বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত কাৰ্য্যসূচীত আজি বাধা প্ৰদান কৰে জিলা প্ৰশাসন আৰু আৰক্ষীয়ে।
‘কা’ বাতিল আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত বিশ্বনাথত যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদলৰ কালত আজি সন্ধিয়া আৰক্ষী প্ৰশাসনে বাধা প্ৰদানৰ পিছত উত্তাল হৈ পৰে বিশ্বনাথ।
উল্লেখ যোগ্য যে, বিশ্বনাথ জিলা দণ্ডাধীশে ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জোৰ সমদল উলিওৱাত নিষেধাজ্ঞাৰ জাৰি কৰাৰ আলম লৈ প্ৰতিবাদকাৰী সকলক আৱদ্ধ কৰে বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে।
জোৰ সমদল উলিওৱাত আৰক্ষীৰ বাধা দিয়াক লৈ তৰ্ক-বিতৰ্কত লিপ্ত হয় দুয়ো পক্ষ।
আৰক্ষীৰ প্ৰবল বাধাৰ পিছত সেও নমনা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰি থানাত আৱদ্ধ কৰি ৰাখে।
গণতান্ত্ৰিক আন্দোলনকাৰীক এনেদৰে আৰক্ষী-জিলা প্ৰশাসনে বাধাৰ দিয়া কাৰ্যক ধিক্কাৰ দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা জিতু শৰ্মাই ।
তদুপৰি চৰকাৰৰ এনে দমন নীতিক ফেচিষ্ট আখ্যা দিছে যুৱ ছাত্ৰ পৰিষদে।
এই সময়ছোৱাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বহু কেইটা জাতীয় সংগঠনে সহযোগ কৰে।