• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

বিধানসভাত সম্পত্তিৰ হিচাপ বিচাৰি প্ৰত্যাহ্বান ৰাইজৰ দলৰ সভাপতিগৰাকীৰ, শিল্পী গ্ৰেপ্তাৰক লৈ চৰকাৰক সমালোচনা

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 19, 2026 9:40 pm
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে তেওঁৰ পত্নীৰ নামত বৃহৎ পৰিমাণৰ সম্পত্তি আৰু ভূমি ক্ৰয় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সংবাদমেলত চৰকাৰী তথ্যৰ উদ্ধৃতি দি গগৈয়ে দাবী কৰে যে ২০২১ চনৰ পৰা ২০২৬ চনৰ ভিতৰত মন্ত্ৰীগৰাকীয়ে পত্নী জুলি ডেকা বৰুৱাৰ নামত ৪২ বিঘা মাটি আৰু কেইবা কোটি টকা মূল্যৰ অট্টালিকা ক্ৰয় কৰিছে।

 

Apply Now

সংবাদমেলত বিধায়কগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১১ চনৰ নিৰ্বাচনী আয়োগত দাখিল কৰা শপতনামা মতে জুলি ডেকা বৰুৱাৰ বাৰ্ষিক আয় আছিল মাত্ৰ ২.১৮ লাখ টকা অৰ্থাৎ মাহিলী প্ৰায় ১৮ হাজাৰ টকা। ২০২১ চনলৈকে তেওঁৰ নামত এক কঠাও কৃষিভূমি নাছিল আৰু নলবাৰীত মাত্ৰ ১ বিঘা ১ কঠা অনাকৃষি ভূমিহে আছিল। গগৈৰ অভিযোগ মতে, ২০২১ চনত জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী হোৱাৰ পাছৰে পৰা তেওঁৰ পত্নীৰ নামত ২০২৩ চনৰ ১২ এপ্ৰিলত গণেশগুৰিত ১৩ হাজাৰ বৰ্গফুটৰ এটা চাৰিমহলীয়া অট্টালিকা ক্ৰয় কৰা হয়, য’ত হোটেল আৰু কেএফচি চলি আছে। ইয়াৰ উপৰি ২০২৩ চনৰ ২৫ মে’ত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপৰ পুনিয়নিত ৩৬ বিঘা ১ কঠা ভূমি আৰু ২০২৫ চনৰ এপ্ৰিলৰ পৰা ডিচেম্বৰৰ ভিতৰত উত্তৰ গুৱাহাটীৰ সেন্দুৰীঘোপা গাঁৱত ৬ বিঘা ২ কঠা ৭ লেচা মাটি ক্ৰয় কৰা হৈছে। শেহতীয়াকৈ ২০২৬ চনৰ ৬ জুন তাৰিখে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ সেন্দুৰীঘোপাত প্ৰায় ১০ কোটি টকা বজাৰ মূল্যৰ মাটি পুনৰ পত্নীৰ নামত নামজাৰি কৰা হৈছে বুলিও গগৈয়ে উল্লেখ কৰে।

 

আনহাতে, কাজিৰঙা অৰ্কিড পাৰ্কে জিএছটি ফাঁকি দিয়া বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে ইয়াক এক ৰাজনৈতিক ঘটনা বুলি অভিহিত কৰে। তেওঁ অভিযোগ কৰে যে চৰকাৰে ৰাইজৰ দল আৰু তেওঁক ভয় কৰে বাবেই এনেধৰণৰ মানসিক হেঁচা প্ৰয়োগ কৰি অপ্ৰাসংগিক কৰিব বিচাৰিছে। এই প্ৰসংগতে গগৈয়ে মন্ত্ৰী বৰুৱাক বিধানসভাত নিজৰ আৰু পৰিয়ালৰ সম্পত্তিৰ উৎস সন্দৰ্ভত বিতৰ্কত অৱতীৰ্ণ হ’বলৈ মুকলি প্ৰত্যাহ্বান জনায়।

 

সংবাদমেলত বিধায়কগৰাকীয়ে গুৱাহাটীৰ বশিষ্ঠ উৰণীয়া সেতুত ছোনম ৱাংচুকৰ ছবি অংকন কৰা দুজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাকো তীব্ৰ গৰিহণা দিয়ে। ডিব্ৰুগড়ৰ নকুল মিলি আৰু গুৱাহাটীৰ গৌৰৱ সিংহ নামৰ যুৱক দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰশাসনে ছবিখন মচি পেলোৱা কাৰ্যই চৰকাৰৰ শিল্পী আৰু প্ৰতিবাদলৈ থকা ভয়কে প্ৰতিফলিত কৰিছে বুলি তেওঁ মন্তব্য কৰে। নিট পৰীক্ষাৰ বিসংগতিৰ প্ৰতিবাদত দিল্লীৰ যন্তৰ মন্তৰত অনশনৰত ৱাংচুকৰ ছবি অঁকাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ পূৰ্বে জুবিন গাৰ্গৰ ছবি অঁকা শিল্পীক দিয়া ভাবুকি আৰু মাৰ্চেল বৰুৱাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়াৰ প্ৰসংগও উত্থাপন কৰে।

 

ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে তথ্যসহকাৰে উত্থাপন কৰা এই বিত্তীয় বিসংগতি আৰু সম্পত্তি আহৰণৰ গুৰুতৰ অভিযোগসমূহ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বা চৰকাৰৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই। অখিল গগৈয়ে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ কৰি বিধানসভাত এই সম্পত্তি সন্দৰ্ভত চৰকাৰী পক্ষই বিতৰ্কৰ আয়োজন কৰিব নে নাই, সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ’ব।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd