বিজেপিৰ সৈতে অসম গণ পৰিষদে পুনৰ মিত্ৰতাত আবদ্ধ হোৱাক কেন্দ্ৰ কৰি আঞ্চলিক দলটোৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰ মাজত এতিয়াও অব্যাহত আছে অসন্তুষ্টি। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে এইবাৰ দিচপুৰ সমষ্টিৰ অন্তৰ্গত ১৬ খন আঞ্চলিক কমিটিয়ে অগপৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ঠিয় দিয়া পৰিলক্ষিত হৈছে।
বৃহস্পতিবাৰে সোণাপুৰ অগপৰ কাৰ্যালয়ত দিচপুৰ সমষ্টিৰ কমিটিয়ে এখন সংবাদমেলৰ আয়োজন কৰি কোনো কাৰণতে বিজেপিৰে অগপৰ মিত্ৰতা মানি নলয় বুলি উল্লেখ কৰি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিজেপিক ভোট নিদিবলৈ আহ্বান জনায়।
ইয়াৰ উপৰি বিজেপিয়ে আয়োজন কৰা বিভিন্ন সভা-সমিতিত আজি পৰ্যন্ত সমষ্টিটোৰ অন্তৰ্গত অগপৰ এখনো আঞ্চলিক কমিটিক আমন্ত্ৰণ জনোৱা নাই বুলি সংবাদমেলতে নেতা-কৰ্মীসকলে আক্ষেপ প্ৰকাশ কৰে।
ইয়াৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি নলয় বুলি অতি স্পষ্টকৈ উল্লেখ কৰে অগপৰ কৰ্মীসকলে বিজেপিক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ইফালে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন ঠাইত বিজেপিয়ে স্থাপন কৰা নিৰ্বাচনী কাৰ্যালয়ত অগপৰ পতাকা ওলোমোৱা কাৰ্যকো ধিক্কাৰ জনায় অগপৰ কৰ্মীসকলে।
বৃহস্পতিবাৰৰ সংবাদমেলত দিচপুৰ সমষ্টিৰ উপ-সভাপতি দীগেন বংজাং, অগপৰ কামৰূপ জিলাৰ উপ-সভাপতি অৰূপ বৰা, সাংগঠনিক সম্পাদক দেৱাৰুণ কৈৰী, প্ৰচাৰ সম্পাদকৰ লগতে বহুতো নেতা-কৰ্মী উপস্থিত থাকে।
উল্লেখ্য যে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণ। সমষ্টিটোত অগপ-বি পি এফ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে কুইন ওজা। প্ৰাৰ্থীগৰাকীয়ে সমষ্টিৰ চুকে-কোণে গৈ চলাই আছে প্ৰচাৰ। সেই সময়তে বিজেপিৰ অন্যতম সহযোগী অগপৰ দিচপুৰ সমষ্টিৰ অন্তৰ্গত আঞ্চলিক কমিটি সমূহে গ্ৰহণ কৰা এনে সিদ্ধান্তই ক্ষতিগ্ৰস্ত কৰিব বুলি চিন্তিত কৰি তুলিছে শাসকীয় দলটোক।