• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কৃষি, কৃষ্টি আৰু বিহু-সংস্কৃতি

প্রতিভা শইকীয়া চুতীয়া by প্রতিভা শইকীয়া চুতীয়া
April 13, 2021 2:56 pm
dance

প্ৰতিনিধিত্বমূলক ছবি, উৎস-ইন্টাৰনেট

170
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষি পদ্ধতিৰ আৰম্ভণিয়েই সভ্যতাৰ প্রথম খোজ। সভ্যতাৰ পথটো কৃষ্টিয়েই গঢ়িছে। কৃষ্টি শব্দটো ‘কৃষ’ ধাতু ‘ক্তি’ প্রত্যয়ৰ সংযোগত সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হৈছে ভূমিৰ লগত কৰ্ষণ। কিন্তু ই কেৱল ভূমিৰ লগত কৰ্ষণতেই আৱদ্ধ নহয়, বস্তুজগতৰ লগত কৰি থকা কাৰ্যসমূহকো সামৰি লয়। কৃষ্টিৰ সংস্কাৰেই হৈছে সংস্কৃতি। কৃষি কাৰ্যৰ আৰম্ভণিৰ আগতে যাযাবৰী মানৱ জাতিয়ে কেৱল খাদ্য সংগ্ৰহহে কৰিছিল। সেই সময়ৰ মানুহৰ জীৱনক আমি বন্য বা বৰ্বৰ বুলি কওঁ। সংগৃহীত খাদ্য-সামগ্ৰী এঠাইত নাৰীয়ে গোটাই-পিটাই থৈছিল আৰু তাৰ লগে লগে চিকাৰ কাৰ্য কেৱল পুৰুষসকলেহে কৰিবলৈ লৈছিল। আনহাতে, সংগৃহীত ফল-মূলবোৰৰ গুটিবোৰ এঠাইত পেলাই দিয়াৰ পাছত তাতে নতুন গছৰ সৃষ্টি হৈছিল। ঠিক তেনেকৈ অতিৰিক্ত পশু-পক্ষীসমূহ দীঘলীয়া দিন ৰাখি থোৱাৰ পাছত পোৱালী জন্ম হৈছিল। নাৰী-পুৰুষৰ মনত দুটা নতুন ধাৰণাৰ সৃষ্টি হোৱাৰ লগতে বাস্তৱিক জ্ঞান হৈছিল। গুটি ছটিয়াই দিলেই প্রয়োজনীয় খাদ্য-সামগ্ৰী দিয়া গছবোৰ হাততে পোৱা গৈছিল। তেতিয়াই নাৰীৰ হাতত কৃষিৰ আৱিষ্কাৰ আৰু পশুপালন আৰম্ভ হৈছিল। এই দুটা আৱিষ্কাৰৰ ফলত মানুহে বৰ্বৰ জীৱনৰ ইতি পেলাই সভ্যতাৰ খোজত ভৰি থৈছিল। বন্যৰ দৰে ঘূৰি নুফুৰি এঠাইত থূপ পাতি থাকিবলৈ লৈছিল। একেলগে নিৰ্দিষ্ট ঠাইত প্রয়োজনীয় খোৱা বস্তুবোৰৰ গুটি সিঁচি গছবোৰ ৰুবলৈ আৰু ডাঙৰ কৰিবলৈ শিকিছিল। যাক আমি কৃষিৰ আৰম্ভণি বুলি কওঁ।

প্রথম অৱস্থাত শুকান শুকানকৈ খন্তি বা দা ব্যৱহাৰ কৰি গুটি সিঁচিছিল আৰু ৰুইছিল। যেতিয়া আৰ্দ্ৰ খেতি আৰম্ভ কৰিছিল তেতিয়া বৰষুণৰ সময়লৈ বাট চাইছিল। খেতি কৰাৰ পদ্ধতিৰো সংস্কাৰ সাধন হৈছিল। খন্তি বা দাৰ সলনি নাঙল আৱিষ্কাৰ কৰিছিল। নাঙলৰ আৱিষ্কাৰৰ পৰাই প্রকৃতিৰ পৰিঘটনাৰ ওপৰত নিৰ্ভৰ কৰি (বৰষুণ, ধুমুহা, ৰ’দ ইত্যাদি) কৃষি আৰম্ভ কৰিছিল। কৃষিভূমিত পানীৰ প্রয়োজন হ’লে পথাৰত বৰষুণৰ বাবে নৃত্য কৰিছিল। সেই সময়ত আদিম মানুহে কোনো অদৃশ্য দেৱতাক বৰষুণৰ বাবে প্ৰাৰ্থনা নজনাইছিল। শস্য ভাল হ’বৰ বাবে দেৱতাৰ ওচৰত শৰণ নলৈছিল। পথাৰত প্রজননৰ নাচ নাচিছিল। সেইদৰে ভাল চিকাৰ পোৱাৰ আশা কৰিলে চিকাৰলৈ যোৱাৰ আগত চিকাৰৰ নাচ নাচি লৈছিল। ই আছিল আদিম মানুহৰ জীৱন-সংগ্ৰামৰ আহিলা। নিজ নিজ গোষ্ঠীক খাদ্য যোগান ধৰাৰ আকাংক্ষাৰ বাস্তৱ প্রকাশ। এনেদৰে তেওঁলোকৰ মাজত নৃত্যবোৰৰ জন্ম হৈছিল।

Apply Now

সৌন্দৰ্যৰ প্রতি আদিম মানুহৰ আজিৰ দৰে সজাগতা নাছিল। গানেই হওক বা নৃত্যই হওক আদিতে সকলোবিলাক জীয়াই থকাৰ সংগ্ৰামৰ আহিলাস্বৰূপহে আছিল। আদিম অৱস্থাত নৃত্য-গীতবোৰৰ উৎস আছিল শ্ৰম। খেতিৰ সময়ত, মাছ মাৰিবৰ সময়ত, চিকাৰ কৰিবৰ সময়ত, সূতা কাটিবৰ সময়ত, যুদ্ধলৈ যোৱাৰ সময়ত যিবোৰ নৃত্য-গীত কৰিছিল সেই নৃত্য-গীতবোৰে খেতি ভাল কৰাত, যুদ্ধত জয়ী হোৱাত, মাছ বা চিকাৰ পোৱাত, সূতাকটা, খৰটকীয়া কৰাত সিহঁতক মনত এটা জোৰ অথবা আত্মবিশ্বাস দিছিল। উল্লেখযোগ্য যে অত্যাধিক জোৰ দি কৰিবলগীয়া কামত শ্ৰমিকবিলাকে হেলৌ হেচৌ, জোৰ লগাকৈ জাতীয় শ্রম-গীতবোৰ সুৰ লগাই লগাই চিঞৰা বৰ্তমানেও আমি শুনিবলৈ পাওঁ৷ ইয়াৰ পৰাই আমি বুজিব পাৰোঁ যে গানৰ সুৰৰ লগত শ্ৰমৰ ওচৰ সম্পৰ্ক আছে।

ওপৰোক্ত কথাখিনিৰ পৰা অসমীয়া জাতিৰ কৃষ্টি অর্থাৎ ‘বিহু’ কৃষি ব্যৱস্থাটোৰ পৰাই যে জন্ম হৈছে সি সহজেই অনুমেয়। অসম কৃষি নিৰ্ভৰশীল ৰাজ্য। য’ত ৭০ শতাংশ মানুহেই কৃষিজীৱী। সেয়ে বিহুক অসমীয়া জাতিৰ জাতীয় উৎসৱ বোলে। সৰহ সংখ্যক মানুহৰ যাৰ ওপৰত নিৰ্ভৰ কৰি জীৱন চলে সেই ব্যৱস্থাটোৰ লগত কৃষ্টি-সংস্কৃতি জড়িত। আমি যি ভাবো, যি কৰো, যি পিন্ধো, যি খাওঁ তাতে সংস্কৃতিৰ বহিঃপ্রকাশ ঘটে। কৃষিজীৱী মানুহৰ উৎপাদনী ব্যৱস্থাটোৰ লগত কেনেধৰণে বিহু সৃষ্টি হৈছে সেয়া গভীৰ গৱেষণাৰ বিষয়। থাওকতে উনুকিয়াব বিচাৰোঁ যে বৰদৈচিলা অহাৰ পাছত আৰ্দ্ৰ খেতি কৰাৰ সময় সমাগত হয়। মাটি চহ কৰিবৰ বাবে কৃষক সাজু হয়। তাৰ আগতে নৃত্য-গীত গাই সকলো পুৰুষ-মহিলাই মানসিক শক্তি আৰু উদ্যম লৈ কৃষি-কৰ্মৰ নাচ-গান কৰিছিল। কেনেকৈ গুটি সিঁচিব, ৰুব, তুলিব, হাল বাব ইত্যাদি মুদ্ৰা প্রদৰ্শনৰ লগতে উৎসাহৰ বাবে যৌনগন্ধী গীতে ডেকা-গাভৰুৰ সৃষ্টিলৈ ৰূপান্তৰৰ এক প্রচণ্ড অনুপ্ৰেৰণা আনি দিছিল। যাৰ বাবে কষ্টক কষ্ট যেন অনুভৱ নকৰিছিল। নতুন উদ্যমেৰে পথাৰৰ কামত মনোযোগ দিছিল। তেনেকৈ ক’ব নোৱাৰাকৈ উৎপাদনী ব্যৱস্থাটোৰ লগত বিহু এটা অংগ হৈ পৰিছিল।

বিহু হ’ল আমাৰ কৃষি-সংস্কৃতিৰ বাটচ’ৰা। যাৰ যোগেদি আমাৰ প্রথম পৰিচয়ৰ খোজ। সেয়ে আমাৰ বিহু বুলি ক’লে উৎপাদনশীল পথাৰখনৰ কথাই মনত পৰিব লাগিব। নহ’লে আমাৰ সংস্কৃতি বিজতৰীয়া হ’ব। খেতি-পথাৰৰ লগত সম্পৰ্ক নথকা নৃত্য, নাচ, গীত আমাৰ বিহু হ’ব নোৱাৰে। বৰ্তমান সময়ত বিহুৰ নামত ৰাতিৰ শেষ প্রহৰলৈকে যিকোনো উচ্চাংগ বাদ্য-গীতত উচ্ছৃংখল নৃত্য প্রদৰ্শনে, উৎপাদন ব্যৱস্থাটোৰ লগত সম্পৰ্ক নথকা গীত-মাতে কিহৰ ইংগিত বহন কৰিছে সেয়া সহজেই অনুমেয়। সংস্কৃতিৰ নামত এটা উন্মাদনাময় পৰিৱেশৰ গঢ় দিয়া হৈছে।

এইখিনিতে প্রশ্ন হ’ব পাৰে যে আদিম সমাজ-ব্যৱস্থা সুকীয়া আছিল। উৎপাদন পদ্ধতি সুকীয়া আছিল। গতিকে সংস্কৃতিও সুকীয়াই আছিল! আগতে কেৱল গৰু-ম’হক লৈ নাঙলেৰে খেতি কৰিছিল। এতিয়া টেক্টৰ আহিল। সমাজৰ পৰিৱৰ্তনৰ লগে লগে আমি প্ৰযুক্তিৰ কৌশল অৰ্থাৎ প্রগতিৰ ৰীতি গ্ৰহণ কৰিবই লাগিব। দীঘলীয়া সময় অপচয় নকৰি কম সময়ৰ ভিতৰতে কৰিব পৰা ব্যৱস্থাটো গ্ৰহণ নকৰাতো মূৰ্খামি হ’ব। সেয়ে ক’ব পাৰি যে খেতিৰ পদ্ধতিটোহে সলনি হৈছে। কিন্তু আমাৰ ৰাজ্যখনৰ ব্যৱস্থাটো কৃষিভিত্তিক হৈয়ে আছে। বৃহৎ ঔদ্যোগিক ৰাজ্য হৈ যোৱা নাই। গতিকে কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখনে কৃষিয়েই কৰিব লাগিব। উন্নত পদ্ধতিৰ অৰ্থ হৈছে দুগুণ বেছি উৎপাদন হ’ব লাগে।

এইখিনিতে উনুকিয়াব বিচাৰোঁ যে ধান খেতি হৈছে আমাৰ মুখ্য খেতি। তাৰ লগতে মৰাপাট, সৰিয়হ, মৎস্য উৎপাদন, পশুপালন সকলোবোৰ সামৰি লৈ কৃষিকেন্দ্ৰিক এখন সমাজে পূৰ্ণতা পায়। কম সময়ৰ ভিতৰত, সৰহ মাটি চহ কৰাৰ ক্ষমতা থকা টেক্টৰখন অসমলৈ অহাৰ পাছতো কিন্তু অসমৰ মাটি চন পৰি থকা হ’ল! একেডোখৰ মাটিতে তিনিটা খেতি বাদেই, এটা খেতিও নহয়। পঞ্জাৱৰ চাউল আনিবলগীয়া হয়। মৰাপাটৰ খেতি কেতিয়াবাই কমি আহিল। কাৰখানা বন্ধ হ’ল। সৰিয়হ দুই এখন জিলাত অলপ সংখ্যক খেতিয়কে খুউব কম পৰিমাণে কৰা দেখা যায়। সেয়ে বহিঃৰাজ্যৰ মিঠাতেল নহ’লে নহয়। অন্যহাতে, মৎস্য পালনৰ কোনো বৈজ্ঞানিক ব্যৱস্থাৰ সুবিধা নকৰাৰ বাবেই বহিঃৰাজ্য অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানি কৰিবলগীয়া হয়। পশু পালনৰ ক্ষেত্ৰতো এতিয়াও তেনে তাকৰীয়া সংখ্যক ব্যক্তিয়েহে মন মেলা দেখা যায়। বহিঃৰাজ্যৰ পৰা আমদানিকৃত মাংসৰ বাবে অনা বইলাৰ আৰু কণীয়ে তাৰ প্রমাণ দিয়ে। সেয়ে এই সকলোবোৰ উৎপাদনৰ উপযোগী ক্ষেত্ৰখনত উৎপাদনী ফলাফল দিনে দিনে নিশকটীয়া হৈ আহিছে।

যদি আমাৰ মনত সঁচাকৈয়ে বিহু আছে তেনেহ’লে খেতিৰ বাবে উৎসাহ নোহোৱা হ’ব নালাগে। আমি যদি উৎপাদন কৰিবলৈ যাওঁতে সৃষ্টি হোৱা নৃত্য, নাচ-গানবোৰ আমাৰ কৃষ্টি আৰু সংস্কৃতি বুলি আত্ম-পৰিচয় দিওঁ, তেনে কিয় ইমান বছৰি বছৰি বিহু পতাৰ পাছতো আমি উৎপাদন ক্ষেত্ৰখনত নিয়োগ অথবা উৎসাহেৰে মনোনিৱেশ কৰিব পৰা নাই! তেনেহ’লে আমি আমাৰ আচল কৃষ্টিকে হেৰুৱাইছো নেকি? কৃষ্টিৰ উত্তৰণেই সংস্কৃতি। যি জাতিৰ সংস্কৃতিৰ সঠিক মূল্যায়ণ নহয় সেই জাতিৰ ভৱিষ্যৎ নিশ্চয় অন্ধকাৰ অভিমুখে৷ আমাৰ শিপাক ক’ৰবাত এৰি থৈ আমি অন্ধ অনুকৰণ কৰি গৈ আছো। কেৱল নাচ-গানক লৈ বাহিৰত চিনাকি দিলেই আমি ‘আমি’ হৈ নাথাকিম। যদি আমাৰ সৃষ্টিৰ গুৰিটোৱেই হেৰাই যায় তেন্তে আমাৰ জাতিৰ অস্তিত্ব নাথাকিব। গছৰ গুৰিটো পচিলে ডালবোৰ এদিন সহজে বাগৰি পৰিব। সেয়ে বিহুৱে আমাৰ খেতিৰ পথাৰখনক দুগুণ নদন-বদন হোৱাৰ উৎসাহ দিলেহে বিহুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ অৰ্থ থাকিব।

প্রতিভা শইকীয়া চুতীয়া

প্রতিভা শইকীয়া চুতীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd