NORTHEAST NOW (Assamese)

কেৰালাত আজৱ ঘটনা! মলদ্বাৰত প্ৰায় ১ কেজি সোণ লুকুৱাই নিয়া অৱস্থাত গ্ৰেপ্তাৰ এয়াৰ হোষ্টেছ

May 31, 2024 8:20 pm · নৰ্থ ইষ্ট নাও অসমীয়া

কেৰালাত সংঘটিত হৈছে এক আশ্চৰ্যকৰ ঘটনা৷ শুকুৰবাৰে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এক সূত্ৰই জনোৱা মতে, কেৰালাৰ কান্নুৰ বিমানবন্দৰত সোণ সৰবৰাহ কৰি মলদ্বাৰত লুকুৱাই ৰখাৰ অভিযোগত এগৰাকী এয়াৰ হোষ্টেছক গ্ৰেপ্তাৰ কৰা হৈছে।

সুৰভি খাতুন নামৰ এয়াৰ হোষ্টেছগৰাকীয়ে মলদ্বাৰত প্ৰায় ৯৬০ গ্ৰাম সোণ লুকুৱাই ৰাখিছিল।এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানত কাম কৰা সুৰভি ২৮ মে’ত মাস্কাটৰ পৰা কান্নুৰত অৱতৰণ কৰা বিমানখনৰ কেবিন ক্ৰু মেম্বাৰ আছিল।

কান্নুৰ বিমানবন্দৰত ডি আৰ আইৰ বিষয়াসকলে জব্দ কৰে সোণখিনি। পাছত সুৰভি খাতুনক দণ্ডাধীশৰ আগত হাজিৰ কৰোৱা হয় আৰু ১৪ দিনৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।খবৰ অনুসৰি সুৰভি খাতুনে পূৰ্বেও কেইবাবাৰো সোণৰ সৰবৰাহ কৰিছিল।

Related News