• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজেন গোহাঁইক গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ; মহিলাগৰাকীৰ পৰিয়ালক নিৰাপত্তাৰক্ষী প্ৰদান কৰাৰো দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 11, 2018 11:18 pm
Akhil Gogoi Vs Rajen Gohain
96
VIEWS
Share on FacebookShare on Twitter

এগৰাকী বিবাহিতা মহিলাক ধৰ্ষণ চলোৱা বুলি নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু হোৱা ৰেইল মন্ত্ৰী ৰাজেন গোহাঁইক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় অখিল গগৈয়ে। শণিবাৰে গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এক সংবাদমেলত সম্বোধন কৰি গগৈয়ে এই দাবী জনায়।

আনহাতে, গোচৰীয়া মহিলাগৰাকীয়ে তেওঁ দাখিল কৰা আভিযোগ উঠাই লৈছে বুলি একাংশ মাধ্যমত ওলাই থকা খবৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দিলে সাধাৰণ মানুহে গোচৰ উঠাই ল’বলৈ বাধ্য, মহিলাগৰাকীয়ে বাধ্যত পৰি গোচৰটো উঠাই লৈছে।’

‘ময়ো যদি নগাঁৱত গোচৰ ৰুজু কৰিবলৈ যাওঁ মোকো গুণ্ডা বাহিনী লগাই হত্যা কৰি পেলাব বা গাড়ী দুৰ্ঘটনা কৰি মাৰি পেলাব পাৰে।’ তেওঁ কয়।

গতিকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়টোত হস্তক্ষেপ কৰি সমগ্ৰ বিষয়টোৰ বিশেষ তদন্তৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনোৱাৰ উপৰিও ৰাজ্যৰ গৃহ মন্ত্ৰী হিচাপে সোণোৱালক উক্ত পৰিয়ালটোক নিৰাপত্তাৰক্ষী প্ৰদান কৰিবৰ বাবে কৃষক নেতাগৰাকীয়ে দাবী কৰে।

তেওঁ লগতে কয়, ‘মন্ত্ৰীগৰাকী যিহেতু সাংবিধানিক পদত আছে, সেয়েহে আদালতে নিজাববীয়াকৈ গোচৰ লৈ গোটেই বিষয়টো আদালতৰ নিৰীক্ষণত চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।’

আনহাতে, এজন মন্ত্ৰীৰ বিৰুদ্ধে এগৰাকী সাধাৰণ মহিলাই ধৰ্ষণৰ গোচৰ দিয়াটোৱেই বহুত কঠিন কাম বুলিও সংবাদমেলত গগৈয়ে কয়।

উল্লেখযোগ্য যে, কালিও সংবাদ মাধ্যমৰ আগত কৃষক নেতাগৰাকীয়ে ৰাজেন গোহাঁইৰ বিৰুদ্ধে এই অভিযোগটো উঠাৰ লগে লগেই তেওঁক সকলোধৰণৰ ৰাজহুৱা পদৰ পৰা পদত্যাগ কৰিবৰ বাবে দাবী জনাইছিল।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd