আগন্তুক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা বৃহস্পতিবাৰে সন্ধিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে।
৮১ নং শদিয়া বিধান সভা সমষ্টিৰ পৰা অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাক প্ৰক্ষেপ কৰাৰ বিপৰীতে শেহতীয়াকৈ দলত যোগদান কৰা শৈক্ষিক প্ৰশাসক কুংকি চৌধুৰীয়ে ৩৬ নং মধ্য গুৱাহাটী সমষ্টিৰ (গুৱাহাটী চেন্ট্ৰেল)পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।
জগদীশ ভূঞা সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ মঞ্চৰ পৰা জাতীয় জীৱনলৈ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা অসম চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা।
অসম গণ পৰিষদ (অগপ)ৰ পৰা ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰি তেওঁ শদিয়াৰ বিধায়ক হিচাপে দুটা কাৰ্যকাল (১৯৯৬–২০০৬) কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰত পৰ্যটন মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল (১৯৯৮–২০০১)।
ভূঞাই ২০১৫ চনত বিজেপিত যোগদান কৰি ২০১৯ চনলৈকে অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি নাগৰিকত্ব (সংশোধনী) আইনৰ প্ৰতিবাদত ২০১৯ চনৰ ডিচেম্বৰ মাহত বিজেপি আৰু সকলো চৰকাৰী পদৰ পৰা পদত্যাগ কৰে। পৰৱৰ্তী সময়ত তেওঁ আঞ্চলিক স্বাৰ্থক সুৰক্ষিত কৰিবলৈ লুৰীণজ্যোতি গগৈৰ সৈতে সহ-প্ৰতিষ্ঠাপক হিচাপে অসম জাতীয় পৰিষদ (এজেপি) প্ৰতিষ্ঠা কৰে।
গুৱাহাটীস্থিত কুংকি চৌধুৰী শৈক্ষিক প্ৰশাসনৰ সৈতে জড়িত পৰিচিত মুখ। এন এম আই এম এছ (মুম্বাই) আৰু ইউ চি এল (লণ্ডন)ত শিক্ষা লাভ কৰা শ্ৰীমন্ত শংকৰ একাডেমী (এছ এছ এ) ছ’চাইটিৰ সৈতে জড়িত আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (জি চি ইউ)কে ধৰি ইয়াৰ সংযুক্ত প্ৰতিষ্ঠানসমূহত একাধিক ভূমিকা পালন কৰে।
জিচিইউত তেওঁ গভৰ্নিং ব’ডিৰ সদস্য হিচাপে থকাৰ লগতে ব’ৰ্ড অৱ মেনেজমেণ্টৰো অংশ। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়খনৰ একাডেমিক কাউন্সিলত এছ এছ এ ছ’চাইটিক প্ৰতিনিধিত্ব কৰি শৈক্ষিক আৰু প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
প্ৰাৰ্থীত্ব ঘোষণাৰ পিছতে কুংকি চৌধুৰীয়ে এজেপি নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে।
তেওঁ কয়, ‘’অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে সকলো বিষয়ববীয়াই মোৰ ওপৰত বিশ্বাস আৰু আস্থা ৰখাৰ বাবে আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই মধ্য গুৱাহাটী সমষ্টিবাসীৰ উন্নয়ন আৰু কল্যাণৰ বাবে কাম কৰিবলৈ সম্পূৰ্ণভাৱে সমৰ্পিত।‘’
ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশ হিচাপে থকা এজেপিয়ে মধ্য গুৱাহাটীক এক গুৰুত্বপূৰ্ণ আসন হিচাপে গণ্য কৰি গুৰুত্বপূৰ্ণ নগৰীয়া সমষ্টিসমূহত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ লক্ষ্য লৈছে।
ইয়াৰ পূৰ্বে মঙলবাৰে খানাপাৰাৰ গ্ৰীণউড ৰিজ’ৰ্টত সংবাদমেলৰ সময়ত দলটোৱে প্ৰথমখন মনোনীত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল।
প্ৰাৰম্ভিক ঘোষণাত আঠটা সমষ্টি সামৰি লোৱা হৈছিল- খোৱাঙৰ পৰা লুৰিনজ্যোতি গগৈ, বঢ়মপুৰৰ পৰা ৰাজেন গোহাঁই, মৰিগাঁৱৰ পৰা বাণী কান্ত দাস, পলাশবাৰীৰ পৰা পংকজ লোচন গোস্বামী, বজালীৰ পৰা দিলীপ বৰুৱা, সৰুপথাৰৰ পৰা জীবন চুতীয়া, ডিব্ৰুগড়ৰ পৰা মাইনাক পাত্ৰ আৰু বিন্নকান্দিৰ পৰা আলহাজ ৰেজাউল কৰিম চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।
এই ঘোষণা আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে অজাপৰ প্ৰস্তুতিৰ অংশ আৰু দলটোৱে গুৰুত্বপূৰ্ণ সমষ্টিসমূহত নিজৰ উপস্থিতি অধিক শক্তিশালী কৰাৰ বাবে কাম কৰি আছে।





