্বই আমাক এখন আসন প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে এৰি দিছে। পৰহিলৈ আমি মনোনয়ন পত্ৰ দাখিল কৰিম। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সৰ্বসন্মতিক্ৰমে আসনখনৰ প্ৰাৰ্থী হিচাপে ইতিমধ্যে মনোনীত কৰা হৈ আছে।‘’

উল্লেখ্য যে, বিজেপিৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰি ইতিমধ্যে আৱেদন জনাইছে ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ ৰমেন ডেকা, কেন্দ্ৰীয় ৰাজ্যিক ৰেইল মন্ত্ৰী ৰাজেন গোহাঁই, গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তী, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিজেপিৰ ৰাজ্যিক উপ-সভাপতি বিজয় গুপ্তা, জ্যেষ্ঠ নেতা তথা “বিজেপি বাৰ্তা”ৰ সম্পাদক দেৱদত্ত বৰকটকীৰ উপৰি আন কেইবাজনো নেতাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd