• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিডৰ ডেল্টা প্লাছ ষ্ট্ৰেইন ৰুধিবলৈ দুটা ভেকচিনৰ মিশ্ৰণ ঘটোৱাৰ পোষকতা এইমছৰ সঞ্চালকৰ

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2021 2:48 pm
covid-vaccine-mixing
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে কালান্ত ৰূপ ধাৰণ কৰা কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছে যেন প্ৰচলিত কোনো ভেকচিনকেই কেৰেপ নকৰে। ভাইৰাছবিধৰ নতুন প্ৰজাতি ডেল্টা প্লাছক ৰুধিবলৈ এতিয়াৰ ভেকচিন সমূহ কিমান কাৰ্যকৰী হ’ব তাকে লৈয়ো সন্দেহৰ সৃষ্টি হৈছে।

এতিয়ালৈকে বিশ্বৰ ৮৫ খন দেশত ভাইৰাছবিধৰ নতুন প্ৰজাতি ডেল্টা প্লাছৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। কোভিডৰ তৃতীয় ঢৌৰ সময়তো ভাৰতত ভাইৰাছবিধৰ নতুন প্ৰজাতি ডেল্টা প্লাছ মহা বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে।
দেশত এতিয়ালৈকে ডেল্টা প্লাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪০ জনৰো অধিক হৈছে।

Apply Now

ইয়াৰ ভিতৰত ২১ জন আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।জম্মু, পাঞ্জাৱ, তামিলনাডু, কেৰালা মধ্যপ্ৰদেশ আদি ৰাজ্যতো ডেল্টা প্লাছত বহু লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

উল্লেখ্য কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছক আনকি কোনো ভেকচিনৰ জৰিয়তে বাধা দিব নোৱাৰি।

সেয়ে এই প্ৰজাতি বিধৰ সংক্ৰমণে এতিয়া চিন্তিত কৰি তুলিছে দেশ-বিদেশৰ স্বাস্থ্য বিজ্ঞানীসকলৰ লগতে চৰকাৰকো। ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কোভাক্সিন আৰু কোভিশ্বিল্ড উভয় ভেকচিনেই কোভিডৰ ডেল্টা প্লাছ প্ৰজাতিক বাধা দিব পাৰে বুলি কৈছে যদিও সেয়া কিমান শুদ্ধ সেয়া সময়েহে ক’ব।

৬ ৰ পৰা ৮ সপ্তাহৰ ভিতৰতে দেশত আৰম্ভ হৈ যাব কোভিডৰ তৃতীয়টো ঢৌ। এই ভয়াৱহ তথ্য দিছে নতুন দিল্লীৰ এইমছৰ মুৰব্বী ডাঃৰণদীপ গুলেৰিয়াই।

গুলেৰিয়াই কয় যে দেশৰ গৰিষ্ঠসংখ্যক লোকক ভেকচিন প্ৰদান কৰাটো এতিয়া এক ডাঙৰ প্ৰত্যাহ্বান স্বৰূপে থিয় দিছে। কোভিশ্বিল্ড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত মাজত ৰখা ব্যৱধানে বহুতকে ৰোগ বিধৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয় যে কোভিডৰ ডেল্টা প্লাছ প্ৰজাতিক বাধা দিবলৈ দুটা ভেকচিন মিশ্ৰণ কৰি প্ৰয়োগ কৰিলে সুফল পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে দুটা ভেকচিনৰ মিশ্ৰণ ঘটাই প্ৰয়োগ কৰিলে পাৰ্শ্বক্ৰিয়া কিছু বেছি হ’ব পাৰে বুলিও তেওঁ কয়। দুটা ভেকচিনৰ মিশ্ৰণে কোভিডৰ ডেল্টা প্লাছ প্ৰজাতিক বাধা দিবলৈ দেহত অধিক পৰিমাণে এণ্টিবডিৰ সৃষ্টি কৰিব পাৰিব বুলিও তেওঁ মন্তব্য কৰে।

ক’ৰ’না ভাইৰাছে সততে ইয়াৰ চৰিত্ৰ সলনি কৰিছে বুলি মন্তব্য কৰি গুলেৰিয়াই কয় যে ইয়াৰ বাবে দেশেও কোভিডক ৰূধিবলৈ নতুন ভাবে প্ৰস্তুত হ’ব লাগিব।উল্লেখ্য অতিমাৰী কোভিডৰ সংহাৰত বিধ্বস্ত হৈ পৰিছে ভাৰত। এনে সময়তে ডেল্টা প্লাছে নতুন বিপদ মাতিছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd