• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ দুটা সমষ্টিত মনোনয়ন দাখিল; দুয়োটা সমষ্টিতে জয়ী হোৱাৰ দাবী

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
March 8, 2021 5:58 pm
Screenshot_20210308-165841~2
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সমৰ্থকৰ বিশাল সমদলেৰে সোমবাৰে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত জিলা নিৰ্বাচন বিষয়াৰ হাতত দুয়োটা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে।

সমৰ্থকসকলে হাতে হাতে প’ষ্টাৰ আৰু দলৰ পতাকা লৈ ‘অসম জাতীয় পৰিষদ জিন্দাবাদ’, ‘লুৰীণজ্যোতি গগৈ জিন্দাবাদ’ ধ্বনিৰে আকাশ বতাহ উত্তাল কৰি তোলে।

Apply Now

উল্লেখ্য যে অজাপৰ সভাপতি গৰাকীয়ে ডিব্ৰুগড় জিলাৰ দুলিয়াজান আৰু নাহৰকটীয়া বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

মনোনয়ন পত্ৰ দাখিল কৰি অজাপৰ সভাপতিগৰাকীয়ে দুয়োটা সমষ্টিতে বিপুল পৰিমাণৰ ভোটৰ ব্যৱধানত বিজয়ী হ’ম বুলি সংবাদ মাধ্যমৰ আগত দৃঢ়তাৰ দাবী কৰে।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় “এইবাৰ আঞ্চলিক শক্তি জয়ী হ’ব আৰু বিজেপি চৰকাৰক উৎখাত কৰি আঞ্চলিক দলসমূহে অসমত চৰকাৰ গঠন কৰিব। সাম্প্ৰদায়িক ৰাজনীতিৰ বাবেই বিজেপি চৰকাৰক এইবাৰ জনসাধাৰণে ক্ষমতাচ্যুৎ কৰিব।”

“ৰাইজে মোক দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাতো বিচাৰিছে। জন্মলগ্নৰে পৰা দলটোৱে অসমৰ ৰাইজৰ মৰম স্নেহ লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল আঞ্চলিকতাবাদেহে অসমৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰিব।” লুৰীণজ্যোতি গগৈয়ে লগতে কয়।

আনহাতে দুয়োটা সমষ্টিত কেবাজনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেও তেওঁকে ৰাইজে বিধানসভালৈ নিৰ্বাচিত কৰি পঠাব বুলি দাবী কৰিছে লুৰীণজ্যোতি গগৈয়ে।

ইফালে দুলিয়াজানৰ বৰ্তমানৰ বিজেপি বিধায়ক তথা প্ৰাৰ্থী তেৰশ গোৱালাইয়ো জিলা নিৰ্বাচন বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে।

“মোৰ সমষ্টিত ময়ে জয়ী হ’ম। কাৰণ মোৰ সমষ্টিত কোনো শক্তিশালী বিৰোধী প্ৰাৰ্থী নাই।” তেৰশ গোৱালাই কয়।

অভীক চক্ৰৱৰ্তী

অভীক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd