• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিৰাজুদ্দিন-বদৰুদ্দিনৰ প্ৰতিকৃতি দাহ, ক্ষমা খোজাৰ দাবী অসম জাতীয় পৰিষদৰ

ডিঙিত গামোচালৈ ফুৰা আজমল বাহিনী অসমীয়া বিদ্বেষী: অজাপ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
April 1, 2022 7:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া ভাষাক অপমান কৰা এ আই ইউ ডি এফ দলৰ বিধায়ক ছিৰাজুদ্দিন আজমল আৰু দলটোৰ সভাপতি বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰি শুকুৰবাৰে অসম জাতীয় পৰিষদ দলে আজমল বাহিনীৰ সাম্প্ৰদায়িক আৰু অসমীয়া বিদ্বেষী ৰাজনীতিৰ তীব্ৰ প্ৰতিবাদ কৰে৷

গুৱাহাটীৰ জুৰোড স্থিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সন্মুখত বিয়লি শতাধিক দলীয় কৰ্মী সমবেত হৈ ‘বদৰুদ্দিন আজমল মুৰ্দাবাদ’, ‘ছিৰাজুদ্দিন আজমল মুৰ্দাবাদ’, ‘অসমত সাম্প্ৰদায়িক ৰাজনীতি নচলিব’, ‘অসমত অসমীয়া বিদ্বেষ নচলিব’, ‘অসমত অসমীয়া ভাষা কবই লাগিব’, ‘এ আই ইউ ডি এফ বিজেপিৰ দালাল’ আদি শ্লোগান দিয়ে৷

Apply Now

বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ পক্ষ্ত ভোট দিয়া এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমল আৰু তেওঁৰ ভাতৃ তথা বিধায়ক ছিৰাজুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰি জাতীয় পৰিষদৰ প্ৰতিবাদকাৰীসকলে পৰিস্থিতি উত্তাল কৰি তোলে৷

প্ৰতিবাদস্থলীত দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে কয়, “বদৰুদ্দিন আজমলৰ ভাতৃ তথা বিধায়ক ছিৰাজুদ্দিন আজমলে আজি দুপৰীয়া অসম বিধানসভাৰ বাহিৰত সাংবাদিকসকলৰ আগত অসমীয়া ভাষাত কথা কবলৈ অস্বীকাৰ কৰে৷তেওঁ কয় যে তেওঁ ইন্টাৰনেচনেল মানুহ, গতিকে তেওঁ ইন্টাৰনেচনেল ভাষাত কথা কব৷ ইন্টাৰনেচনেল মানুহৰ অসমত কি কাম? তেওঁ ইন্টাৰনেচনেল ভাষাত কথা কওক, তাত আপত্তি কৰিবলগীয়া নাই৷ কিন্তু তেওঁ অসমীয়া ভাষা কেইজনে জানে বুলি কিয় কব? তেওঁ নিজেই দেখোন লোকপিয়লত নিজৰ মাতৃভাষা অসমীয়া বুলি লিখায়৷

তেওঁৰ ভাতৃ বদৰুদ্দিন আজমলে নিজকে এজন শ্ৰেষ্ঠ অসমীয়া বুলি দাবী কৰে, ডিঙিত গামোচা লৈ ফুৰে৷ গতিকে অসমীয়াত কথা নকওঁ আৰু অসমীয়া কেইজনে কয় বুলি কৈ ছিৰাজুদ্দিন আজমলে নিজৰ মন-মানসিকতাৰ আচল স্বৰূপ উদঙাই দিলে৷ উক্ত বক্তব্যৰে তেওঁ অসমীয়া ভাষা আৰু জাতিক অপমান কৰিলে৷

এনে কাৰ্য সহ্য কৰা নহ’ব৷’ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলটোৰ বিজেপিৰ সৈতে থকা গোপন বুজাবুজি কালি ৰাজ্যসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফ বিধায়কে বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ জৰিয়তে উন্মোচিত হ’ল বুলি মত প্ৰকাশ কৰি ৰহমানে কয় যে বিজেপিৰ ‘এক দেশ এক ধৰ্ম এক ভাষা’ নীতিৰ অংশ স্বৰূপে বিজেপিয়ে অসমীয়া ভাষাক হত্যা কৰাৰ হকে কাম কৰি থকাৰ ষড়যন্ত্ৰ ইতিমধ্যেই ফাদিল হৈছে৷ বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমলৰ উক্ত অসমীয়া-বিদ্বেষী বক্তব্য বিজেপিৰ ষড়যন্ত্ৰৰে অংশবিশেষ বুলি ৰহমানে মত প্ৰকাশ কৰে৷

ছিৰাজুদ্দিন আজমলে অসমীয়া ভাষা আৰু জাতিক অপমান কৰা কাৰ্যৰ বাবে অসমীয়া জাতিৰ ওচৰত ৰাজহুৱা ক্ষমা খোজাৰো দাবী উত্থাপন কৰে জাতীয় পৰিষদৰ মুখপাত্ৰগৰাকীয়ে৷

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd