• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিপদে লগ নেৰা হৈছে মহন্ত পৰিয়ালয়ক : উপাচাৰ্য পদৰ পৰা পদত্যাগ কৰিবলৈ ননী গোপাল মহন্তক পত্ৰ দিলে যুৱ ছাত্ৰ পৰিষদে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2025 5:59 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপদে যেন লগ নেৰা হৈছে শিৱসাগৰৰ কোঁৱৰপুৰৰ বিখ্যাত মহন্ত পৰিয়ালৰ। শ্যামকানু মহন্তৰ পিছত এইবাৰ ৰাইজৰ ৰোষত পৰিছে শ্যামকানু মহন্তৰ ভাতৃ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননী গোপাল মহন্ত।

ননী গোপাল মহন্তৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ দুৰ্নীতিৰ অভিযোগ। বিশ্ববিদ্যালয়ত বিত্তীয় অনিয়ম, স্বজন তোষণ, পুঁজিৰ অপব্যৱহাৰৰ দৰে বহু অভিযোগ উত্থাপন হৈছে মহন্তৰ বিৰুদ্ধে।

Apply Now

ইফালে, এই অভিযোগ মিছা বুলি প্ৰমাণ কৰি দেখুওৱাৰ বিপৰীতে অভিযোগ উত্থাপন কৰা লোকৰ বিৰুদ্ধে মানহানি গোচৰ তৰাৰহে ভাবুকি দিছে উপাচাৰ্যগৰাকীয়ে।

এনে প্ৰেক্ষাপটত ননী গোপাল মহন্তক উপাচাৰ্য পদৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ দি হাতে হাতে পত্ৰ প্ৰেৰণ কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।

পত্ৰখনত লিখিছে, “অভিনন্দন গ্রহণ কৰিব। ইয়াৰ দ্বাৰা আপোনাক জনাওঁ যে শেহতীয়াভাবে বিভিন্ন পক্ষৰ তৰফৰ পৰা বিভিন্ন ৰাজহুৱা মাধ্যমত আপোনাৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে ক্ষমতাৰ অপব্যৱহাৰ, নিবিদা আহ্বান নকৰি অনৈতিকভাবে ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি নির্মাণ, বিশ্ববিদ্যালয়ৰ বিভিন্ন শিতানত ব্যাপক বিত্তীয় অনিয়ম, স্বজনতোষণ আৰু দুর্নীতিৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে।”

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে লগতে পত্ৰখনত লিখিছে, “আপোনাৰ বিৰুদ্ধে ৰাজহুৱাকৈ কোনো পক্ষই যদি ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে, তেনেহলে আপুনি তেনে পক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাৰ আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে। কিন্তু কেৱল মানহানি গোচৰ দিয়াটোৱেই আপোনাৰ শেষ দায়িত্ব হব নোৱাৰে। প্ৰতিটো অভিযোগ ৰাজহুৱাকৈ তথ্য আৰু প্রমাণ সহকাৰে নস্যাৎ কৰাটোও আপোনাৰ নৈতিক কৰ্তব্য আৰু দায়িত্ব। তাৎপর্যপূর্ণ বিষয়টো হ’ল যে আপুনি আপোনাৰ বিৰুদ্ধে উত্থাপিত উপৰোক্ত ভয়াবহ দুর্নীতি আৰু স্বজনতোষণৰ অভিযোগ সমূহ অদ্যপি যুক্তিনিষ্ঠ আৰু প্ৰমাণ সহকাৰে খণ্ডন কৰিব পৰা নাই অথবা আপোনাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা বা ভিত্তিহীন বুলি প্ৰমাণ কৰিবলৈ আপুনি নিৰপেক্ষ তদন্তৰ আহ্বান জনোৱা নাই। অভিযোগ নস্যাৎ কৰিবলৈ তথ্য প্রমাণ দি ৰাইজক আশ্বস্ত কৰিবলৈ সামান্যতম চেষ্টা কৰাও আমাৰ দৃষ্টিগোচৰ হোৱা নাই। ইয়াৰ পৰিবৰ্তে আপুনি অভিযোগ উত্থাপনকাৰীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিবলৈ আইনগত ব্যবস্থা গ্রহণ কৰাৰ ভাবুকি দি দায়িত্ব সামৰিছে। সেয়া দৰাচলতে মুখ বন্ধ কৰাৰ এক কৌশল বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ।”

শেষত পত্ৰখনত লিখিছে, “ মহাশয়, আপুনি ক্ষমতাশালী লোক, সেয়া সর্বজনবিদিত। কিন্তু আইনী ব্যৱস্থা গ্ৰহণৰ ভাবুকি দি মুখ বন্ধ কৰাৰ ভাবুকি দিয়াতকৈ অসমৰ ৰাইজে ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সমূহৰ সঠিক তদন্তৰে প্ৰকৃত সত্য উদ্‌ঘাটন হোৱাটো কামনা কৰে। গতিকে অসমৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ ওচৰত দায়বদ্ধ এক সংগঠন হিচাপে আমি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আপোনাৰ বিৰুদ্ধে উত্থাপিত ভয়াবহ দুর্নীতি আৰু স্বজনতোষণৰ অভিযোগ সমূহৰ প্ৰকৃত সত্য উন্মোচনৰ বাবে আপুনি সমগ্র বিষয়টোৰ নিৰপেক্ষ তদন্ত আহ্বান কৰি তদন্ত প্রক্রিয়া সম্পূর্ণ নোহোৱা পর্যন্ত নৈতিক দায়িত্ব পালন কৰি উপাচার্য পদৰ পৰা অব্যাহতি গ্রহণ কৰিবলৈ দাবী জনালোঁ। আশা কৰোঁ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সোণসেৰীয়া ইতিহাস আৰু বিদ্যায়তনিক দিশৰ গৰিমা ৰক্ষাৰ স্বার্থত বিষয়টোত গুৰুত্ব প্রদান কৰি আৰু নৈতিকতাৰ ওচৰত শিৰনত কৰি কাৰ্যকৰী পদক্ষেপ গ্রহণ কৰিব।”

এই চিঠিখনৰ পিছতেই এতিয়া পোহৰলৈ আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ত ননী গোপাল মহন্তৰ দুৰ্নীতিৰ অভিযোগৰ কথা। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আৰু অসমৰ সচেতন ৰাইজে উপাচাৰ্য পদৰ পৰা ননী গোপাল মহন্তৰ অব্যাহতিৰ লগতে বিচাৰিছে এক নিৰপেক্ষ তদন্ত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd