• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৃহ সমষ্টিত জনৰোষৰ সন্মুখীন কৃষিমন্ত্ৰী অতুল বৰা: ৰাইজৰ প্ৰশ্নবানত ঘটনাস্থলীৰ পৰাই ল’লে বিদায়

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , June 16, 2020 11:07 am

2 min read

Image_1592279144715~2

ফটো: নৰ্থইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

জনসাধাৰণৰ মাজত সাহায্য বিতৰণ কৰিবলৈ আহি নিজৰ সমষ্টিতে ৰাইজৰ ৰোষত পৰিব লগীয়া হ’ল বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা ৷

১৫ জুনত বোকাখাতৰ বালিজানৰ মুৰংঘৰত কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত হৈ জনসাধাৰণৰ মাজত সাহায্য বিলাবলৈ লওঁতেই গাওঁবাসীয়ে বিভিন্ন প্ৰশ্নৰে মন্ত্ৰী গৰাকীক থকা সৰকা কৰে ৷

বিগত আঢ়ৈ মাহ সময় দেশত লকডাউন চলি থকাৰ পাছতো অতুল বৰাই এতিয়াহে সাহায্য দিবলৈ সময় পালে নেকি বুলি স্থানীয় লোকে প্ৰশ্ন কৰে ৷

ঘটনাৰ সময়ত বিভিন্ন জনে সমগ্ৰ ঘটনাটোক ম’বাইলেৰে আৱদ্ধও কৰে ৷

বিগত সময়চোৱাত বোকাখাতৰ মাজ মজিয়াত বুধেশ্বৰী পেগু, মাইটি পেগু, মমিতা দলে আৰু মুনু ডেকাৰ দৰে কেইবাগৰাকী মহিলাৰ হত্যাকাণ্ডৰ বিচাৰ, মাটিৰ পট্টা দিম বুলি দিয়া প্ৰতিশ্ৰুতিৰ উপৰিও লকডাউনৰ মাজত ৰাইজৰ সাহায্যাৰ্থে অহা কাজিৰঙা সমবায় সমিতিৰ ৯০০ কুইণ্টল চাউল হৰলুকিৰ বিচাৰ আদিৰ প্ৰশ্নৰে মন্ত্ৰী অতুল বৰা থকা সৰকা কৰে স্থানীয় লোকে ৷

এই প্ৰশ্ন সমুহৰ সঠিক উত্তৰ পালেহে অতুল বৰাক বালিজানত সাহায্য বিতৰণ কৰিবলৈ দিয়া হব বুলি ৰাইজে জনাই দিয়ে ৷

উপায়হীন হৈ মন্ত্ৰী অতুল বৰাই উক্ত স্থানৰ পৰা আঁতৰি যাবলৈ লওঁতেই একাংশ লোকে সমগ্ৰ ঘটনা ম’বাইলেৰে ভিডিঅ’ কৰিবলৈ লোৱাত মন্ত্ৰীৰ দেহৰক্ষীয়ে বাধা প্ৰদান কৰে ৷

ইয়াৰ বাবে উপস্থিত লোকসকল অধিক ক্ষুভিত হৈ পৰে ৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত মন্ত্ৰী অতুল বৰাই ঘটনাস্থলীৰ পৰা আঁতৰি যাবলৈ বাধ্য হয় ৷

ইপিনে, ১৫ জুনৰ এই ঘটনাৰ সন্দৰ্ভত প্ৰকাশ কৰা এক বিবৃতিত অতুল বৰা সাংঘাতকভাৱে হতাশগ্ৰস্ত হৈ ৰাইজৰ সন্মুখত মূৰ থিয় কৰি কথা কোৱাৰ নৈতিক সাহস হেৰুৱাইছে বুলি মন্তব্য কৰিছে জীপাল কৃষক-শ্ৰমিক সংঘৰ সম্পাদক প্ৰবীণ পেগু আৰু জিলা সমন্বয়ক মনিকংকনা বৰবৰাই ৷

বিবৃতিটোৰ মতে মন্ত্ৰী অতুল বৰাই ইতিমধ্যে ভৰিৰ তলৰ মাটি হেৰুৱাইছে ৷ যাৰ বাবে সাহায্য বিতৰণৰ সময়তো পুলিচ চিপাহীৰ আৱেষ্টনিৰ সহায় ল’ব লগা হৈছে ৷ ১৫ জুনত বালিজানৰ পৰা বিমুখ হৈ তেওঁ উভতিব লগা হ’ল ৷

বিবৃতিৰ জড়িয়তে জীপাল কৃষক-শ্ৰমিক সংঘই অতুল বৰাক সকীয়াই দি এনে পুলিচৰাজেৰে আৰু গুণ্ডাগিৰিৰে জনতাৰ কেমেৰা কাঢ়িলৈ প্ৰকৃত তথ্য গাপ দিয়াৰ ফেচিষ্ট-স্বেচ্ছাস্বাৰী শাসনেৰে সৰ্বসাধাৰণক ভাবুকি দিয়াৰ অপচেষ্টা নকৰিবলৈ দাবী জনায় ৷

উল্লেখ্য যে লকডাউনৰ পটভুমিত আগন্তুক নিৰ্বাচনত নিজৰ স্থিতি সৱল কৰাৰ বাবেই সমষ্টিৰ ৬০ হেজাৰ পৰিয়ালৰ মাজত বিগত সময়চোৱাত খাদ্য সামগ্ৰী বিতৰণ কৰি ফুৰিছে কৃষিমন্ত্ৰ অতুল বৰাই ৷

এই কাৰ্যসুচীৰ অংশ হিচাবেই ১৫ জুনত খাদ্যসামগ্ৰী লৈ বালিজানলৈ  গৈছিল অতুল বৰা ৷

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd