• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাজু সংবিধান-পতাকা; তীব্ৰ প্ৰত্যাহ্বানৰে ২১’ৰ নিৰ্বাচনলৈ সাজু অসম জাতীয় পৰিষদ

কি আছে সংবিধানৰ খচৰাত, কিয় AJP ৰ পতাকাৰ ৰং হ’ল এইটো? জানিবলৈ পঢ়ক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 4, 2020 3:39 pm
AJP FINAL
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংবিধানৰ খচৰা আৰু পতাকাৰে সাজু হৈ উঠিছে নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ।

আজি দলটোৱে নিজৰ পতাকা আৰু সংবিধানৰ খচৰা ৰাজহুৱা কৰে।

Apply Now

হোটেল প্ৰাগ কন্টিনেন্টেলত পৰামৰ্শদাতা কমিটিৰ মুখ্য আহ্বায়কদ্বয় ক্ৰমে ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য্য আৰু ড০ বসন্ত ডেকাই সংবিধানৰ খচৰা আৰু পতাকা ৰাজহুৱা কৰে।

সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য বাখ্যা কৰি ড০ কৃষ্ণ গোপাল ভট্টাচাৰ্য্যই কয়, ‘সংবিধানৰ প্ৰস্তাৱনাত লিপিবদ্ধ থকা দেশৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক কাঠামো শক্তিশালী কৰিবলৈ অসম জাতীয় পৰিষদে অসম আৰু ইয়াৰ সমূহ খিলঞ্জীয়া জনসাধাৰণৰ সামাজিক-সাংস্কৃতিক পৰিচয় ৰক্ষা কৰিবলৈ কাম কৰিব।‘

‘অসমত বসবাস কৰা যিসকল লোক দেশৰ নাগৰিক তেওঁলোকৰ সমহাৰত উন্নয়ন আৰু অগ্ৰগতিৰ বাবে দলে কাম কৰিব। খিলঞ্জীয়াৰ মাটিৰ ওপৰত অধিকাৰ ৰক্ষা কৰিবলৈ দল প্ৰতিশ্ৰুতিবদ্ধ যাতে ভৱিষ্যতে তাৰ পৰাই জনসাধাৰণৰ আৰ্থিক স্বচ্ছলতা আহিব পাৰে।‘ অন্যতম লক্ষ্য উদ্দেশ্য বাখ্যা কৰি ভট্টাচাৰ্য্যই এইদৰে কয়।

ইয়াৰোপৰি অন্য এক লক্ষ্য উদ্দেশ্য বাখ্যা কৰি ভট্টাচাৰ্য্যই এইদৰে কয়, ‘অবৈধ প্ৰব্ৰজনেৰে ৰাজ্যখনৰ জনগাঁথনিৰ পৰিৱৰ্তন আনিব খোজা প্ৰচেষ্টাত বাধা দিবলৈ ৰাজ্যখনৰ আন্তৰ্জাতিক সীমাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দলে আত্ম নিয়োগ কৰিব। ওচৰ চুবুৰীয়া ৰাজ্যসমূহ আৰু সেইবোৰ ৰাজ্যৰ জনসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু অৰ্থবহ সম্পৰ্ক গঢ়ি তুলি দলে দেশৰ একতা আৰু অখণ্ডতা শক্তিশালী কৰিব।‘

‘প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰত ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে দলে কাম কৰিব। প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় তথা গৱেষণা পৰ্য্যায়লৈকে শিক্ষা ব্যৱস্থাটোৰ উন্নয়নৰ বাবে দলে কাম কৰিব।‘ ভট্টাচাৰ্য্যই লগতে কয়।

তদুপৰি, অন্য কেইটামান লক্ষ্য আৰু উদ্দেশ্য বাখ্যা কৰি ভট্টাচাৰ্য্যই কয়, ‘ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ অসমত বসবাস কৰা সমূহ জনগোষ্ঠীৰ মাজত এক সহৃদয়তা আৰু বুজাপৰাৰ পৰিৱেশৰ বাবে একেলগে কাম কৰিব যাতে শান্তি আৰু একতাৰে বন্ধা এখন সমাজ গঢ়ি উঠে। ৰাজ্যখনৰ জনসাধাৰণৰ মাজত মুল্যবোধভিত্তিক, নৈতিক, আধুনিক আৰু বিজ্ঞানসন্মত মনোভাৱ গঢ়ি তোলাৰ বাবে দলে কাম কৰিব।‘

তেওঁ আৰু কয়, ‘নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ বাবে দলে কাম কৰিব আৰু শিশু আৰু মহিলাৰ সবলীকৰণ তথা অধিকাৰসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিব। যিকোনোধৰণৰ হিংসাক প্ৰশ্ৰয় দিয়া, উচটনি দিয়া অথবা অংশগ্ৰহণ কৰাৰ পৰা দল আঁতৰি থাকিব। সকলোবোৰ সাংবিধানিক সংস্থাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাকে ধৰি দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোত দলে অংশগ্ৰহণ কৰিব।‘

আনহাতে, অন্য এগৰাকী মুখ্য আহ্বায়ক ড০ বসন্ত ডেকাই সংবাদ মাধ্যমৰ আগত কয়, ‘ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ প্ৰথম বৈঠকত দল সঞ্চালন সমিতি এগৰাকী সভাপতি আৰু নগৰাকী সদস্যৰে গঠন কৰা হ’ব। সদস্যকেইগৰাকী বিভিন্ন বিষয়ত অভিজ্ঞ হ’ব লাগিব। দলৰ যিকোনো পৰ্য্যায়ৰ কাৰ্য্যনিৰ্বাহকৰ তেখেতসকল সদস্য হ’ব নালাগিব আৰু বিভিন্ন বিষয়ত তেখেতসকল প্ৰখ্যাত হ’ব লাগিব।‘

তদুপৰি, এই সঞ্চালন কমিটিয়ে দলৰ নীতি স্থিৰ কৰিব আৰু দল তথা চৰকাৰ হ’লে চৰকাৰৰ কাম-কাজ পৰ্য্যবেক্ষণ কৰিব বুলি তেওঁ জনায়।

ইপিনে, পতাকাখনৰ ৰঙ বা আৰ্হি কিয় এনে হ’ল বুলি তেওঁক সোধাত তেওঁ কয়, ‘নীলা ৰঙ আশা, জ্ঞানবৰ্দ্ধন আৰু সৃজনীমূলক ভাবধাৰাৰ প্ৰতীক। ই আকাশৰ গভীৰতা আৰু মহাসাগৰৰ ব্যাপ্তিৰ দৰে গভীৰতা আৰু ব্যাপ্তিও বুজায়। ৰঙা ৰং ত্যাগ আৰু সাহসৰ মূৰ্ত প্ৰতীক। ই শৌৰ্য্য, অগ্নি, আনন্দ আৰু প্ৰেমৰো অন্য ৰূপ। বগা ৰঙটো সকলো ৰঙৰ সমাহাৰ। ঢৌখিনিয়ে অসমৰ জীৱনৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ বৈশিষ্টতা বুজায়। ৰঙা বৃত্তটোত দলীয় প্ৰতীক থাকিব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd