• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ হিন্দু সন্ত্ৰাসবাদীৰ তথ্য আৰক্ষীক দিব অখিল গগৈয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2018 11:19 pm
AkhilGogoi

অখিল গগৈ। ফাইল ছবি।

914
VIEWS
Share on FacebookShare on Twitter

শনিবাৰৰ দিনটোত গুৱাহাটীত অনুষ্ঠিত দুখনকৈ গুৰুত্বপূৰ্ণ সংবাদমেলৰ পিছত প্ৰশ্ন উঠিছে হিন্দু সন্ত্ৰাসবাদীৰ তথ্য অসম আৰক্ষীক দিব নেকি অখিল গগৈয়ে?

হিজবুল মুজাহিদিনৰ সৈতে সম্পৰ্ক থকা অসমৰ কেইজনমান যুৱকক শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰসংগত অখিল গগৈয়ে সংবাদমেলত কৰা মন্তব্যৰ পিছতে আন এখন সংবাদমেলত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই কৃষক মুক্তিৰ নেতাজনক জনোৱা আহ্বানৰ ফলতে উদয় হৈছে এই প্ৰশ্নৰ।

‘ইছলামিক সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন’ কৰাৰ লগতে ‘শেহতীয়াকৈ আৰ এচ এচৰ প্ৰভাৱত’ ‘গা কৰি উঠা’ ‘হিন্দু সন্ত্ৰাসবাদী সংগঠনসমূহক’ ‘পুলিয়ে পোখাই উভালি পেলাবৰ বাবে আহ্বান’ জনাইছিল অখিল গগৈয়ে।

‘ইছলামিক সন্ত্ৰাসবাদীক চৰকাৰে কঠোৰ হাতেৰে দমন কৰিব লাগে। শেহতীয়াকৈ আৰএছএছৰ প্ৰভাৱত হিন্দু সন্ত্ৰাসবাদী সংগঠনবিলাকে গা কৰি উঠিছে। আৰ এছ এছৰ প্ৰভাৱত গঢ় লৈ উঠা সংগঠনসমূহক পুলিয়ে পোখাই উভালি পেলাবৰ বাবে আহ্বান জনাইছো,’ এয়া আছিল অখিল গগৈৰ অসম আৰক্ষীৰ প্ৰতি আহ্বান।

অখিল গগৈৰ মন্তব্যৰ প্ৰতি সঁহাৰিৰূপে অসমত ‘হিন্দু উগ্ৰবাদী’ গা কৰি উঠাৰ তথ্য থাকিলে আৰক্ষীক যোগান ধৰাৰ বাবে শীৰ্ষ আৰক্ষী বিষয়া ভট্টাচাৰ্য্যই আহ্বান জনাইছিল।

‘তেওঁৰ হাতত যদি তথ্য আছে, তেন্তে আমাৰ সৈতে যোগাযোগ কৰিব লাগে। তেওঁ আহক আৰু তেওঁৰ হাতত যি-যি তথ্য পাতি আছে, আমাক যোগান ধৰক,’ এয়া আছিল আৰক্ষী বিষয়া ভট্টাচাৰ্য্যৰ আহ্বান।

ভট্টাচাৰ্য্যই লগতে কয়, ‘হিন্দু উগ্ৰবাদী সংগঠনো যদি গা কৰি উঠে, তেন্তে আমি তেওঁলোকৰ ওপৰতো চোকা দৃষ্টি ৰাখিম।’

আৰক্ষী বিষয়াগৰাকীৰ এই আহ্বানৰ ফলত ‘ধৰ্মীয় মৌলবাদী’ খেলৰ বলটো এতিয়া আহি অখিল গগৈৰ ক’ৰ্টত পৰিছে।

বিশেষ শাখাৰ বিষয়াজনৰ এই আহ্বানৰ পিছত কৃষক নেতাজনৰ সঁহাৰি লক্ষণীয় হ’ব।

অখিল গগৈয়ে পূৰ্বে আৰ এচ এচৰ কেন্দ্ৰত কিশোৰী-যুৱতীক বন্দুক চালনাৰ প্ৰশিক্ষণ দিয়াক লৈ আপত্তি কৰি তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল।

Recent News

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd