২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত অনুষ্ঠিত হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে আজিৰে পৰা সক্ৰিয় কৰা হৈছে অনলাইন ব্যৱস্থা।
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দেওবাৰে এই কথা ঘোষণা কৰি কয় যে আজিৰে পৰা নিয়মীয়া, বেটাৰমেণ্টকে ধৰি বিশেষ বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সংসদে মুকলি কৰা ৱেবছাইটলৈ গৈ অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব।
অনলাইন প্ৰ-পত্ৰ পূৰণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে https://www.ahsec.nic.in/c.nic.in/ ৱেবছাইট ছাৰ্চ কৰিব লাগিব।
প্ৰ-পত্ৰ পূৰণৰ অন্তিম দিন হৈছে ৩০ নৱেম্বৰ।৩০ নৱেম্বৰৰ বিয়লি ৫ বজা পৰ্যন্ত প্ৰ-পত্ৰ পূৰণ কৰিব পৰা যাব।
উল্লেখ্য ৮ অক্টোৱৰৰ দিনা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই বুলি ঘোষণা কৰিছিল যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত অনুষ্ঠিত কৰা হ’ব।