• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

বিমান সেৱিকাক নিৰ্যাতন চলোৱাৰ অপৰাধত এগৰাকী ভাৰতীয় যুৱকক কঠোৰ শাস্তি প্ৰদান কৰিছে ছিংগাপুৰৰ এখন আদালতে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 9:13 pm
363
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিমান সেৱিকাক নিৰ্যাতন চলোৱাৰ অপৰাধত এগৰাকী ভাৰতীয় যুৱকক কঠোৰ শাস্তি প্ৰদান কৰিছে ছিংগাপুৰৰ এখন আদালতে। দোষী যুৱকজনক ছয় মাহৰ কাৰাদণ্ডৰ লগতে প্ৰায় এক লাখ টকাৰ জৰিমনাও বিহা হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত সমগ্ৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে তেওঁক দোষী সাব্যস্ত কৰি এই শাস্তি শুনায়।

জানিব পৰা মতে, দোষী যুৱকজনৰ নাম আকাশ তিৱাৰী। তেওঁৰ বিৰুদ্ধে এগৰাকী বিমান সেৱিকাক নিৰ্যাতন চলোৱাৰ লগতে ভাবুকি দি মানসিক কষ্ট আৰু অস্বস্তি প্ৰদান কৰাৰ অভিযোগ আছিল। আদালতৰ তথ্য অনুসৰি, যোৱা ফেব্ৰুৱাৰী মাহত ছিংগাপুৰৰ এখন আভ্যন্তৰীণ বিমানত এই লজ্জাজনক ঘটনা সংঘটিত হৈছিল। অৱশ্যে নিৰ্যাতিতা গৰাকীৰ নাম আৰু নিৰ্দিষ্ট বিমানখনৰ সবিশেষ তথ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা হোৱা নাই।

Apply Now

শুনানিৰ সময়ত প্ৰকাশ পায় যে আকাশে তেওঁৰ চাৰিজন বন্ধুৰ সৈতে যাত্ৰী হিচাপে বিমানখনত উঠিছিল। সমগ্ৰ যাত্ৰাপথত তেওঁলোকে অতি বিশৃংখল আচৰণ কৰিছিল। বিমানৰ আন কৰ্মীসকলে লক্ষ্য কৰিছিল যে মহিলা কৰ্মীসকল যেতিয়াই সেইখাদিয়ে পাৰ হৈ গৈছিল, তেতিয়াই তেওঁলোকে হাত জোকাৰিছিল আৰু অশালীন ভংগীমাৰে হাঁহিছিল। প্ৰথমটো ঘটনা সংঘটিত হৈছিল বিমানখন আকাশলৈ উৰা মৰাৰ আগতেই। সেই সময়ত আকাশে কথা পাতি থকাৰ চলেৰে বিমান সেৱিকাগৰাকীৰ উৰুৰ ওপৰৰ অংশত স্পৰ্শ কৰিছিল। স্বাভাৱিকতেই এনে আচৰণত যুৱতীগৰাকী হতভম্ব হৈ পৰিছিল। কিন্তু আকাশ আৰু তেওঁৰ সংগীসকলে নিজৰ ভুল স্বীকাৰ কৰাৰ সলনি এই কাৰ্যত হাঁহিবলৈ ধৰে।

ইয়াৰ পিছত একেখন বিমানতে আন এটা ঘটনা সংঘটিত হয়। যুৱতীগৰাকীয়ে যাত্ৰীসকলক খাদ্য পৰিৱেশন কৰা গাড়ীখন ঠেলি নি থকা অৱস্থাত আকাশে ইচ্ছাকৃতভাৱে নিজৰ আসনৰ পৰা হাউলি পুনৰ আপত্তিজনকভাৱে তেওঁক স্পৰ্শ কৰে। সেই সময়তে যুৱকজনৰ এজন বন্ধুৱে হাঁহি হাঁহি কয় যে তেওঁ সুৰাপান কৰি এই কাণ্ড চাই আনন্দ লব বিচাৰে। ইয়াৰ পিছতে যুৱতীগৰাকীয়ে প্ৰধান বিমান সেৱিকাগৰাকীৰ ওচৰত সমগ্ৰ ঘটনাৰ অভিযোগ দাখিল কৰে। প্ৰধান সেৱিকাগৰাকীয়ে আকাশক এই বিষয়ে সোধাপোচা কৰোঁতেও যুৱকজনৰ মনত কোনো ধৰণৰ অনুশোচনা দেখা পোৱা নগৈছিল। সকলো প্ৰমাণ আৰু সাক্ষীৰ ভিত্তিত অৱশেষত আদালতে তেওঁক দোষী সাব্যস্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd