• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিত্ৰতাৰ পৰা লাভৱান! অগপ-বিজেপিৰ মিত্ৰতা নভঙাৰ ইংগিত অগপৰ সভাপতি অতুল বৰাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 28, 2018 9:08 pm
AGP-BJP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ সৈতে মিত্ৰতাৰ পৰা লাভৱান হৈছে নেকি অগপ দল বা অগপ দলৰ মন্ত্ৰী-বিধায়ক! মাজে মাজে উক দি উঠা ক্ষোভ-অসন্তুষ্টিবোৰ, মিত্ৰতা ভংগৰ হুংকাৰবোৰ আচলতে দলীয় নহয় নেকি? সেয়া দুই এজন নেতাৰ ব্যক্তিগত মত নেকি?

এই প্ৰশ্ন উদয় হোৱাৰ মূলতে হ’ল আজি এখন সংবাদমেলত অগপ দলটোৰ সভাপতি অতুল বৰাই কৰা মন্তব্য। আজি সংবাদমেলত বৰাই পৰিৱৰ্তিত সুৰত কৰা মন্তব্যই এই কথা স্পষ্ট কৰিলে যে আগন্তুক পঞ্চায়ত অথবা লোকসভা নিৰ্বাচনত মিত্ৰতা অব্যাহত থাকিব অগপ আৰু বিজেপিৰ।

Apply Now

আগন্তুক সময়ছোৱাত অগপ-বিজেপিৰ মিত্ৰতাক লৈ প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে বা বিষয়টোক লৈ ব্যাপক চৰ্চা চলি থকাৰ সময়তে অতুল বৰাই আজি  কয়, “আগন্তুক দিনবোৰত কেনেকৈ মিত্ৰজোঁটৰ সু-সমন্বয় ৰক্ষা কৰি চলিব পাৰি, সেই বিষয়ে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনা কৰিছিলো।”

আনহাতে কংগ্ৰেছৰ অপশাসন দূৰ কৰাৰ বাবেই যোৱাবাৰ দুয়োটা দলৰে মতানৈক্য থকাৰ পাছতো মিত্ৰজোঁট কৰিছিল বুলি অতুল বৰাই কয়।

অৱশ্যে মিত্ৰজোঁটত থাকিও ৰাজ্যৰ সমস্যাবোৰৰ ক্ষেত্ৰত অগপৰ স্থিতি অটুট ৰখাৰ কথা উনুকিয়াই দিয়ে সভাপতিগৰাকীয়ে।

তেওঁ কয় “মিত্ৰজোঁটত আছো যদিও যোৱা দিনবোৰত আমাৰ স্থিতিৰ পৰা আঁতৰি যোৱা নাই। তাৰ মাজতো মিত্ৰজোঁটৰ চৰকাৰখন চলাই নিব লাগিব।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ মে’ মাহত নেডাৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ আহোতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে উত্তৰ পূবৰ ২৫খন লোকসভা আসনৰ ২১খনেই বিজেপিয়ে দখল কৰাৰ পৰিকল্পনা কৰিছে বুলি কৈছিল। কিন্তু একে সময়তে এইটোও স্পষ্ট কৰি দিছিল যে পৰৱৰ্তী লোকসভা নিৰ্বাচন পৰ্য্যন্ত দলটোৱে ইয়াৰ মিত্ৰ অগপ আৰু বি পি এফৰ সৈতে মিত্ৰতা অব্যাহত ৰাখিব।

ইয়াৰোপৰি আগন্তুক পঞ্চায়ত তথা লোকসভা নিৰ্বাচনত অগপৰ সৈতে মিত্ৰতা চলাই নিয়াৰ ইংগিত দিছিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেও। যোৱা ২৬ জুনত সংবাদমেলৰ জৰিয়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে অহা ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ’ব লগীয়া পঞ্চায়ত নিৰ্বাচনত অগপ-বিপিএফৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছিল। লগতে আগন্তুক বিধানসভা নিৰ্বাচনত অগপ-বিপিএফৰ মিত্ৰতাৰে ১৪খন লোকসভা আসনেই দখলত অনাৰ কথা কৈছিল।

আনহাতে, কিছুদিন পূৰ্বে সাংবাদিকৰ সৈতে বাৰ্তালাপত অগপৰ সভাপতি অতুল বৰাই কৈছিল যে পঞ্চায়ত নিৰ্বাচনত অগপই অকলে অৱতীৰ্ণ হ’ব তথা দলটোৱে ইতিমধ্যে সাংগঠনিক ভেটি সুদৃঢ় কৰি তোলাৰ দাবী কৰি বিগত সময়ছোৱাত তৃণমূল পৰ্যায়ত দলক শক্তিশালী কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

বৰ্তমান সুৰ সলোৱা অগপ নেতাগৰাকীয়ে তাৰ পৰিৱৰ্তে আগন্তুক দিনবোৰত মিত্ৰজোঁটৰ সৈতে সু-সমন্বয় ৰক্ষা কৰি চলিব বুলি কোৱা কথাষাৰে ৰাজনৈতিক বিশ্লেষকৰ মাজত নতুন মাত্ৰা পাইছে।

আনহাতে, কেইদিনমান পূৰ্বে অগপৰ সাধাৰণ সম্পাদক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিজেপিৰ উচ্চস্তৰীয় নেতাৰ আগত আগন্তুক লোকসভা নিৰ্বাচনত অগপৰ বাবে ৫খন আসন বিচাৰিছিল আৰু লগতে উক্ত আসনকেইখনত অগপৰ স্থিতি সুদৃঢ় বুলিও দাবী কৰিছিল।

ইয়াৰ বিপৰীতে মঙলবাৰে অগপ সভাপতি অতুল বৰাৰ স্থিতিত আপোচ কৰি হ’লেও মিত্ৰতা ৰক্ষাৰ আগ্ৰহ দেখা পোৱা গ’ল।

এই সন্দৰ্ভত বৰাই কয়, “আগত পঞ্চায়ত নিৰ্বাচন, গতিকে লোকসভা নিৰ্বাচনলৈ বহুদিন আছে। এতিয়াই আমি কিমানখন আসন লাগিব সেই কথা স্পষ্ট কৰা নাই। লোকসভা নিৰ্বাচনৰ আগতহে আমি কেইখন আসন লাগে সেই কথা ক’ম।”

এক দলৰে দুজন নেতাৰ বিপৰীত ভাষ্যই বৰ্তমান পৰিস্থিতিত বিশেষ তাৎপৰ্য্য বহন কৰিছে। ইয়াৰোপৰি দলটোৰ কিছুসংখ্যক তৃণমূল কৰ্মীয়ে ইতিমধ্যই অসন্তুষ্টি প্ৰকাশ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd