নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে প্ৰাক্তন আই পি এছ বিষয়া অজিত ডোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) আৰু প্ৰাক্তন আই এ এছ বিষয়া ড° পিকে মিশ্ৰক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে পুনৰ নিযুক্তি দিয়ে।
চৰকাৰী আদেশত কোৱা হৈছে যে দুয়োগৰাকী বিষয়াৰ নিযুক্তি প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালৰ সৈতে বা পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত বাহাল থাকিব।
এপইণ্টমেণ্টছ কমিটিয়ে জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে ১০.০৬.২০২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ আই পি এছ (অৱসৰপ্ৰাপ্ত) অজিত ডোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তিৰ বাবে অনুমোদন জনাইছে।
১৯৬৮ চনৰ বেচৰ আই পি এছ বিষয়া ডোভালক প্ৰথমবাৰৰ বাবে ২০১৪ চনৰ ৩১ মে’ত প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছিল।এন এছ এ হিচাপে অজিত ডোভালে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ (এন এছ চি) নেতৃত্ব দিব, যাৰ প্ৰধান ভূমিকা হ’ল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত বিষয়সমূহত প্ৰধানমন্ত্ৰীক পৰামৰ্শ দিয়া।
কাৰ্যকালৰ সময়ছোৱাত ডোভালক কেবিনেট মন্ত্ৰীৰ পদবী প্ৰদান কৰা হ’ব আৰু নিযুক্তিৰ চৰ্তসমূহ পৃথকে অৱগত কৰা হ’ব।১৯৪৫ চনৰ ২০ জানুৱাৰীত উত্তৰাখণ্ডৰ পৌৰী গড়ৱালত জন্মগ্ৰহণ কৰা ডোভালে ১৯৬৮ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে আৰু বিশিষ্ট সেৱাৰ বাবে ১৯৮৮ চনত কীৰ্তি চক্ৰ লাভ কৰে।ইয়াৰ উপৰিও ডোভাল আছিল ভাৰতীয় আৰক্ষীৰ পদক লাভ কৰা আটাইতকৈ কম বয়সীয়া বিষয়া।
উল্লেখযোগ্য যে ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে এন এছ এৰ পদটো সৃষ্টি হৈছিল যেতিয়া দেশত দ্বিতীয়বাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা কৰা হৈছিল